
সময়ৰ লগে লগে বিভিন্নক্ষেত্ৰলৈ ব্যাপক পৰিৱৰ্তন আহিছে। এইক্ষেত্ৰত মাছপালনৰ ক্ষেত্ৰখনো পিছ পৰি থকা নাই। বৰ্তমান সময়ত মাছ পুহিবৰ বাবে ডাঙৰ পুখুৰীৰ বাধ্যতামূলক নহয়। ব্ৰয়লা, গাহৰি পুহিবলৈ যিদৰে বহু ঠাইৰ প্ৰয়োজন নহয় নহয় মাছ পুহবলৈয়ো পুখুৰীৰ প্ৰয়োজন নহয়। এতিয়া আপুনি পুখুৰী নোহোৱাকৈ মাছ পুহিব পাৰে। আপুনি ঘৰৰ ভিতৰতো মাছ পালন কৰি স্বাৱলম্বণ হব পাৰে। কেৱল ঘৰৰ ভিতৰতেই নহয় ঘৰৰ ছাদত পানীৰ টেংকি সদৃশ টেংকি স্থাপন কৰি বা বাৰীৰ কোনোবা এডোখৰ ঠাইত পানীৰ টেংকি স্থাপন কৰি মাছ পুহিব পাৰে।
এই পদ্ধতিক কোৱা হয় বায়োফ্লক পদ্ধতি। অৰ্থাত যি বিশেষ ব্যৱস্থাত এটা সৰু এলেকাত বৃহৎ পৰিমাণৰ মাছৰ খেতি কৰা হয়। ইজৰাইলত হোৱা এই বায়োফ্লক পদ্ধতিয়ে বিশ্বৰ লগতে অসমতো বেছ জনপ্ৰিয়তা অৰ্জন কৰিছে। ই কম খৰচি। এই বায়োফ্লক পদ্ধতিত মাছ পালনেৰে নিবনুৱা যুৱকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। মাত্ৰ চাৰি মাহৰ ভিতৰতে এই পদ্ধতিৰে মাছ পুহি আপুনি বজাৰত এৰি দিব পাৰে।

এই পদ্ধতিত মাছ পুহিবৰ ভিয়েটনামী কাৱৈ মাছ বেছ উপযোগী যদিও থলুৱা মাছো এই পদ্ধতিৰে পালন কৰি যথেষ্ট সফল হৈছে অসমৰ মীন পালকসকল। বায়ফ্লক পদ্ধতিৰ মাছ পালন কৰি সফল হৈছে মৰিগাঁও জিলাৰ শিলপুখুৰী আদৰ্শগাঁওৰ ফাৰুক আন্দুল্লা নামৰ শিক্ষিত যুৱকজনে। ফাৰুকে নিজা বাসগৃহৰ এটা কোশৰ ভিতৰতে বায়োফ্লক পদ্ধতিৰে পালন কৰিছে ভিয়েটনামী কাৱৈ মাছ।
ফাৰুকে ৬ ফুট গোলাকাৰৰ এটা টেংকিড ভিয়েটনামী প্ৰজাতিৰ ৬০০ শ কাৱৈ মাছ বায়োফ্লক পদ্ধতিৰে মাছ পালন কৰি সফলতা লাভ কৰিছে। মাত্র ৩০ হাজাৰ টকা মূল ধনেৰে আৰম্ভ কৰিব পৰা উক্ত ভিয়েটনামী মৱৈ মাছ বজাৰত এৰি দিব পাৰিব মাত্র চাৰি মাহৰ পাছতে। তদৃপৰি বায়োফ্লক পদ্ধতিৰে মৎস্য পালন ক্ষেত্ৰত এজন মৎস্য পালকে ২৪ ঘণ্টাৰ ভিতৰত মাত্র ৩-৪ ঘণ্টা সময় শ্রমদান কৰিয়েই লাভাম্বিত হ'ব পাৰে ।

উল্লেখ্য য়ে ইজৰাইলত উদ্ভাৱন হোৱা বায়োফ্রক পদ্ধতিৰ জৰিয়তে ধনুৱা প্ৰজাতিৰ কাৱৈ , শিঙি মাগুৰ মাছৰ লগতে কচু , মিৰিকাৰো বাহুচন্দা আমি মাছ পালনেৰেও শিক্ষিত নিবনুৱাসকলে স্বাৱলম্বনৰ পথত অগ্ৰসৰ হ'বলৈ সক্ষম হব পাৰিব । মনকৰিব লগীয়া যে বহু মাছপালকে পুখুৰীৰ অভাৱত মাছ পালন কৰিব নোৱাৰে। কোনো মাছ পুহিলেও বাৰিষাৰ বাঢ়নী পানীত পুখুৰীসমূহ ডুব যায়। ফলত বৃহত লোকচানৰ সন্মুখীন হয় মীন পালকসকল। কিন্তু এই বায়োফ্লক পদ্ধতিত তেনে অসুবিধাসমূহে স্থান নাপায়। তদুপৰি গাঁৱৰ লগতে নগৰৰ লোকসকলেও ঘৰৰ ছাদত বায়োফ্লক পদ্ধতিৰে মাছ পুহি লাভাৱান্বিত হ’ব পাৰে।
Share your comments