1. এগ্ৰিপেডিয়া

খৰাং বতৰত চাহ গছৰ প্ৰতিপালন (Tea Garden care during Summer)

KJ Staff
KJ Staff
Tea Garden Care during Summer
Tea Garden Care during Summer

চাহ গছৰ সঠিক গঠন, বৃদ্ধি আৰু উৎপাদনৰ বাবে নবেম্বৰ-ডিচেম্বৰ মাহত মুঠ ১৮.১৯ ছে:মি: আৰু জানুৱাৰী-মাৰ্চ মাহৰ ভিতৰত মুঠ ৪০-৪৫ ছে:মি: বৰষুণৰ প্ৰয়োজন হয় ৷ এই সময়ছোৱাত বৰষুণৰ পৰিমান বহু পৰিমানে কমি গলে চাহগছবোৰ খৰাঙৰ দ্বাৰা আক্ৰান্ত হয়৷ সাধাৰণতে ২-৩ বছৰীয়া পুলি গছ, বালিয়া মাটিত, পানী জমা হৈ থকা বাগিচা, কলম নকৰা পাত কম থকা (আনপ্ৰুন) বাগিচা, ডাঙৰ পাতৰ চাহগছবোৰ খৰাঙৰ দ্বাৰা বেচিকৈ আক্ৰান্ত হয় ৷ খৰাঙৰ পৰা চাহগছবোৰ ৰক্ষা কৰিবলৈ খেতিয়ক সকলে তলৰ কথা কেইটাৰ প্ৰতি মন কৰা উচিত৷

খৰাং পীড়িত অঞ্চলৰ বাবে খৰাং সহনশীল সঁচ নিৰ্বাচন কৰিব ৷ টোকোলাই গৱেষণা কেন্দ্ৰই উদ্ভাৱণ কৰা কেইবিধমান খৰাং সহনশীল সঁচ তলত উল্লেখ কৰা হ’ল –

ক্ল’ন – TV1, TV14, TV16, TV17, TV18, TV20, TV22, TV23, TV24, TV25, TV26, TV27, TV28, TV29, TV30.

বাইক্ল’নেল সঁচ – TS397, TS449, TS491, TS589

আৰু পঢ়ক- চাহ খেতিৰ বাবে কোন বিলাক মাটী ভাল? ইয়াৰ মাটী পৰীক্ষা আৰু পঠোৱাৰ ঠিকানা
  1. TV21 খৰাঙৰ দ্বাৰা অধিক আক্ৰান্ত (Susceptible) হয় ৷
  2. অসমৰ গোলাঘাট জিলাৰ এক অংশ, কাৰ্বি আংলং, নগাওঁ, নামনি অসম, বিশ্বনাথ চাৰিআলি আৰু বৰাক উপত্যকা খৰাং পীড়িত অঞ্চলৰ ভিতৰত পৰে ৷
  3. কলম কৰা আৰু ডপি বা মিডিয়াম স্কিফ্ কৰা বাগিছা লাইট স্কিফ্ আৰু কলম নকৰা (আনপ্ৰুণ) বাগিচাতকৈ খৰাঙৰ দ্বাৰা কমকৈ আক্ৰান্ত হয় ৷
  4. কলম কাৰ্য্য খৰাঙৰ আগে আগে সমাপ্ত কৰা উচিত ৷
  5. কলম কৰা ডালৰ কটা অংশত ইণ্ড’পেষ্ট লগোৱাতো নিশ্চিত কৰিব ৷
  6. খৰাঙৰ দ্বাৰা আক্ৰান্ত হৈ গছৰ পাত সৰি গলে পাচত এখিলা পাত এৰি (Step up) পাত তুলিব৷
  7. আনপ্ৰুণ গছত যথেষ্ট পৰিমাণ খাদ্য প্ৰস্তুত কৰা পাত (Maintenance foliage) বৰ্তাই ৰখাত গুৰুত্ব দিব৷ এনে পাত কম হ’লে অক্টোবৰ নবেম্বৰ মাহত এখিলা পাত এৰি (Step up) পাত তুলিব ৷
  8. মাৰ্চ-এপ্ৰিল মাহত পুলি ৰোপণ কৰিলে চেপ্তেম্বৰ মাহত আৰু চেপ্তেম্বৰ-অক্টোবৰ মাহত পুলি ৰোপণ কৰিলে ৰোপণৰ পাচতেই গছৰ গুৰিত মালচিং প্ৰয়োগ কৰিব ৷
  9. খৰাং বতৰত মাটিত বনবাত নিয়ন্ত্ৰণৰ বাবেই হওঁক বা আন কাৰণতেই হওঁক কোৰ প্ৰয়োগ কৰা উচিত নহয়৷ বনবাত নিয়ন্ত্ৰণৰ কাম নবেম্বৰ মাহৰ আগেয়ে সমাপ্ত কৰিব৷
  10. বাগানখনৰ ঠায়ে ঠায়ে মাটিৰ সমস্যা থাকিলে প্ৰয়োজনীয় ব্যৱস্হা গ্ৰহণ কৰিব৷
  11. খৰাঙৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ এম.অ.পি. (MOP) ১ কি:গ্ৰা: আৰু মেগনেচিয়াম চালফেট(Magnesium Sulphate) ১ কি:গ্ৰা: ১০০ লিটাৰ পানীত মিহলাই মুঠ চাৰিবাৰ প্ৰয়োগ কৰিব ৷
  12. এম.অ.পি. (MOP) ২ কি:গ্ৰা: ১০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে’ কৰিলেও খৰাঙৰ পৰা গছবোৰ বচাব পাৰি৷
  13. খেতিডৰাত যাতে প্ৰয়োজনীয় ছাঁ গছ সময়মতে ৰোপণ কৰা হয় তাৰ প্ৰতি গুৰুত্ব দিব ৷ ছাঁ গছৰ অবিহনে চাহগছ খৰাঙৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয় ৷
  14. বাৰিষাত বাগিছাৰ পৰা অতিৰিক্ত পানী ভাগ যাতে ভালদৰে ওলাই যাব পাৰে তাৰ বাবে নলাবোৰ অনুমোদিত ভাৱে দ’ কৰিব আৰু পৰিস্কাৰ কৰি ৰাখিব ৷ পথৰুৱা নলা (Field drain) বোৰ ১০৫ ছে:মি: দ’ হোৱা উচিত ৷
  15. চাহগছৰ বাবে এক উপযুক্ত বতৰ (micro-climate) সৃষ্টি কৰিবলৈ বাগিছাৰ পশ্চিম আৰু দক্ষিণ দিশত আৰু চাহখেতি কৰিব নোৱাৰা অংশবোৰত, একাচিয়া, কেচিয়া (কেচিয়া চিয়ামিয়া) , চুবাবোল, নিম, বাহঁগছ আদি গছ ৰোপণ কৰিব ৷
  16. খৰাং বতৰত বাগিচাত জলসিঞ্চনৰ ব্যৱস্হা কৰিব ৷
  17. পুলি বাগিচাত প্ৰয়োজন অনুসৰি পানীৰ যোগান ধৰিব ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

আৰু পঢ়ক- Drip Irrigation- ড্ৰিপ জলসিঞ্চন আৰু ইয়াৰ লাভালাভ কি? কৃষকসকলে এই পদ্ধতি কিয় অনুসৰণ কৰিব লাগে
English Summary: Tea Garden care during Summer

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.