1. এগ্ৰিপেডিয়া

মীন পালনৰ বাবে পুখুৰীৰ জলজ অপতৃণৰ নিয়ন্ত্ৰণ কেনেকৈ কৰিব -

KJ Staff
KJ Staff
Fishery
Fishery

   পুখুৰীত বা যিকোনো জলাশয়ত স্বাভাৱিকতে কেতবোৰ অনাৱশ্যক উদ্ভিদ দেখা যায় | এইসমূহক মীনপালনৰ দৃষ্টিভংগীৰে পুখুৰীৰ উৎপাদকতাৰ দিশৰ পৰা জলজ অপতৃণ বোলা হয় | এইসমূহে পানীৰ ঢৌত ৰাসায়নিক গুণাগুণ বিনষ্ট কৰি মাছৰ প্ৰাকৃতিক খাদ্যৰ উপলভ্যতাত বাধাৰ সৃষ্টি কৰে আৰু ফলত আশানুৰূপ মৎস উৎপাদনত যতি পৰে |

জলজ অপতৃণসমূহ তিনিটা পদ্ধতিৰে নিবাৰণ কৰিব পাৰি -

ক) দৈহিক বা যান্ত্ৰিক পদ্ধতি :-

এই পদ্ধতিত বিভিন্ন প্ৰকাৰৰ সঁজুলি যেনে- দা, কাচি, হাঁকোটা, শিকলি নতুবা হাতেৰে উভালি অৰ্থাৎ কায়িক শ্ৰম কৰি অপতৃণ নিবাৰণ কৰা হয় | অৱশ্যে বৃহৎ জলাশয়ৰ পৰা এইদৰে নিয়ন্ত্ৰ্ণ কিছু অসুবিধাজনক | অৱশ্যে বৃহৎ জলাশয়ৰ পৰা গুৰুপত্ৰী তথা নিমজ্জিত আৰু অৰ্ধ নিমজ্জিত অপতৃণ নিবাৰণৰ বাবে বিভিন্ন যন্ত্ৰপাতি পোৱা যায় |

খ) জৈৱিক পদ্ধতি :-

উদ্ভিদ আৰু বিভিন্ন প্ৰাণীৰ সহায়ত জৈৱিকভাৱেও অপতৃণ নিবাৰণ কৰিব পাৰি | ইয়াত কোনো ধৰণৰ সঁজুলি বা ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা নহয় | কেতবোৰ তৃণভোজী মাছ যেনে- গ্ৰাছকাৰ্প, জাভা পুঠি আৰু কিছুমান শামুকেও জলজ উদ্ভিদ নিয়ন্ত্ৰণত সহায় কৰে | আমাৰ অসমত পোৱা পাইলা গ্লোবেছা নামৰ শামুক প্ৰজাতিটো এইক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ |

   হাঁহেও সৰুপুণী আদি ভক্ষণ কৰি তাৰ নিয়ন্ত্ৰণত সহায় কৰে | গৱেষণাৰ পৰা দেখা গৈছে যে ৫৮ প্ৰকাৰৰ বিভিন্ন পতংগই জলজ উদ্ভিদ ভক্ষণ কৰি সিহঁতৰ নিয়ন্ত্ৰণত সহায় কৰে | খাৰবন বেছিকৈ থকা পুখুৰীত ভাসমান অপতৃণসমূহ আঁতৰাই পেলোৱাৰ পাছত ৩০০ গ্ৰাম বা তাতকৈ বেছি ওজনৰ গ্ৰাছ কাৰ্প পুখুৰীত মেলা হয় | কম দিনৰ ভিতৰতে ই খাৰবন সমূলি নিৰ্মূল কৰে |

আৰু পঢ়ক- ভোট জলকীয়া খেতিয়ক সকলে তলত দিয়া কথা কেইটা বিশেষভাৱে মন কৰিব লাগে

গ) ৰাসায়নিক পদ্ধতি :-

এই পদ্ধতিত ৰাসায়নিক দৰব ব্যৱহাৰ কৰি কম খৰচতে জলজ অপতৃণ নিবাৰণ কৰা হয় | অৱশ্যে মাছ থকা পুখুৰীত ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰি অপতৃণ নিয়ন্ত্ৰণ নকৰাই ভাল | কিয়নো এনে দৰবৰ বিষক্ৰিয়া বহুত দিনলৈ থাকে আৰু এইবোৰ জলাশয়ৰ পানীত অম্লজানৰ পৰিমাণ কমোৱাৰ উপৰি মাছৰ প্ৰাকৃতিক খাদ্য উৎপাদনত বাধাৰ সৃষ্টি কৰে | তদুপৰি দৰবৰ মাত্ৰা বেছি হ’লে মাছ মৰিব পাৰে আৰু এনে মাছ খালে মানৱ দেহৰ অপকাৰ হোৱাৰ আশংকা থাকে | তৎসত্ত্বেতো ঔষধ প্ৰয়োগ কৰিবলগীয়া হ’লে ফৰকাল বতৰতহে যেন প্ৰয়োগ কৰা হয় |

   অৱশ্যে সকলো জলজ উদ্ভিদেই যে সকলো মাছৰ বাবে সমানেই ক্ষতিকাৰক তেনে নহয় | কিছুমান জলজ উদ্ভিদ মাছৰ খাদ্য হিচাপে ব্যৱহৃত হোৱাৰ উপৰি ই মাছক ছাঁ দিয়ে | বহুতো সময়ত জলজ উদ্ভিদসমূহ আধাৰ হিচাপে ব্যৱহাৰ হৈ মাছক কণী পৰাত সহায় কৰে |

জলজ উদ্ভিদ নিবাৰণত কোনটো পদ্ধতি গ্ৰহণ কৰিব বা কোনটো পদ্ধতি প্ৰয়োগ কৰিলে ভাল ফল পোৱা যাব সেইটো নিৰ্ভৰ কৰিব জলাশয়টোৰ আকৃতি, জলজ উদ্ভিদৰ ঘনত্ব আদি বিভিন্ন কাৰকৰ ওপৰত | প্ৰয়োজন সাপেক্ষে কেতিয়াবা তাৎক্ষণিক ফলাফলৰ বাবে একাধিক পদ্ধতি একেলগে প্ৰয়োগ কৰা হয় | 

   জলজ অপতৃণ ৰাসায়নিক ব্যৱস্থাৰে নিৰ্মূল কৰিব বিচাৰিলে মীন বিশেষজ্ঞৰ লগত যোগাযোগ কৰাটো একান্তই বাঞ্ছনীয় | কিয়নো এইক্ষেত্ৰত সেই দিনটোৰ বায়ুমণ্ডলৰ উষ্ণতা আৰু অধিক আনুষংগিক কাৰকৰ ওপৰত ভিত্তি কৰি দৰবৰ মাত্ৰা নিৰ্ধাৰণ কৰা হয় | ৰাসায়নিক পদ্ধতি প্ৰয়োগৰ হীন-ডেঢ়ি হ’লে পৰৱৰ্তী সময়ত বিভিন্ন অবাঞ্ছিত সমস্যাক আমন্ত্ৰণ কৰা হ’ব |

লেখক :- ড° ধ্ৰুৱজ্যোতি শৰ্মা

আৰু পঢ়ক- আপুনি যদি কম টকাৰে ব্যৱসায় কৰিব বিচাৰে, তেন্তে এইটো কৰক ৷ প্ৰতিদিনে কমেও 4000 টকা উপাৰ্জন পাব
English Summary: Weed control of pond fishery Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.