1. এগ্ৰিপেডিয়া

Profitable Farming : ৩-৪ মাহতে লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Watermelon Farming Benefit
Watermelon Farming Benefit

সম্প্ৰতি অসমৰ কৃষকসকলে কম দিনতে লাখ টকা উপাৰ্জন কৰিব পৰা এক খেতি হিচাপে পৰিগণিত হৈছে তৰমূজৰ খেতি। এই খেতিৰ বাবে বালিচহীয়া মাটি উপযোগী। নদীৰ বালিৰ মাটিতো কৃষকসকলে নিয়মিত পানী যোগান ধৰি তৰমূজৰ খেতি কৰিব পাৰে। তলৰ ফটোত দেখা এই তৰমূজবোৰ গোৱালপাৰাৰ আই নৈৰ বালিত কেইজনমান কৃষকে কৰিছিল। আৰু নদীৰ বালিতে থোপাথোপে তৰমূজ লাগিবলৈ ধৰিছিল।

তৰমূজৰ খেতি কৃষকসকলে জানুৱাৰীৰ পৰা ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত কৰিব পাৰে। তৰমূজৰ কেইটামান উন্নত জাত এনেধৰণৰ- পুচা বৰৱতী, হৰা মধু, দুর্গাপুৰমধু, পঞ্জাব চুনহেৰী, অৰ্কা ৰাজহংস, অৰ্কা জীত ইত্যাদি। তৰমূজ খেতিৰ কৃষি পদ্ধতিৰ বিষয়ে আমাৰ কৃষকসকলে জানে যদিও আমি ইয়াত দুটা মান কথা কওঁ। কৃষকসকলে তৰমূজৰ খেতিৰ বাবে মাটিডৰা চহাই বিঘাই প্ৰতি দুই তিনি টেক্টৰ গোৱৰ প্ৰয়োগ কৰিব লাগে। তাৰ পাছতে চহোৱা মাটিখিনিৰে ২ ফুট দূৰত্বত একোটাকৈ শাৰী পাতিব লাগে। শাৰীবোৰৰ প্ৰস্থ দুফুটমান কৰিব লাগে। দিঘলটো আপোনাৰ কৃষি পথাৰখনৰ দৈৰ্ঘ্য ওপৰত নিৰ্ভৰ কৰি বনাই ল’ব। শাৰীবোৰ ৪ ইঞ্চিমান মাটিৰে ওখ কৰি ঢাপ বনাই লব লাগে। এই ঢাপবোৰত কৃষকসকলে মালচিং পেপাৰ ব্যৱহাৰ কৰিব পাৰে। মালচিং পেপাৰ ব্যৱহাৰ কৰিলে কৃষকসকলে অপতৃণ পৰা তৰমূজ জোপাক বচাই ৰাখিব, মাটিৰ জীপালতা থাকিব, অতিমাত্ৰা সূৰ্যৰ তাপৰ পৰা তৰমূজ জোপাৰ গুৰিটোক সুৰক্ষা দিব।

এই খেতি কৰি ধেমাজিৰ নিলখৰ নিতুল গগৈ, তেজপুৰ জামুগুৰিহাটৰ কৃষক শৰত বৰুৱা, ধেমাজিৰ অনুপ দলে বিগত দিনবোৰত ভাল ফল পাবলৈ সক্ষম হৈছে। এই খেতিৰ পৰা ৩-৪ মাহতে কৃষকজনে উপাৰ্জন কৰিব পাৰে। বৰ বেছি খৰচো নহয়। দামো যথেষ্ট ভাল হয় লগতে বজাৰখনৰো অভাৱ অনুভৱ কৰিব নালাগে কৃষকসকলে। কৃষিভূমিৰ পৰাই বেপাৰীসকলে তৰমূজ সংগ্ৰহ কৰে।

শেহতীয়াকৈ অসমত এবিধ নতুন জাতৰ তৰমূজ দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰভাগ হালধীয়া ৰঙৰ। বিগত বৰ্ষত তেজপুৰ জামুগুৰিহাটৰ কৃষক শৰত বৰুৱাই এই নতুন জাতৰ হালধীয়া ৰঙৰ তৰমূজৰ খেতি কৰিছিল।

লগতে পঢ়ক- 

বঙাইগাঁৱত নদীৰ বালিত তৰমুজৰ খেতি

 

English Summary: Watermelon Farming Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.