
ঘৰখন সজাই ৰখাৰ লগতে এটা সেউজ পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত কিছুমান উদ্ভিদে সহায় কৰে। ইয়াৰে কিছুমান উদ্ভিদ উল্লেখনীয়ভাৱে বায়ু পৰিশোধক আৰু অইন কিছুমান উদ্ভিদে শোভাবৰ্ধক হিচাবে কাম কৰে।
যেনে তলত তেনে বিধমান উদ্ভিদৰ বিষয়ে দাঙি ধৰা হল -
1. বষ্টন ফাৰ্ণ
বৈজ্ঞানিক নাম : Nephrolepis exaltata
সূৰ্যৰ পোহৰ : মধ্যমীয়া পৰোক্ষ পোহৰ
পানী : একেবাৰে শুকাই নোযোৱাকৈ ৰাখি কম পৰিমাণৰ পানীৰে সেমেকা কৰি ৰখা প্ৰয়োজন
ঘৰচীয়া জীৱৰ বাবে বিষাক্ত : নহয়
2. স্পাইডাৰ প্লাণ্ট
বৈজ্ঞানিক নাম : Chlorophytum comosum
সূৰ্যৰ পোহৰ : মধ্যমীয়া/ উজ্জ্বল পৰোক্ষ পোহৰ
পানী : প্ৰতি সপ্তাহ
ঘৰচীয়া জীৱৰ বাবে বিষাক্ত : ঘৰচীয়া জীৱই বেছি মাত্ৰাত ভক্ষণ কৰিলে ই ক্ষতিকাৰক
3. স্নেক প্লাণ্ট
বৈজ্ঞানিক নাম : Sansevieria trifasciata
সূৰ্যৰ পোহৰ : পৰোক্ষ পোহৰ
পানী : 2- 6 সপ্তাহত এবাৰ
ঘৰচীয়া জীৱৰ বাবে বিষাক্ত : কিছু পৰিমাণে বিষাক্ত
4. মানি প্লাণ্ট/ ডেভিলচ আইভি
বৈজ্ঞানিক নাম : Epipremnum aureum
সূৰ্যৰ পোহৰ : উজ্বল পৰোক্ষ পোহৰ অথবা কম পোহৰৰ প্ৰয়োজন
পানী : অলপ শুকান আৰু মাজে মাজে সেমেকা হৈ থকা প্ৰয়োজন
ঘৰচীয়া জীৱৰ বাবে বিষাক্ত : বিষাক্ত
5. বেম্বু পাম
বৈজ্ঞানিক নাম : Chamaedorea seifrizii
সূৰ্যৰ পোহৰ : উজ্বল পৰোক্ষ পোহৰৰ প্ৰয়োজন
পানী : বেছিকৈ শুকাই গ’লে পানীৰ প্ৰয়োজন
ঘৰচীয়া জীৱৰ বাবে বিষাক্ত : নহয়
6. চাইনীজ এভাৰগ্ৰীণ
বৈজ্ঞানিক নাম : Aglaonema modestum
সূৰ্যৰ পোহৰ : পৰোক্ষ পোহৰৰ প্ৰয়োজন
পানী : মধ্যমীয়া পানী
ঘৰচীয়া জীৱৰ বাবে বিষাক্ত : হয়
7. পিচ্ লিলি
বৈজ্ঞানিক নাম : Spathiphyllum
সূৰ্যৰ পোহৰ : উজ্বল পৰোক্ষ পোহৰৰ প্ৰয়োজন
পানী : অতিৰিক্ত পানী নোহোৱাকৈ সেমেকা কৰি ৰখা
ঘৰচীয়া জীৱৰ বাবে বিষাক্ত : হয়
8. ৰাবাৰ গছ
বৈজ্ঞানিক নাম : Ficus elastica
সূৰ্যৰ পোহৰ : উজ্বল পৰোক্ষ পোহৰৰ প্ৰয়োজন
পানী : বেছিকৈ শুকাই গ’লে পানীৰ প্ৰয়োজন
ঘৰচীয়া জীৱৰ বাবে বিষাক্ত হয় ৷
Share your comments