
কলগছজোপাত কল গাগি পুৰঠ হোৱাৰ পাছতে কলজোপা কাটি পেলোৱা হয়। কোনোৱে কিবা কামত খটোৱাই যদিও অধিকাংশ কৃষকেই কলজোপা কাটি পেলায় আৰু আবৰ্জনাৰ দৰে পেলায় দিয়ে। কিন্তু এতিয়াৰ পৰা এনেদৰে কলজোপা কাটি পেলাই নিদি কৃষকসকলে সহজ উপায়েৰে কলগছজোপাত কৰিব পাৰিব লাইশাক, বন্ধ কবিৰ লগতে পাত জাতীয় শাকৰ খেতি।
আমাৰ একাংশ কৃষকে বহুসময়ত কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ সহজাত প্ৰবৃত্তিৰে খেতি কৰাৰ কিছুমান নিত্য-নতুন পদ্ধতি অৱলম্বণ কৰি খেতি কৰা দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত যেনে- মাছৰ কাৰ্টুনত শাকৰ খেতি কৰা, ছাদত শাক-পাচলি খেতি কৰা ইত্যাদি। শেহতীয়াকৈ কাৰ্টন বা ছাদত কৰা খেতিৰ দৰে কলগছত খেতি কৰা দেখিবলৈ পোৱা গৈছে কৃষকসকলৰ মাজত।

এই পদ্ধতিত মাটিৰ লগত পোনপটীয়া সম্পৰ্ক নথকাকৈ লাইশাক, বা অন্যান্য শাক-পাচলিসমূহৰ খেতি কৰিব পাৰিব কৃষকসকলে। এই পদ্ধতিত কৃষকজনে কলজোপা কটাৰ পাছতে ছবিত দেখাৰ দৰেই এক দূৰত্বত কলজোপাত দা, বা বটালিৰে খুলিব লাগিব। পৰৱৰ্তী সময়ত বটালি বা কটাৰিৰে খোলা গাঁতবোৰত গোঁৱৰ বা কেঁছুসাৰ মিহলি মাটিৰে পূৰাই তাত লাই বা অন্যান্য শাক-পাচলিৰ পুলিসমূহ ৰোপন কৰিব।


এনেদৰে কলগছত কৰা খেতিত উদ্ভিদজোপাই প্ৰয়োজনীয় পানী কলগছজোপাৰ পৰাই সংগ্ৰহ কৰে। আৰু এনেদৰে খেতি কৰিলে উদ্ভিদজোপাক অপতৃণই অনিষ্ট কৰিব নোৱাৰে। তদুপৰি এই দৰে কলৰ গছত কৰা খেতিৰ বাবে অধিক মাটিৰো প্ৰয়োজন নহয়। ছবিত দেখাৰ দৰেই কম ঠাইতে এনেদৰে কৃষকসকলে খেতি কৰিব পাৰে।
লগতে পঢ়ক-
Share your comments