1. এগ্ৰিপেডিয়া

Sesame Farming Benefit : এই খেতি কৰি কম দিনতে উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Sesame Farming  ( তিল খেতি)
Sesame Farming ( তিল খেতি)

প্রাচীন কালৰে পৰা ভাৰতবৰ্ষত তিলৰ খেতি কৰি আহিছে। অসমতো অতি পুৰণি কালৰে পৰা তিলৰ খেতি কৰি আহিছে বিশেষকৈ উৎসব-পার্বনত পিঠা-পনা তৈয়াৰ কৰাৰ বাবে। অসমত কৰা প্ৰধান তৈলবীজবোৰৰ ভিতৰত তিলৰ স্থান সৰিয়হৰ পাছতেই।

তিলৰ ব্যৱহাৰ বহুধৰণৰ। তিলৰ তেলৰ নানান ঔষধিগুণ আছে। ইয়াক খোৱাতেল হিচাপে ব্যৱহাৰ কৰাৰ উপৰি ঔষধ প্রস্তুতকৰণ, সুগন্ধি প্রস্তুতকৰণ আদি কামত ব্যৱহাৰ কৰা হয়। চুলিৰ অকাল পক্কতা ৰোধ কৰিবৰ বাবে তিলৰ তেল ব্যৱহাৰ কৰা দেখা যায়। তিল তেলৰ পুষ্টিগুণ যথেষ্ট ভাল বাবে ই মানৱ স্বাস্থ্যৰ বাবে হিতকাৰী।

তিল এবিধ একবর্ষী শস্য। প্রায় তিনিমাহৰ ভিতৰতে চপাব পৰা তিল এবিধ অতি লাভজনক শস্য। অসমত তিলৰ খেতি বছৰি দুবাৰ কৰিব পাৰি শালি তিল আৰু আহু তিল।

সিঁচাৰ সময়:

ক) গ্রীষ্মকালীন বা আহু তিল: মার্চ বা এপ্রিল মাহত সিঁচা হয়।

খ) মধ্যকালীন বা শালি তিল: জুলাই বা আগষ্ট মাহত সিঁচা হয়।

মাটি নির্বাচন:

তিল খেতিৰ বাবে পানী জমা নোহোৱা ওখ মাটি বাছনি কৰিব লাগে। বালিচহীয়া মাটি এই খেতিৰ বাবে উপযোগী। তিল এবিধ অপতৃণ দমনক শস্য। ঘনকৈ সিঁচা তিলৰ খেতিয়ে অপতৃণ উপদ্রুত কৃষিভূমিৰ অপতৃণ বহু পৰিমাণে লাঘৱ কৰিব পাৰে।

মাটি প্রস্তুতি:

বীজ সিঁচাৰ দুই বা তিনি সপ্তাহ আগতে ২ বা ৩ বাৰ হাল বাই মাটিডৰা চহাই ল'ব লাগে। তিলৰ মাটি মিহিকৈ চহাব লাগে যাতে ই বীজ অংকুৰণত সহায়ক হয়।

বীজৰ পৰিমাণ:

প্রতি হেক্টৰ মাটিৰ বাবে ৪ কিঃগ্রাঃ বা প্রতি বিঘাৰ বাবে ১/২ কিঃগ্রাঃ বীজৰ আৱশ্যক।

বীজ সিঁচাৰ পদ্ধতি:

বীজবোৰ সমভাবে ছটিয়াই বা শাৰী শাৰীকৈ সিঁচিব লাগে। শাৰী শাৰীকৈ সিঁচিলে দুটা শাৰীৰ মাজত ৩০ ছেঃমিঃ ব্যৱধান আৰু দুজোপা গছৰ মাজত ১৫ ছেঃমিঃ ব্যৱধান ৰাখিব লাগে।

সাৰ প্রয়োগ:

তলৰ তালিকাত দিয়া পৰিমাণৰ সাৰ প্রয়োগ কৰিব লাগে।

এবিঘা মাটিৰ বাবে সাৰৰ পৰিমাণ

পচন সাৰ -  ১০-১৫ কুইণ্টল

ইউৰীয়া - ৯ কিলোগ্রাম

একক চুপাৰ ফচফেট- ১৯ কিলোগ্রাম

মিউৰেট অৱ পটাছ - ৫ কিলোগ্রাম

সমুদায় পৰিমাণৰ ৰাসায়নিক সাৰ বীজ সিঁচাৰ আগেয়ে প্রয়োগ কৰিব লাগে। পচন সাৰ মাটি চহাওতে প্রয়োগ কৰিব লাগে।

শস্য পৰিচৰ্যাঃ

 

বীজ সিঁচাৰ ২০ দিনৰ পাছত বন-বাতবোৰ নিৰণি কৰি দিব লাগে। ঘনকৈ গজা অতিৰিক্ত পুলিবোৰ উঘালি পেলাব লাগে যাতে শস্য বাঢ়িবলৈ সুচল হয়।

পানী যোগান:

আৱশ্যক অনুসৰি তিল খেতিত পানী যোগান ধৰিব পাৰিলে উৎপাদন বৃদ্ধি পায়। বীজ সিঁচিবৰ বাবে প্ৰস্তুত কৰা মাটিডৰা যদিহে শুকান তেনে এবাৰ পানী যোগান ধৰিব পাৰিলে বীজৰ অংকুৰণ সঠিক হ'ব। ফুল ফুলা আৰু ছেঁই ধৰা সময়ত পানী যোগান ধৰিব লাগে।

জল নিষ্কাষণঃ

তিল খেতিত যাতে পানী জমা নহয় তাৰ বাবে নলাৰ ব্যৱস্থা কৰিব লাগে।

অসমৰ বাবে অনুমোদিত জাত

ক) শৰৎকালীন (শালি তিল)

জাত

১। মাধবী

কৃষি কাল- ৭০-৭৫ দিন

২। গৌৰী

কৃষি কাল- ৭৫-৮০

৩। বিনায়ক

কৃষি কাল- ৭৫-৮০ দিন

৪। আৰ টি ১

কৃষি কাল- ৭৫-৯০ দিন

৫। পঞ্জাব তিল নং ১

কৃষি কাল- ৭৫-৮৫ দিন

৬। আৰ এচ ১

কৃষি কাল- ১০০-১০৫ দিন

৭। অসম তিল ১

কৃষি কাল- ৮০-৮৫ দিন

৮। নগাঁও লকেল

কৃষি কাল- ৮৫-৯০ দিন

খ) শীতকালীন (আহু তিল)

১। বিনায়ক

কৃষি কাল- ৭৫-৮০ দিন

২। টি চি ২৫:

কৃষি কাল- ৮০-৯০ দিন

লগতে পঢ়ক- 

Sesame Farming & its benefit : তিল খেতি কৃষি পদ্ধতি বিষযে জানো আঁহক

English Summary: Sesame Farming time, Tips & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.