শাক-পাচলিয়্ আমাৰ দৈনিক আহাৰত এক গুৰুত্বপূৰ্ণ স্হান দখল কৰি আহিছে, কিয়নো ইয়াৰ পৰা আমি শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, খনিজ লৱন, কাৰ্বহাইড্ৰেড, প্ৰ’টিন আদি পাওঁ। বজাৰত সকলো ধৰণৰ শাক পাচলি পোৱা যায় যদিও সতেজতাৰ ক্ষেত্ৰত সন্দেহ থাকি যায়।
গাওঁ বিলাকত সকলোৰে ঘৰে ঘৰে একোখন ডাঙৰ বাৰী থাকে য’ত তেওঁলোকে বিভিন্ন শাক-পাচলি উৎপাদন কৰি নিজে খোৱাৰ উপৰিও ব্যৱসায়িক ভিত্তিতো যথেষ্ট লাভন্বিত হয়। কিন্তু চহৰত বসবাস কৰা লোকসকলে এই ক্ষেত্ৰত সদায় বজাৰখনৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়। কিন্তু ইচ্ছা কৰিলেই আপুনি নিজৰ ঘৰতেই এখন ধুনীয়া শাক-পাচলিৰ বাগিচা বনাই ল’ব পাৰে। তাৰবাবে আপুনি আপোনাৰ ঘৰৰ সন্মুখত থকা মুকলি ঠাইখিনি ব্যৱহাৰ কৰিব পাৰে অথবা সেয়াওঁ সম্ভৱ নহলে ঘৰৰ চাদখন ব্যৱহাৰ কৰিব পাৰে। ইয়াৰদ্বাৰা আপুনি সতেজ শাক-পাচলি লাভ কৰাৰ লগতে মানসিক সন্তুষ্টিও পাব পাৰে।
ভোজন শাস্ত্ৰ আৰু বৈজ্ঞানিক সকলৰ মতে সন্তোলিত আহাৰৰ বাবে এজন ব্যক্তিয়ে দৈনিক ৪৫ গ্ৰাম ফল আৰু ৩০০ গ্ৰাম শাক-পাচলি খোৱাৰ প্ৰয়োজন। গতিকে এনে ধৰণৰ সেউজীয়া শাক পাচলিৰ বাবে আপুনি চাদখনতে আপোনাৰ মন পচন্দৰ পাচলিৰ খেতি কৰিব পাৰে। চাৰি পাঁচ জনীয়া এটা পৰিয়ালৰ বাবে ২০০-৩০০ বৰ্গমিটাৰ ভূমিয়েই পৰ্যাপ্ত।
চাদৰ ওপৰত শাক-পাচলিৰ খেতি কেনেদৰে কৰিবঃ
সাধাৰণ শাক-পাচলি লগাবৰ বাবে আপুনি টাব ব্যৱহাৰ কৰিব পাৰে। যাৰ বাবে বহুত ছাইৰো প্ৰয়োজন নহয়। টাবসমূহ মাটিৰ হলে বেছি ভাল হয়। ঘৰৰ বেলকনিতো আপুনি টাবসমবহ ৰাখিব পাৰে। তাৰোপৰি বেয়া হৈ যোৱা বাল্টি অথবা ডাঙৰ তেলৰ টিং আদিতো পাচলি লগাব পাৰি। মাত্ৰ পানীসমূহ ওলাই যাব পৰাকৈ দুই তিনিচা ছিদ্ৰ কৰি ল’ব লাগে। বিলাহী, বেঙেনা আদিৰ গছ এনেধৰণৰ পাত্ৰত ৰুৱ পাৰি। ৩-৫ ইঞ্চি ওখ প্লাষ্টিক ট্ৰে আদিতো ধনীয়া, মেথি পদিনা আদি লগাব পাৰি।
চাদৰ ওপৰত পাচলি খেতি কৰিবৰ বাবে প্ৰথমে এখন ডাঠ প্লাষ্টিক পাৰি ল’ব লাগে, তাৰ পিছত ইটা অথবা বাহেঁৰে সীমাটো বনাই লৈ তাত মাটি ঢালিব পাৰে। তাৰ লগতে পানী ওলাই যোৱাৰ ব্যৱস্হা ৰখাটো প্ৰয়োজন। এনেদৰে পাচলি খেতি কৰিলে ঘৰটো ঠাণ্ডা হৈ থকাৰ লগতে প্ৰখৰ গৰমৰ পৰাও মুক্ত হৈ থাকিব পাৰি।
ছেপ্তেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰৰ এই সময়খিনিত ভেন্দি, জলকীয়া, বিলাহী, মিঠা আলু, কেৰেলা আদিৰ খেতি চাদৰ ওপৰত কৰিব পাৰি।
পাচলি বাগিছাৰ উপকাৰিতাঃ
-
এনেদৰে পাচলিৰ বাগিছা এখন পাতিলে চাদখনৰ সৎ ব্যৱহাৰ হয়।
-
নিজৰ মন পচন্দৰ শাক-পাচলি ঘৰতে লাভ কৰিব পাৰিব।
-
বছৰজুৰি গুণগত পাচলি পাব পাৰিব।
-
পৰিয়ালৰ সদস্য সকলৰ মনোৰঞ্জনৰ কাৰক হয়।
-
লগতে অলপ হলেও আৰ্থিক সাহাৰ্য পোৱা যায়।
মন কৰিবলগীয়া কিছু কথাঃ
বাগিছাখনত দানিক ৫-৬ ঘণ্টা ৰ’দ পৰাটো অতি প্ৰয়োজন। কিয়নো গছসমূহৰ বিকাশৰ লগতে উন্নত উৎপাদনৰ বাবে ৰ’দ অতিকে প্ৰয়োজন।
পাচলিৰ বাকলি, শুকান পাত আদি কোনো নিৰ্দিষ্ট ঠাইত জমা কৰি ৰাখক যাতে পচন সাৰ হিচাপে তাক ব্যৱহাৰ কৰিব পাৰে।
বাগিছাখনৰ চাৰিওকাষ কাঁইটীয়া তাৰেৰে অথবা বাঁহৰ চিলিঙেৰে বেৰি ৰাখক, তেনে কৰিলে আপুনি তাতে লতা জাতীয় উদ্ভিদো লগাব পাৰিব।
অলপ ওখ ধৰণৰ গছসমূহ বাগিছাখনৰ শেষ প্ৰান্তত লগাওঁক যাতে তাৰ ছাঁ আন গছত নপৰে।
সময়ে সময়ে উৎপাদিত তথা ফল সমূহ চিঙি পেলোৱাৰ লগতে শুকান পাতবোৰো আঁতৰাই পেলাওক।
কীটনাশক দ্ৰব্যৰ লগতে ৰোগনাশক দ্ৰব্য যিমান পাৰি কমকৈ প্ৰয়োগ কৰক।
Share your comments