 
            পুষ্টিমৌল যােগানৰ বাবে ব্যৱহাৰ কৰিব পৰা অন্য এবিধ জৈৱিক সাৰ হ'ল- কেঁচুসাৰ বা ভার্মিকমপষ্ট । বছৰ বছৰ ধৰি মাটিৰ গুণাগুণ নষ্ট নােহােৱাকৈ শস্যত পুষ্টিমৌল যােগানৰ এক উৎকৃষ্ট আৰু ফলপ্রসূ ব্যৱস্থা। নিজৰ চৌহদতে নাইবা মাটিৰ পাত্র, পকী বা প্লাষ্টিকৰ টাব আদিতে অনায়াসে এই সাৰ প্ৰস্তুত কৰি লব পাৰি। সকলাে কেঁচুৱেই কেঁচুসাৰৰ বাবে উপযুক্ত নহয়। কেঁচুসাৰ বাবে উপযুক্ত কেইবিধমান কেঁচুৰ বৈজ্ঞানিক নাম হৈছে যেনে আইচেনিয়া ফাটিডা, এমাইনথেচ ডিকিৰিনজেনচ, লেমপিট মৰিচি, ইউড্রিলাচ ইউজেনি আদি।
কেঁচুসাৰ কেনেকৈ উৎপাদন কৰিব।
১) কেঁচুসাৰ উৎপাদন কৰিবলৈ হলে ওখ, পানী জমা নােহােৱা মাটিত ৪০ ফুট দীঘল, ১০ ফুট বহল আৰু ২.৫ ফুট ওখ আকাৰৰ পকী নাইবা বাঁহেৰে এটা টেঙ্কি তৈয়াৰ কৰি লব লাগে। এনে আকাৰৰ টেংকিৰ পৰা প্রায় ১০০-১৫০ কুইন্টল কেঁচুসাৰ পােৱা যায়। প্রয়ােজনমতে টেংকিৰ আকাৰ সৰু, ডাঙৰ কৰি লব পৰি।
২) টেংকিৰ তলিভাগত ৮-১০ ইঞ্চিৰ সৰু সৰু শিলগুটি বা ভগা ইটাগুটিৰে এটা তৰপ দি লব ৷
৩) ইয়াৰে ওপৰত আপুনি ১-১.৫ ইঞ্চিৰ এটা মােটা বালিৰ তৰপ দি লব আৰু তাৰ ওপৰত ৮-১০ ইঞ্চি সেমেকা পলসুৱা মাটিৰ সাৰ পাতলকৈ ছটিয়াই লব ৷
৪) এতিয়া প্রায় ১৫-২০ কিলােগ্রাম কেঁচু এৰি দিব লাগে। তাৰ ওপৰত গােৱৰৰ ৩.৪ ইঞ্চিৰ এটা তৰপ দিব লাগে। তাৰ ওপৰত ২.৩ ইঞ্চিৰ শুকান ঘাঁহ-বনৰ এটা তৰপ দিব লাগে।
৫) এতিয়া এই তৰপবােৰক সিক্ত কৰি ৰাখিবৰ বাবে পানী চটিয়াই থাকিব লাগে।
৬) ৩০ দিনৰ পিছত পুনৰ আগৰ দৰেই গােবৰ আৰু শুকান ঘাঁহ-বনৰ তৰপ সপ্তাহত দুদিনকৈ জাপিব লাগে। প্রায় ২-৩ মাহৰ ভিতৰত কেঁচুসাৰ তৈয়াৰ হয়।
৭) মাজে-সময়ে তপবােৰ লুটিয়াই বগৰাই দিব লাগে। কেঁচুসাৰ সংগ্ৰহ কৰাৰ ২-৩ দিনৰ আগেয়ে পানী দিয়াটো বন্ধ কৰিব লাগে।
৮) সংগ্রহ কৰা কেঁচুসাৰখিনি ছাঁত শুকুৱাই লৈ চালনীৰ সহায়ত তাঁত থকা কেঁচু, কেঁচুৰ কণী বা অন্য মােটা জৈৱিক পদার্থ আদি আঁতৰাই পেলাব লাগে।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments