এই গছ ৩০-৪০ ফুটমান ওখ আৰু ঠালঠেঙুলিৰে জোপোহা হৈ থাকে। এই গছ একে লগে কেইবাডালো হয়।
পুলিবোৰ ডাঙৰ হ’লে ২/৩ টা পুলি লগ হৈ এডাল গছৰ দৰে হোৱা দেখা যায়। সময়ে সময়ে ইয়াৰ সৰু ডাল শুকাই কাঁইটৰ দৰে হোৱাও দেখা যায়।
এনে কাঁইট থকাৰ বাবে ইয়াক মাছকাঁইটীয়া বুলিও কয়। ইয়াৰ চাল মসৃণ, গেৰুৱা, ধোঁৱা বৰণৰ হয়।
চাল শুকালে ভিতৰফাল ক’লা বা কজলা, বাহিৰ ফাল গেৰুৱা ৰঙৰ হোৱা দেখা যায়।
পাত সৰু সৰু ডালত তিনি-চাৰিটাকৈ দুই-তিনি ইঞ্চি আঁতৰে আঁতৰে চক্ৰাকাৰে ডালবোৰৰ গুৰিৰ পৰা আগলৈ থকা দেখা যায়।
ডাঙৰ জাতৰ পাত পাকৰি গছৰ পাতৰ দৰেই হয়। সৰু জাতৰ পাত ডাঙৰ জাতৰ দৰেই কিন্তু আকাৰত ডাঙৰ জাততকৈ সৰু।
ডাঙৰ জাতৰ পাত চাৰি-পাঁচ ইঞ্চি দীঘল, আঢ়ৈ-তিনি ইঞ্চিমান বহল হয়। পাতবোৰৰ আগ জোঙা হয়।
সৰু জাতৰ পাত দেখাত ডাঙৰ জাতৰ দৰেই কিন্তু আকাৰত সৰু দুই-তিনি ইঞ্চিমান দীঘল এক-ডেৰ ইঞ্চিমান বহল হয়। নতুন পাতবোৰ দেখিবলৈ ধুনীয়া।
নতুন পাতবোৰ দন্তুৰ(কোষ কটা) যেন দেখা যায়। চ’ত-বহাগ মাহত নতুন পাত ওলোৱাৰ পিছত কাতি-আঘোণ মাহত ইয়াৰ সৰু সৰু ফুল হয়।
তেতিয়া গছজোপা মনোমোহা হৈ উঠে। ফুল পাঁচপহীয়া বগা-নীলা। কোনো কোনো গছত বেঙুনীয়া গুচ্ছাকাৰ ফুল ফুলাও দেখা যায়। ইয়াৰ ফুল সুগন্ধী।
ফল কাচমনি বা পিতকচি(লাটকাৰি) ফলৰ দৰে হয়। পকিলে ক’লা হয়। ফলবোৰৰ ভিতৰত সৰু সৰু বহুতো গুটি হয়। ইয়াৰ মাত্ৰা ৫ গ্ৰাম।
সৰু জাতৰ গুণো ডাঙৰ জাতৰ দৰেই। বিশেষতঃ শৰীৰৰ ফুলা আদি ঠাইত লেপ দিয়া কাৰ্যত ব্যৱহাৰ কৰিলে বিশেষ ফল লাভ হয়। ইয়াৰো মাত্ৰা ৫ গ্ৰাম।
*বিষম(মেলেৰিয়া) জ্বৰত গণিয়াৰীৰ পাত দহটা, জালুক পাঁচটা, পঞ্চাছ গ্ৰাম পানীৰ লগত বটি চেকি ল’ব।
মাটিৰ মলা বা চৰু এটা গৰম কৰি ৰসখিনি ঢালি দিব। সামান্য গৰম থকাত ৰসখিনি খাব। নাইবা গণিয়াৰীৰ পাত পোন্ধৰটা, জালুক ৯ টা বটি বুটৰ সমান কৰি ৰাখিব।
জ্বৰ উঠাৰ তিনি ঘন্টা আগত কুহুমীয়া গৰম পানীৰ লগত খাব, এনেকৈ তিনি ঘন্টাৰ মূৰে মূৰে খালে উপকাৰ হয়।
*বসন্ত ৰোগত গণিয়াৰীৰ পাতৰ গুড়ি পঞ্চাছ গ্ৰাম পানীত তিয়াই থ’ব। ঠাণ্ডা হ’লে চেকি খাব। এনেকৈ কেইদিনমান খালে উপকাৰ পাব।
