গাইৰ জাত নির্বাচনৰ ওপৰত গাখীৰ উৎপাদন প্রক্রিয়াটো সাধাৰণতে নিৰ্ভৰ কৰে যদিও বহু সময়ত প্রতিপালন প্রক্রিয়া ত্ৰুটীপূর্ণ হোৱা বাবে গাখীৰ উৎপাদন হ্রাস পায়। এজনী গাইৰ পৰা অধিক উৎপাদন পাবলৈ হ’লে গাইজনীৰ গাভিনী অৱস্থাৰ পৰাই প্রতিপালন ব্যৱস্থাত গুৰুত্ব দিব লাগিব।
গাভিনী হোৱাৰ পাছৰে পৰা গাইজনীক বিশেষ প্রতিপালনৰ আৱশ্যকতা আহি পৰে। এজনী গাই জগিবলৈ ২৮০ দিনৰ আবশ্যক হয়। কিছু ক্ষেত্ৰত গৰ্ভধাৰণৰ দিন ২৭০ ৰ পৰা ২৯০ দিন পর্যন্ত হ'ব পাৰে। প্রতিজন গো-পালকে সেয়েহে গাইজনীক কৃত্রিম প্রজনন বা পালত দিয়া তাৰিখটো এখন বহীত টুকি ৰখাটো অতীব প্রয়োজন। পালিত দিয়া বা কৃত্রিম প্রজনন কৰোবাৰ ৬০ দিন পাছতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাই গৰ্ভধাৰণ নিশ্চিত কৰিব লাগে। গর্ভধাৰণ নিশ্চিত হোৱাৰ পাছত গাইজনীৰ বিশেষ তদাৰকৰ প্রয়োজন আহি পৰে।
গৰ্ভধাৰণৰ ৬ মাহৰ পাছৰ পৰাই অতিৰিক্ত আবেদন ২ কেজি সংমিশ্ৰিত দানা আৰু প্ৰচুৰ পৰিমাণৰ সেউজীয়া কেঁচা ঘাঁহ খুৱাব লাগে। বিশেষ মন কৰিব লগা কথা হ’ল গৰ্ভধাৰণৰ কালছোৱাত গাইজনী বিভিন্ন ধৰণৰ পেলুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাবনা থাকে। কিছুমান পেলু গর্ভস্থ পোৱালিটোলৈও সংক্ৰমিত হ'ব পাৰে। গতিকে, গর্ভধাৰণৰ কালছোৱাত গাইজনীক পেলুৰ ঔষধ খুওৱাৰ আৱশ্যকতা আহি পৰে। অৱশ্যে গাভিনী অবস্থাত সকলো ধৰণৰ পেলুৰ ঔষধ গাইক খুৱাব পৰা নাযায়; তদুপৰি গৰ্ভধাৰণৰ প্রথম আৰু শেষৰ ৩ মাহ পেলুৰ ঔষধ সাধাৰণতে নিদিয়া ভাল। চিকিৎসকৰ পৰামর্শ অনুযায়ীহে পেলুৰ ঔষধ ব্যৱহাৰ কৰিব লাগে।
গাভিনী গাই ৰখা গোহালি ঘৰটোৰ মজিয়াখন পিচল নোহোৱা দৰ্কাৰ যিহেতু মজিয়াখন পিচল হ’লে গাইজনী পৰি ভৰিৰ গাঁঠি এৰাই যোৱা, ভৰিৰ হাড় ভগা আদিৰ সম্ভাৱনা থাকে।
গাইজনীক সংমিশ্রিত দানা, ঘাঁহ আদি দিয়াৰ উপৰি খাদ্যৰ লগত মিনাৰেল মিক্সাৰ, ভিটামিন আদি দিয়া প্ৰয়োজন। মিনালফৰ্ট, ‘মন, গোৱালা, এগ্ৰিমিন আদি মিনাৰেল মিক্সাৰ, এলভাইট এম, চাপ্লিভিট-এম আদি ভিটামিন বজাৰত পোৱা যায়। গৰ্ভধাৰণৰ শেষৰছোৱাত দ্রুতগতিত বাঢ়ি অহা গৰ্ভস্থ পোৱালিটোৱেও শৰীৰৰ বৃদ্ধিৰ বাবে মাকৰ পৰাই আহাৰ গ্রহণ কৰে। সেয়েহে এই