1. এগ্ৰিপেডিয়া

হালধি খেতিৰ ৰোগ আৰু প্রতিকাৰৰ পৰামর্শাৱালী

KJ Staff
KJ Staff

অসমত সহজে কৰিব পৰা মছলাজাতীয় শস্যবিলাকৰ ভিতৰত হালধি এক উত্তম মছলাজাতীয় শস্য। মছলা হিচাবে ব্যৱহাৰ কৰাৰ উপৰিও ঔষধ আৰু সৌন্দৰ্য্যবর্ধক সামগ্রী হিচাবে হালধি ব্যৱহাৰ কৰা হয়। এই খেতিত দেখা দিয়া ৰোগ আৰু অপকাৰী কীটপতংগ নিয়ন্ত্রনৰ উপায় তলত দিয়া হল -

কীট-পতংগ (Pesticides)

(১) মজাখােৱা পােক

এই পােকে গছৰ বাঢ়ি অহা কাণ্ড অংশ খােৱাৰ ফলত গছজোপা হালধীয়া

পৰি মাজৰ কোঁহটো শুকাবলৈ আৰম্ভ কৰে। ৰগৰ ৫ মিঃ লিঃ পানীত মিহলাই সেই

মিশ্রণ গছত প্ৰয়ােগ কৰিব লাগে।

(২) পাত মেৰিয়াই ধৰা পােক

এনে পােকৰ আক্রমণ নিয়ন্ত্ৰণৰ বাবে ডাইমেক্রন ৬ মিঃ লিঃ প্রতি ১০ লিটাৰ

পানীত মিহলাই স্প্রে কৰিব লাগে।

 

ৰোগ নিয়ন্ত্রণ (Disease)

(১) পাতত দাগ পৰা ৰােগ বা টেফ্রিনা লিফ স্পট

পাতৰ দুয়ােকাষে সৰু সৰু পাতল হালধীয়াৰ পৰা ডাঠ হালধীয়া বৰণৰ দাগ পৰা দেখা যায়। পাতৰ উপৰিভাগত দাগৰ পৰিমাণ বেছি হয়। সৰু সৰু দাগবােৰ বাঢ়ি গৈ গােটেই পাতখিলা আবৰি ধৰে আৰু পাতবােৰ হালধীয়া হৈ শুকাই যায়। এই ৰােগে আক্রান্ত গছবােৰ একেবাৰে মাৰি নেপেলাই যদিও পাতবােৰ হালধীয়া হৈ পৰাৰ বাবে হালধিৰ উৎপাদন ৰােগাক্রান্ত গছত যথেষ্ট কমি যায়।

প্রতিকাৰ-

আক্রান্ত গছত ১% বৰড’ মিশ্রণ বা ইন্দফিল-এম-৪৫ ২ গ্রাম প্রতি লিটাৰ

পানীত মিহলাই প্রয়ােগ কৰিব লাগে। প্রতি ১৫ দিনৰ অন্তৰে অন্তৰে ঔষধ প্রয়ােগ কৰিলে সুফল লাভ কৰিব পাৰি।

 

(২) ৰাইজম পচা ৰােগ

এই ৰােগে প্রথমে গছৰ তলৰ ৰাইজম অংশত আক্রমণ কৰে আৰু ই লাহে লাহে

গেলিবলৈ ধৰে। গছজোপাৰ ওপৰৰ পাতবিলাক প্রথমে হালধীয়া পৰিক্ৰমান্বয়ে গছজোপা শুকাই যায়।

প্রতিকাৰ-

(ক) হালধি তলীখনৰ পৰা পানী ওলাই যােৱাৰ সুব্যৱস্থা কৰিব লাগে।

(খ) ৰােৱাৰ আগতে ৰাইজমবােৰ ইন্দফিল-এম-৪৫ মিশ্ৰণত (৩ গ্রাম প্রতি

লিটাৰ পানীত) আধা ঘন্টা ডুবাই ছাঁত শুকাব লাগে।

(গ) আক্রান্ত গছত ২ গ্রাম ইন্দফিল-এম-৪৫ প্রতি লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ তিতি যােৱাকৈ প্ৰে কৰিব লাগে।

English Summary: Turmeric Farming  disease and pesticides it's control

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.