1. এগ্ৰিপেডিয়া

উন্নত জাতৰ গাহৰি পালনেৰে আত্মসংস্থাপনৰ বাট মুকলি কৰিছে নাওকাটাৰ মহিলাই

KJ Staff
KJ Staff
Piggery Farming
Piggery Farming

উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনীৰ উদ্যোগত নাবাৰ্ড, কৃষক উৎপাদক গোট আৰু গাহৰি পালন সমিতি, নাওকাটাৰ সহযোগত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ মহিলা সকলে উন্নত জাতৰ গাহৰি পালনৰ জৰিয়তে আত্মসংস্থাপনৰ বাট মুকলি কৰিছে| উল্লেখ্য যে স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ জৰিয়তে অঞ্চলটোৰ পশ্চিম নাওকাটা, ১ আৰু ৩ নং জলঠেংপাৰ, নাটকুছি, বেটাগাঁও আৰু জিনঝাৰ গাঁৱত ৩৩ গৰাকী মহিলাক উন্নত জাতৰ (অষ্ট্ৰেলিয়ান, হেমপশ্বায়াৰ) গাহৰি পালনৰ ব্যৱস্থা কৰে| অনুষ্ঠানটোৱে উক্ত মহিলা সকলক গাহৰি পালনৰ ক্ষেত্ৰত বয়স অনুপাতে খাদ্যৰ যোগান ধৰা, বেমাৰ আজাৰ হ’লে চিকিৎসাৰ ব্যৱস্থা কৰা আদি দিশত প্ৰতিমাহে প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰে|

ইতিমধ্যে গাহৰি পালনৰ ৮ মাহ অতিক্ৰম কৰা কেইবাজনীও মহিলাই গাহৰি বিক্ৰী কৰি ৯/১০ হেজাৰ টকাকৈ লাভ কৰিছে বুলি জনাইছে| আনহাতে অনুষ্ঠানটোৰ সভানেত্ৰী শেৱালী বসুমতাৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া ভৱেন বড়োই ‘আমাৰ খবৰ, নাওকাটাক জনোৱা অনুসৰি পৰীক্ষামূলকভাৱে কৰা গাহৰি পালনৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই কম সময়ৰ ভিতৰতে অধিক লাভৱান হৈছে| ফলস্বৰুপ উক্ত আঁচনিখন চলিত মাহতে অঞ্চলটোৰ আৰু কেইবাখনো গাঁৱলৈ সম্প্ৰসাৰণ কৰা হ’ব| স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কাৰ্যক অঞ্চলটোৰ জনসাধাৰণে প্ৰশংসা কৰিছে|

English Summary: Piggery unit provides extra income for farm women

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.