1. এগ্ৰিপেডিয়া

সেউজ গৃহৰ খেতি, কম খৰচতে কেনেকৈ খেতি কৰিব পাৰি জানো আহক

KJ Staff
KJ Staff

   বৰ্তমান সময়ত ‘গ্ৰীন হাউচ’ বা ‘সেউজ গৃহ’ৰ ভিতৰত খেতি কৰাৰ বিষয়ে প্ৰায়ে শুনিবলৈ পোৱা যায়। এনে ঘৰৰ ভিতৰত আবতৰীয়াভাৱে খেতি কৰি যথেষ্ট লাভাম্বিত হ’ব পাৰি। সচৰাচৰ সেউজ গৃহ এটা লোহা, কাঠ অথবা বাঁহৰ খুঁটাৰে বনোৱা হয় আৰু ঘৰটোৰ চাল বা বেৰবোৰ গ্লাছ বা প্লাষ্টিকেৰে ঢাকি দিয়া হয়। আৰম্ভণিতে সেউজ গৃহবোৰত গ্লাছহে ব্যৱহাৰ কৰা হৈছিল। লাহে লাহে উন্নতমানৰ প্লাষ্টিক আৱিস্কাৰ হোৱাৰ লগে লগে এইবোৰত বহুল পৰিমাণে প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ লোৱা হয়। সেয়েহে বৰ্তমান সময়ত পলিকাৰ্বনেট, ছেড নেট আদি প্লাষ্টিক সামগ্ৰীসমূহৰ দ্বাৰা বনোৱা সেউজ গৃহৰ ব্যাপকপ্ৰচলন হৈ থকা দেখা গৈছে। জহকালিৰ দিনত সেউজ গৃহৰ ভিতৰত তাপমান সচৰাচৰ বাহিৰৰ তাপমানতকৈ ২-৩ ডিগ্ৰী ছেণ্টগ্ৰেড বেছি হৈ থাকে। আনহাতে জাৰকালি ভিতৰৰ তাপমান বাহিৰৰ তাপমানতকৈ ৫-৬ ডিগ্ৰী ছেণ্টিগ্ৰেড বেছি হয়।

সেউজ গৃহৰ প্ৰকাৰঃ

অতি খৰচীঃ

অতি খৰচী সেউজ গৃহবোৰ উন্নত প্ৰযুক্তি সম্পন্ন আৰু এইবোৰৰ ভিতৰত পানী, পোহৰ, উষ্ণতা, আপেক্ষিক আদ্ৰতা আদি বায়ুমণ্ডলৰ প্ৰায়বোৰ কাৰকৰ নিয়ন্ত্ৰনৰ সুবিধা থাকে। এনে সেউজ গৃহৰ ভিতৰত পোহৰৰ পৰিমাণ বঢ়াবলৈ উচ্চপোহৰ সম্পন্ন বালব, আপেক্ষিক আৰ্দ্ৰতা বঢ়াবলৈ ‘মিষ্টাৰ’, ‘ফগাৰ’, উষ্ণতা বঢ়াবলৈ হিটাৰ আদি ভিন ভিন সঁজুলি ব্যৱহাৰ কৰা হয়। এনে একো-একোটা সেউজ গৃহ নিৰ্মাণত কেইবালাখ টকাও ব্যয় হয়।

মধ্যম খৰচীঃ

মধ্যম খৰচী সেউজ গৃহবোৰত পানী, পোহৰ, উষ্ণতা, আপেক্ষিক আদ্ৰতা আদি বায়ুমণ্ডলৰ কিছুমান কাৰকৰহে আদ্ৰতা আদি বায়ুমণ্ডলৰ কিছুমান কাৰকৰহে নিয়ন্ত্ৰণৰ সুবিধা থাকে, কিছুমানৰ নাথাকে। এনে একো-একোটা সেউজ গৃহ ৪-৫ লাখ টকাৰ ভিতৰত নিৰ্মাণ কৰিব পৰা যায়।

কম খৰচীঃ

কম খৰচী সেউজ গৃহবোৰ বাঁহ বা কাঠৰ খুঁটাৰ ওপৰত প্লাষ্টিক বা পলিথিনৰ চাল দি সজা হয়। অৱশ্যে সেউজ গৃহটোত ব্যৱহাৰ কৰা প্লাষ্টিকখন কোনো সাধাৰণ মানৰ প্লাষ্টিক নহয়। খুব টান আৰু প্ৰায় ২০০ মাইক্ৰন ডাঠ এই পলিথিনখনে সূৰ্যৰ পৰা অহা ৰশ্মিৰ ৮৫-৯০ শতাংশহে ঘৰটোৰ ভিতৰলৈ সোমাব দিয়ে। সূৰ্যৰ পৰা যিবোৰ ‘ইউ ভি’(আল্টা ভায়লেট) অৰ্থাৎ ‘অতি বেঙুনীয়া’ ৰশ্মি আহে, সেই ৰশ্মিবোৰ এই পলিথিনখনে ধৰি ৰাখে। সেয়েহে এই পলিথিনখনক ইউ ভি ষ্টেবিলাইজড্‌ ফিল্ম’ বা অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধী ফিল্ম বুলিও কোৱা হয়। এই ৰশ্মিবোৰ পলিফিল্মখনে ধৰি নাৰাখিলে ঘৰটোৰ ভিতৰত কৰা শাক-পাচলি বা ফুলৰ ৰ্ং, আকাৰ তথা অন্যান্য গুণাগুণ নষ্ট হ’ব পাৰে।

আপুনি জানেনে ধান খেৰত ইউৰিয়া প্ৰয়োগ কৰি উৎকৃষ্টমানৰ পশুখাদ্য প্ৰস্তুত কৰিব পাৰি?

English Summary: green house and types of farming know here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.