সময়ছোৱাত অতিৰিক্ত সুষম সংমিশ্রিত দানাৰ আৰু কেঁচা ঘাঁহৰ প্রয়োজন আহি পৰে। তদুপৰি অধিক গাখীৰ দিয়া গাইগৰুৰ তেজত কেলচিয়াম, মেগনেচিয়াম আদি খনিজ লৱণসমূহ গৰ্ভস্থ পোৱালিৰ বাবেও প্রয়োজন হোৱাত আৰু জন্মৰ পাছত ফেঁহুৰ লগত এনে খনিজ লৱণসমূহ নিৰ্গত হোৱাত গাইজনীৰ শৰীৰত এনে খনিজ লৱণৰ মাত্রা হঠাতে কমি গৈ মিলক্ ফিভাৰ নামৰ ৰোগৰ সৃষ্টি হয়। সময়ত উপযুক্ত চিকিৎসা নল’লে এনে ৰোগত গাইজনীৰ মৃত্যু পর্যন্ত হ'ব পাৰে। সেয়েহে গৰ্ভধাৰণৰ কালছোৱাত গাইজনীক কেলচিয়ামযুক্ত ঔষধ খুৱাব লাগে। তদুপৰি, চিকিৎসকৰ পৰামর্শ অনুযায়ী গৰ্ভধাৰণৰ শেষৰ ৩ মাহ মাহেকত ১ টাকৈ কেলচিয়াম বৰ'গ্লুক’নেটৰ বটল সিৰা অভ্যন্তৰণ প্রথাৰে দিয়ালে বেছি সুফল পোৱা যায়। পোৱালি জন্ম হোৱাৰ প্রায় ৬০ দিন মান আগতেই গাইজনীৰ গাখীৰ খীণোৱা বন্ধ কৰিব লাগে।
সাধাৰণতে ১ বা ২ ঘণ্টাৰ ভিতৰতে পোৱালিটো ভূমিষ্ঠ হ’ব লাগে। যদি কিবা কাৰণত ৪ ঘণ্টা বা তাতোকৈ বেছি সময় লয় তেতিয়া বিলম্ব নকৰি চিকিৎসকলৰ ওচৰ চপা উচিত।
পোৱালি ভূমিষ্ঠ হোৱাৰ পাছত গাইজনীৰ যোনিদ্ধাৰ, তপিনা, নেজ আদিৰ পিছৰ অংশ পৰিষ্কাৰ কুহুমীয়া গৰম পানীত অলপ পটাছ মিহলি কৰি বা নিমপাতৰ পানীৰে ভালদৰে ধুই পেলাব লাগে। গাইজনীক অতিপাত ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ জুইৰ ব্যৱস্থা কৰা প্রয়োজন। পোৱালি জন্ম হোৱাৰ পাছতে গাইজনীক অতিপাত ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ জুইৰ ব্যৱস্থা কৰা প্রয়োজন। পোৱালি জন্ম হোৱাৰ পাছতে গাইজনীক অতিপাত ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ জুইৰ ব্যৱস্থা কৰা প্রয়োজন। পোৱালি জন্ম হোৱাৰ পাছতে গাইজনীক অলপ গৰম পানী বা গুৰৰ চৰ্ব্বত খুৱাব লাগে। সাধাৰণতে জগাৰ ২-৪ ঘণ্টাৰ পাছতে গাইজনীৰ জল সৰিব লাগে। যদি ৮ ঘণ্টাৰ পাছতো জল সৰাৰ কোনো লক্ষণ নেদেখুৱায় তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন। জল সৰাৰ পাছতে ততালিকে আঁতৰত পুতি পেলাব লাগে। কোনো পৰিস্থিতিতে গাইজনীক জল খাবলৈ দিব নালাগে, যিহেতু জল খালে গাখীৰ উৎপাদন ক্ষমতা হ্রাস পায়।
