1. এগ্ৰিপেডিয়া

কীটনাশক অবিহনে কেনেকৈ পাচলিত পোকৰ আক্ৰমণ ৰোধ কৰিব পাৰি

KJ Staff
KJ Staff
Control pests without using chemicals
Control pests without using chemicals

   বিভিন্ন ফচলৰ মাজত শাক-পাচলিতে বিভিন্ন ধৰণৰ পোক-পৰুৱাই আক্ৰমণ কৰে। আনকি একোবিধ পাচলিত একে ধৰণৰ পোকেহে আক্ৰমণ কৰে। যেনে- বেঙেনাত ডগা আৰু ছিদ্ৰ কৰা পোকেহে আক্ৰমণ কৰে। সেইবিধ পোকে আন কেইবাবিধো পাচলিত আক্ৰমণ কৰে। এই পোকবোৰৰ ভিতৰত আছে জাব পোক, জেচিদ, মকৰা ইত্যাদি। সেয়েহে পাচলিত পোকৰ আক্ৰমণ নিয়ন্ত্ৰণ নকৰিলে সেই পাচলিবোৰ সোনকালে নষ্ট হয়। সাধাৰণতে আমাৰ দেশত পাচলিত আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে কীটনাশক ব্যৱহাৰ কৰা হয়। আমাৰ দেশত বিভিন্ন ফচলৰ ভিতৰত পাচলিতে সবাতোকৈ বেছি কীটনাশক ব্যৱহাৰ কৰা হয়। সকলোতকৈ বেছি কীটনাশক ব্যৱহাৰ কৰা হয় বেঙেনা, কবি, বীন, উৰহী বা আন কেইবাবিধো ফচলত। কিন্তু কীটনাশক ব্যৱহাৰে প্ৰভাৱ পেলায় পৰিৱেশ আৰু মানুহৰ ওপৰত। কিন্তু কীটনাশকৰ ব্যৱস্থাও গঢ়ি তোলে পোক-পৰুৱাই, সেই কীটনাশকে মানুহৰ দেহতো অনিষ্ট কৰি বিভিন্ন ৰোগত আক্ৰান্ত কৰায়। সেয়েহে পৰিৱেশ আৰু মানুহৰ স্বাস্থ্য ৰক্ষাৰ বাবে এতিয়া প্ৰাকৃতিক উপায়ে শাক-পাচলি উৎপাদনত অধিক গুৰুত্ব দিয়া হৈছে। প্ৰকৃতিতে এই সকলো ফচলৰ শত্ৰু পোক-পৰুৱাৰ আক্ৰমণৰ পৰা হাত সাৰি থকাৰ উপায় লুকাই আছে। আনকি আছে বিভিন্ন বন্ধু পোক, মকৰা বা উপকাৰী বীজাণু। এইবোৰে কোনো কীটনাশক নিদিলেও প্ৰাকৃতিক নিয়মেৰে শত্ৰু পোকবোৰ ধ্বংস কৰে। ইয়াৰ বাহিৰেও আছে কিছুমান কীট বিনাশী গছ। এইবোৰৰ পাতৰ পৰা কীটনাশক তৈয়াৰ কৰি ফচলত ছটিয়ালে পোক-পৰুৱাই আক্ৰমণ কৰিব নোৱাৰে।

তলত কেইটামান পোক নিয়ন্ত্ৰণৰ উপায় দিয়া হ’ল-

১)পাচলিৰ সবাতোকৈ শত্ৰু পোক হ’ল জবা পোক। বেঙেনা, মটৰ মাহ, জলকীয়া, বিলাহী, লাউ-কোমোৰা আদি সকলোতে এই পোকে আক্ৰমণ কৰে। অকল সেয়াই নহয়, নেমু টেঙা আদিৰো ক্ষতি কৰে জবা পোকে। এই পোকবোৰ সাধাৰণতে পাচলিৰ পাতৰ তলত থাকে। এই পোকবোৰ দেখাত খুব সৰু তথা সামান্য ক’লা বৰণীয়া। এই পোকবোৰ য’ত থাকে তাত পিপৰাও যথেষ্ট থাকে। অকল পাতেই নহয়, পিপৰা থকাৰ বাবে কুমলীয়া ফলবোৰতো আক্ৰমণ কৰে। কীটনাশক অবিহনে এইবোৰ পোক নিয়ন্ত্ৰণৰ ব্যৱস্থা তলত উল্লেখ কৰা হ’ল-

   শুকান গোবৰ গুড়ি কৰি পাচলিৰ মাজত ছটিয়াই দিলে জাব পোকে আক্ৰমণ কৰিব নোৱাৰে। বিভিন্ন গছৰ এঙাৰৰ গুড়ি ছটিয়াই দিলেও উপকাৰ পোৱা যায়। ১০ৰ পৰা ১৫ দিন গো-মূত্ৰ পাত্ৰত ৰাখি তাত দহগুণ বেছি পানী মিহলি কৰি পাচলি ক্ষেত্ৰত ছটিয়াই দিলে পোকে আক্ৰমণ কৰিব নোৱাৰে।গমধান, নহৰু, নিম আদিৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰেও এই পোক নিয়ন্ত্ৰণ কৰিব পাৰি। এইবোৰ গছৰ পাতৰ ৰস উলিয়াই পানীত মিহলি কৰি পোক আক্ৰান্ত পাচলিৰ ওপৰত ছটিয়াই দিলে পোক নিয়ন্ত্ৰণ হয়। ১০০ৰ পৰা ২৫০ গ্ৰাম নহৰু বটি তাত ১০ লিটাৰ পানী মিহলি কৰি পোকে আক্ৰমণ কৰা অঞ্চলত ছটিয়াই দিলে পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি।

উৎস: নিয়মীয়া বাৰ্তা

English Summary: How to Control pests without using Pesticides details inside

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.