1. এগ্ৰিপেডিয়া

কৃষক সকলৰ FPO মানে কি? খেতিয়ক সকল ইয়াৰ পৰা কেনেদৰে লাভাৱান হব পাৰে? (What is FPO and how farmers Benefited by this program)

KJ Staff
KJ Staff

    যোৱা কেইমাহ মান আগতে কেন্দ্রীয় চৰকাৰে কৃষক উৎপাদক সংগঠন আঁচনি এখন শুভাৰম্ভণী কৰে৷ যদিওবা এই সংগঠন আগৰে পৰা আছিল বর্তমান এটা নতুন মাত্রা লাভ কৰিবলৈ সক্ষম হৈছে দেশৰ কৃষক সকলে আঁচনি খনৰ যোগেদি ৷ প্রধান মন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে এই আঁচনিৰ অধীনত প্রায় ১০০০০ হাজাৰ কৃষক উৎপাদক সংগঠন বা FPO সৃষ্টি কৰিব পৰবর্ত্তী পাঁচবছৰৰ ভিতৰত ৷ এতিয়া হয়তো আপোনালোকৰ মনত প্রশ্নৰ উদয় হৈছে যে এই FPO মানে কি? FPO মানে Fermers Production Organisation অর্থাৎ কৃষক সকলৰ পঞ্জীয়ন ভূক্ত এটা সংগঠিত অনুষ্ঠান।

কেনেকৈ FPO বনাব পাৰি

1. FPO এটাত অতিকমেও 10 জন খেতিয়ক 18 বছৰৰ উর্দ্ধৰ হোৱাটো বাধ্যতামূলক।

2. Board of Director 5 ৰপৰা 15 জন থাকিব পাৰে।

3. এটা EPO ত এজন মুখ্য কার্য্যাবাহী বিষয়া থাক যাক তিনি বছৰ পর্য্যন্ত NABARD ৰ পৰা বেতন দিয়া হয।

4. Board of Directorৰ পানকার্ড থকাটো বাধ্যতামূলক আৰু সদস্য পদৰ বাবে যিকোনো পৰিচয় পত্র জমা দিযা বাধ্যতামূলক ৷

   FPO ৰ সদস্য কৃষক সকলে বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্রী সমূহ বিক্রী কৰিব যাব নালাগে। বৰঞ্চ বেপাৰী খেতিয়কৰ ওচৰত উৎপাদিত সামগ্রী সমূহ নিবলৈ আহে। যাৰ ফলস্বৰূপে কৃষক সকলৰ মুনাফা দুগুনলৈ বৃদ্ধি পায় ৷ তেওঁলোকে মণ্ডী বা বজাৰ বিচাৰি হাবাথুৰি খাব নালাগে। বেপাৰী সমূহে সঠিক মুল্যত খেতিয়কৰ উৎপাদিত সামগ্রী সমূহ ক্রয় কৰি নিয়ে ৷ কোনো কোনো লোকৰ মতে FPOৰ পৰা সদস্য নোহোৱা খেতিয়কে যিমান লাভ পাব পাৰে তাতকৈ দুগুণ লাভ এই সংগঠনৰ সদস্য সকলে পাব পাৰে।

   তাৰোপৰি FPOৰ সদস্যভুক্ত কৃষক সকলে 5  লাখৰ পৰা 15 লাখ পৰ্য্যন্ত ঋণ লাভৰ সুবিধা পাব পাৰে NABARD ৰ ফালৰ পৰা ৷ NABARD য়ে FPO সকলক অর্থ নৈতিক দিশত সম্পূর্ণ ৰূপে সহযোগিতা আগবঢ়াই আছিছে। বর্তমান ভাৰতর্ষত 5000 তকৈ অধিক FPO আছে আৰু ইয়াৰ লাভালাভ সমূহ গ্রহণ কৰি আহিছে

অসমৰ দৰে অনগ্রসৰ ৰাজ্যত কৃষক সকলে ইয়াৰ বিষয়ে সম্পূর্ণ ৰূপে জ্ঞাত নহয় বা জানিবলৈ আগ্রহী নহয় ৷ কিন্তুু বর্তমান সময়ত আহি পৰা কিছুমান সমস্যা আৰু সময়ৰ লগত খোজ মিলাবলে FPO গঠন অসমৰ দৰে ঠাইত প্রয়োজন আহি পৰিছে। অবশ্যে নৱ যুৱ উদ্যমী খেতিয়ক সকলে লাহে লাহে আগ্রহী হৈ উঠিছে

   গতিকে ইযাৰ সহায়ত কিছুমান অনুন্নত অঞ্চল বা ৰাজ্যৰ নতুন দিগন্তৰ সূচনা হব বুলি আশা কৰিব পাৰি।

English Summary: What is FPO and how farmers Benefited by this program

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.