1. এগ্ৰিপেডিয়া

কীটনাশক অবিহনে কেনেকৈ শাক-পাচলিত পােকৰ আক্রমণ ৰােধ কৰিব পাৰি

KJ Staff
KJ Staff

বিভিন্ন ফচলৰ মাজত শাক-পাচলিতে বিভিন্ন ধৰণৰ পােক-পৰুৱাই আক্রমণ কৰে। আনকি

একোবিধ পাচলিত একে ধৰণৰ পােকেহে আক্রমণ কৰে। যেনে- বেঙেনাত ডগা আৰু ছিদ্র কৰা

পােকেহে আক্রমণ কৰে। সেইবিধ পােকে আন কেইবাবিধাে পাচলিত আক্রমণ কৰে। এই

পােকবােৰৰ ভিতৰত আছে জাব পােক, জেচিদ, মকৰা ইত্যাদি। সেয়েহে পাচলিত পােকৰ

আক্রমণ নিয়ন্ত্রণ নকৰিলে সেই পাচলিবােৰ সােনকালে নষ্ট হয়। সাধাৰণতে আমাৰ দেশত

পাচলিত আক্রমণ নিয়ন্ত্ৰণৰ বাবে কীটনাশক ব্যৱহাৰ কৰা হয়। আমাৰ দেশত বিভিন্ন ফচলৰ

ভিতৰত পাচলিতে সবাতােকৈ বেছি কীটনাশক ব্যৱহাৰ কৰা হয়। সকলােতকৈ বেছি কীটনাশক

ব্যৱহাৰ কৰা হয় বেঙেনা, কবি, বীন, উৰহী বা আন কেইবাবিধাে ফচলত। কিন্তু কীটনাশক

ব্যৱহাৰে প্ৰভাৱ পেলায় পৰিৱেশ আৰু মানুহৰ ওপৰত। কিন্তু কীটনাশকৰ ব্যৱস্থাও গঢ়ি তােলে

পােক-পৰুৱাই সেই কীটনাশকে মানুহৰ দেহতাে অনিষ্ট কৰি বিভিন্ন ৰােগত আক্রান্ত কৰায়।

সেয়েহে পৰিৱেশ আৰু মানুহৰ স্বাস্থ্য ৰক্ষাৰ বাবে এতিয়া প্রাকৃতিক উপায়ে শাক-পাচলি

উৎপাদনত অধিক গুৰুত্ব দিয়া হৈছে। প্রকৃতিতে এই সকলাে ফচলৰ শক্ত পােক-পৰুৱাৰ

আক্ৰমণৰ পৰা হাত সাৰি থকাৰ উপায় লুকাই আছে। আনকি আছে বিভিন্ন বন্ধু পােক, মকৰা বা

উপকাৰী বীজাণু৷ এইবােৰে কোনাে কীটনাশক নিদিলেও প্রাকৃতিক নিয়মেৰে শত্রু পােকবােৰ

ধ্বংস কৰে। ইয়াৰ বাহিৰেও আছে কিছুমান কীট বিনাশী গছ। এইবােৰৰ পাতৰ পৰা কীটনাশক

তৈয়াৰ কৰি ফচলত ছটিয়ালে পােক-পৰুৱাই আক্রমণ কৰিব নােৱাৰে। তলত কেইটামান পােক

নিয়ন্ত্ৰণৰ উপায় দিয়া হ'ল,

পাচলিৰ সবাতােকৈ শরু পােক হ'ল জবা পােক। বেঙেনা, মটৰ মাহ, জলকীয়া, বিলাহী, লাউ-

কোমােৰা আদি সকলােতে এই পােকে আক্রমণ কৰে। অকল সেয়াই নহয়, নেমু টেঙা আদিৰাে

ক্ষতি কৰে জবা পােকে। এই পােকবােৰ সাধাৰণতে পাচলিৰ পাতৰ তলত থাকে। এই পােকবােৰ

দেখাত খুব সৰু তথা সামান্য ক'লা বৰণীয়া। এই পােকবােৰ য'ত থাকে তাত পিপৰাও যথেষ্ট

থাকে। অকল পাতেই নহয়, পিপৰা থকাৰ বাবে কুমলীয়া ফলবােৰতাে আক্রমণ কৰে।

কীটনাশক অবিহনে এইবােৰ পােক নিয়ন্ত্ৰণৰ ব্যৱস্থা তলত উল্লেখ কৰা হ'ল-

শুকান গােবৰ গুড়ি কৰি পাচলিৰ মাজত ছটিয়াই দিলে জাব পােকে আক্রমণ কৰিব নােৱাৰে।

বিভিন্ন গছৰ এঙাৰৰ গুড়ি ছটিয়াই দিলেও উপকাৰ পােৱা যায়।

১০ৰ পৰা ১৫ দিন গাে-মূত্র পাত্ৰত ৰাখি তাত দহগুণ বেছি পানী মিহলি কৰি পাচলি ক্ষেত্ৰত

ছটিয়াই দিলে পােকে আক্রমণ কৰিব নােৱাৰে।

গমধান, নহৰু, নিম আদিৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰেও এই পােক নিয়ন্ত্রণ কৰিব পাৰি। এইবােৰ

গছৰ পাতৰ ৰস উলিয়াই পানীত মিহলি কৰি পােক আক্রান্ত পাচলিৰ ওপৰত ছটিয়াই দিলে পােক

নিয়ন্ত্রণ হয়। ১০০ৰ পৰা ২৫০ গ্রাম নহৰু বটি তাত ১০ লিটাৰ পানী মিহলি কৰি পােকে আক্রমণ

কৰা অঞ্চলত ছটিয়াই দিলে পােকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি।

3জি কাটিং : লতাজাতীয় শস্যৰ উৎপাদন দুগুণ কৰাৰ বাবে বিপ্লৱী কৌশল

English Summary: organic spinch cultivation in winter season

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.