1. এগ্ৰিপেডিয়া

আগতীয়াকৈ খেতি কৰিবৰ বাবে এই পদ্ধতিৰে পুলি উৎপাদন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Produce seedlings by this method for early planting
Produce seedlings by this method for early planting

শীতকালীন শস্যৰ খেতি আগতীয়াকৈ কৰিবলৈ পুলি প্ৰস্তুত কৰিবলৈ বিভিন্ন সমস্যাৰ সন্মুখীন হয় আমাৰ কৃষকসকল। বৰষুণ হৈ থাকে, মাটিবোৰ তিতি থাকে আৰু বহু কৃষকৰ পথাৰ আগষ্ট বা ছেপ্তেম্বৰ সময়খিনিত পানীৰে ভৰি থাকে। গতিকে মুকলি পথাৰত আগতীয়াকৈ খেতি কৰিবৰ বাবে কৃষকসকলে নাৰ্চাৰী প্ৰস্তুত বা পুলি বাৰীখন সাজু কৰি তুলিব নোৱাৰে। কিন্তু আজি কৃষক বন্ধুসকলক বাৰিষা সময়খিনিতো, বৰষুণৰ বতৰতো, কৃষিভূমি পানীৰে উপচি থকা সময়তো পুলিবাৰীখন প্ৰস্তুত কৰা এটা সহজ পদ্ধতিৰ বিষয়ে জনাম।

পুলিবাৰী প্ৰস্তুতৰ এই পদ্ধতিটোক কোৱা চাং পুলিবাৰী পদ্ধতি। অৰ্থাত চাং পাতি তাত এখন কৃত্ৰিম পুলিবাৰী প্ৰস্তুত কৰি তাত আগতীয়াকৈ বীজ সিঁচি পৰৱৰ্তী সময়ত মূল পথাৰত ৰোপন কৰিব পাৰিব এই পদ্ধতিটোৰ দ্বাৰা। এই পদ্ধতিটোৰ বাবে আমাৰ কৃষকসকলে ৩ ফুট মান উখৰ এখন বাহৰ চাং পাতি লব লাগিব। ফটোত দেখাৰ দৰে চাংখন পাতিব। চাংখন অলপ মজবুট যাতে হয় সেই কথালৈ মন দিব। ভালকৈ বনাই ললে ২-৩ বছৰ বাবে কাম কৰিব পাৰিব। চাংখন পতাৰ পাছতে চাংখনৰ ওপৰত বস্তা পাৰি দিব। বস্তাৰ ওপৰত ৪০ শতাংশ কেঁচু সাৰ আৰু ৬০ শতাংশ আধা শুকান মাটি মাটিৰ মিশ্ৰণ ঘটাই গুৰি কৰি বস্তাৰ ওপৰত ডেৰ ইঞ্চিমান ওখকৈ মাটি আৰু কেঁচুসাৰ পাৰি দিব লাগে। আৰু তাৰ ওপৰত যি শস্যৰ খেতি আগতীয়াকৈ কৰিম বুলি ভাবিছে তাক সিঁচি দিয়ক। চাঙৰ ওপৰৰ মাটিখিনি শুকাই যোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজে মাজে পানী যোগান ধৰিব।

এই কামটো আগবঢ়াই নিবৰ বাবে বৰষুণৰ পৰা বচাবলৈ ওপৰত এখন টিপাল দি এটা ঘৰো বনাই লাগিব। ৰ’দ দিলে টিৰ্পালখন আঁতৰাই আৰু বৰষুণ দিলে পুনৰ লগাই দিব লাগে, অধিক ৰ’দ দিলেও টিৰ্পালখন লগাই দিব। এই পদ্ধতিৰে ধেমাজি জিলাৰ প্ৰগতিশীল কৃষক দেৱজিত চাংমাই, ভুৱন পেগুৱে এই পদ্ধতিৰে পুলি প্ৰস্তুত আগতীয়াকৈ ৰৱিশস্যৰ খেতি দীৰ্ঘদিন ধৰি কৰি আহিছে। এই পদ্ধতিৰে পুলি প্ৰস্তুত কৰি আগতীয়াকৈ খেতি কৰিবলৈ বিচৰা আগ্ৰহী কৃষক এই দুই কৃষকৰ লগত যোগাযোগ কৰি কথাবোৰ খুটি-নাটি মাৰি জানি ল’ব পাৰে। নাইবা প্ৰতিখন জিলাত থকা কৃষি বিজ্ঞান কেন্দ্ৰ কৃষি বিষয়াসকলৰ লগতো এই পদ্ধতিটোৰ বিষয়ে বিশদভাৱে জানি ল’ব পাৰে।

লগতে পঢ়ক- 

দীৰ্ঘদিনীয়া পৰিকল্পনাৰে ১-২ ঘন্টাতে ১ হাজাৰ পৰা ১৫০০ টকা উপাৰ্জন কৰক

English Summary: Produce seedlings by this method for early planting

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.