পোৱালি জন্ম হোৱাৰ অতি কমেও ৬০ দিন বাদ দিহে দ্বিতীয় কৃত্রিম প্রজনন বা পালত দিব লাগে। সাধাৰণতে ৯০ দিনৰ ভিতৰত কৰালে দানা আদি খাবলৈ নিদি অলপ অলপকৈ দি ক্ৰমান্বয়ে বঢ়াই যাব লাগে। দানাৰ লগতে কিছু পৰিমাণে কেঁচা ঘাঁহ, খেৰ আনি দিব লাগে। খীৰতী গাইক প্ৰচুৰ পৰিমাণত কেঁচা ঘাঁহৰ যোগান ধৰা উচিত। এজন পূৰ্ণবয়স্ক গাইক দিনে ৩০-৪০ কিল'গ্ৰাম ঘাঁহৰ প্রয়োজন। কেঁচা ঘাঁহৰ উপৰি ৩-৪ কিল’গ্ৰাম খেৰৰ প্ৰয়োজন হয়। তেতিয়া খেৰখিনি সৰু সৰুকৈ কাটি গুৰ মিহলোৱা পানী ওপৰত ছটিয়াই সেমেকাই লৈ খুৱাব পাৰি। গাখীৰতী গাভিনী গাইক পর্যাপ্ত পৰিমাণে পৰিষ্কাৰ পানী খাবলৈ দিব লাগে। আমাৰ গো-পালকসকলে এই দিশটো প্রায়েই উপেক্ষা কৰা দেখা যায়। পোনপটীয়া ৰ’দৰ পোহৰ গাইৰ ওপৰত পৰাটো ভাল নহয়, গতিকে গাইগৰুসমূহক পোনপটীয়াকৈ ৰ’দ পৰাৰ পৰা আঁতৰাই ৰাখিব লাগে। গাই শব্দসমূহক ওকণি, চিকৰা, মহ, মাখি আদি বহিঃপৰজীৱী প্রাণীসমূহৰ পৰা ৰক্ষা কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে। মন কৰিব লগা কথা হ’ল যে গাখীৰতী গাইৰ বা কেতিয়াবা গাভিনী অবস্থাৰ গাইৰ কিছু কাৰণত ওহাৰ ফুলা বেমাৰ হয়। উপযুক্ত সময়ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে গাইজনীয়ে সম্পূৰ্ণৰূপে গাখীৰ দিয়াৰ ক্ষমতা হেৰুৱাই পেলাব পাৰে। সেয়েহে গাভিনী অৱস্থাতেই হওক বা গাখীৰ দি থকা অবস্থাতেই হওক, ওহাৰত কিবা বিসংগতি দেখিলে ততালিকে চিকিৎসকৰ পৰামর্শ লোৱা প্রয়োজন।
গাখীৰতী আৰু গাভিনী গাইৰ বাবে সুষম দানাৰ দুখন তালিকা-
তালিকা নং ১ |
|
মাকৈৰ গুড়ি |
৪২ কিল’গ্রাম |
চাউলৰ মল |
৩০ কিল'গ্ৰাম |
খলিহে |
২৫ কিল’গ্ৰাম |
মিনাৰেল মিক্সাৰ |
২ কিল’গ্ৰাম |
নিমখ |
১ কিল’গ্রাম |
মুঠ |
১০০ কিল’গ্ৰাম |
তালিকা নং ২ |
|
মাকৈৰ গুড়ি |
৪২ কিল’গ্রাম |
চাপৰ |
৩০ কিল'গ্ৰাম |
খলিহে |
২৫ কিল’গ্ৰাম |
মিনাৰেল মিক্সাৰ |
২ কিল’গ্ৰাম |
নিমখ |
১ কিল’গ্রাম |
মুঠ |
১০০ কিল’গ্ৰাম |
উপৰিউক্ত দানাৰ সংমিশ্ৰণৰ যিকোনো এখন তালিকা গো-পালকজনে অনুসৰণ কৰিব পাৰে। ইয়াৰ লগত অৱশ্যে ভিটামিনৰ মিশ্ৰণ যেনে এলভাইট-এম, ছাপ্লিভাইট-এম আদি মিহলাই ল’লে ভাল।
লিখক: ডাঃ চন্দ্ৰ কুমাৰ সিংহ ডাঃ প্রবীণ কুমাৰ নেওগ, দৈনিক জনমভূমি
Share your comments