উক্ত প্ৰকাৰে পুৱা-গধূলি দুবাকৈ খোৱা উচিত।
*উপদাংশ(চিফিলিচ) গৰ্মী ৰোগত সৰু গণিয়াৰী পাতৰ ৰস দহ বা বিছ গ্ৰামকৈ পুৱা আৰু গধূলি দিনে দুবাৰকৈ কেইদিনমান খালে উপকাৰ পাব।
*ৰক্তহীনতা নিবাৰণৰ বাবে ইয়াৰ শিপাৰ চালৰ ক্কাথ মৌৰ লগত পঞ্চাছ গ্ৰামকৈ পুৱা আৰু আবেলি দুবাৰকৈ কেইদিনমান খালে উপকাৰ হয়।
*কষ্টাবৰ্তা(মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ) নিবাৰণৰ বাবে ডাঙৰ জাত গণিয়াৰীৰ পাত পঁচিছটা, কন্টিকাৰীৰ(হাতী খুতৰা) পত বিছটা, বিৰঙ্গ-কালজিৰা-মূলাৰ গুটি প্ৰত্যেকৰে দহ গ্ৰামকৈ লৈ সকলো থেতালি চাৰিশ গ্ৰাম পানীৰ লগত সিজাই এশ গ্ৰাম থকাত নমাই চেকি ল’ব।
ইয়াৰ লগত পুৰণি গুড় মিহলাই ঋতুৰ তিনি দিন আগৰ পৰা পুৱা আৰু গধূলি খালে ঋতু খোলোচা হ’ব।
ঋতু খোলোচা নোহোৱালৈকে উক্ত প্ৰকাৰে ঋতু হোৱাৰ সময়ত খাব।
*মেদ ৰোগত শৰীৰ অধিক স্থূল হ’লে গণিয়াৰীৰ শিপাৰ চাল আৰু কেন্দু গছৰ শিপাৰ চাল প্ৰত্যেকৰে দহ গ্ৰামকৈ লৈ থেতালি চাৰিশ গ্ৰাম পানীত সিজাই এশ গ্ৰাম পানী থকাত নমাই চেকি মৌৰ লগত পুৱা আৰু গাধূলি কিছুদিন খালে মেদ কমি যাব।
*গৰ্ভাশয় স্থানচ্যুত হ’লে ডাঙৰ জাত গণিয়াৰীৰ চালৰ ক্কাথ আৰু পাতৰ ৰসত মাজুফলৰ গুড়ি বটি শুকাব এনেকৈ সাতবাৰ কৰিব, পিছত বগৰীৰ সমান বড়ি কৰি শুকাই ৰাখিব।
এই বড়ি পুৱা বা গধূলি পানীৰ লগত খালে উপকাৰ হ’ব।
*স্বৰভংগ(মাত ভঙা) ৰোগত গণিয়াৰীৰ ফুলৰ গুড়ি পাঁচ গ্ৰাম কুহুমীয়া গৰম গাখীৰ এশ গ্ৰামৰ লগত পুৱা আৰু গধূলি দিনে দুবাৰকৈ খালে সাত দিনমানত উপকাৰ পাব।
*গৰ্ভাশয় শূল(গৰ্ভাশয়ত বায়ু প্ৰৱেশ কৰি বিষ হ’লে) গণিয়াৰীৰ পাতৰ ৰস উলিয়াই ৰ’দত দিব।
ৰস শুকাই গোট মাৰিলে বুটৰ সমান বড়ি কৰি শুকুৱাই ৰাখিব। এই বড়ি গৰ্ভাশয়ৰ মুখত ৰাখিলে উক্ত দোষ গুচিব।
*শৰীৰৰ ভিতৰত হোৱা নালী ঘা বা ব্ৰণ আদিত গণিয়াৰীৰ পাত তিনি ভাগ আৰু বুটৰ পাত এভাগ লৈ দুয়োকে বটি বড়িৰ দৰে কৰিব।
এই বঢ়ি ব্ৰণৰ ওপৰত লৈ আহত গছৰ পাত দি ঢাকি কাপোৰেৰে বান্ধি ৰাখিব।
এনেকৈ উক্ত ব্যৱস্থাৰে ব্যৱহাৰ কৰিলে ব্ৰণ পকি পূঁজ ওলাই শুকাই যায়।
গণিয়াৰী আয়ুৰ্বেদিক-
*দশমূলৰিষ্ট,
*চ্যৱন প্ৰাশ আদি ঔষধৰ অপৰিহাৰ্য উপাদান।
Share your comments