
শালিধানৰ সময় সমাগত। আগন্তুক সময়ত কৃষকসকলে অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত উচ্চ উৎপাদনক্ষম শালি ধানৰ খেতি কৰি আৰ্থিকভাৱে লাভবান হ'ব পাৰে। কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাটত উপলব্ধ উচ্চ উৎপাদনক্ষম শালি ধানৰ আধাৰ বীজসমূহ কৃষকসকলে ক্রয় কৰিব পাৰে।
ৰণজিৎ চাব-১
বানাক্ৰান্ত অঞ্চলত দুই সপ্তাহ পর্যন্ত পানীৰ ডুব সহিব পৰা শালি ধানৰ অধিক উৎপাদনক্ষম জাত। বিধাই প্রতি ১৮-২০ মোন গড় উৎপাদনক্ষম এই জাত কৃষিকাল হৈছে ১৪৫-১৫০ দিন।
লগতে পঢ়ক-
Drought tolerant : খৰাং পথাৰত কৰক এই ২ বিধ উন্নতজাতৰ ধান

বাহাদুৰ চাব-১:
বানাক্ৰান্ত অঞ্চলত দুই সপ্তাহ পর্যন্ত পানীৰ ডুব সহিব পৰা শালি ধানৰ অধিক উৎপাদনক্ষম জাত। বিঘাই প্রতি ১৮-২০ মোন গড় উৎপাদনক্ষম এই জাত কৃষিকাল হৈছে ১৪০-১৪৫ দিন।

নুমলী:
বছৰত দুটা খেতি কৰিবৰ বাবে আগতীয়াকৈ চপাবৰ পৰা মধ্যমীয়া কৃষিকালৰ শালি ধানৰ অধিক উৎপাদনক্ষম জাত। বিঘাই প্রতি ১৬-১৮ মোন গড় উৎপাদনক্ষম এই জাত কৃষিকাল হৈছে ১৩০-১৩৫ দিন। এই জাতৰ ধান চপোৱাৰ পিছত কৃষকসকলে ৰবি শস্য যেনেঃ সৰিয়হ আলু, মটৰ বা অন্যান্য শীতকালিন শাক-পাচলিৰ খেতি কৰিব পাৰে। উল্লেখ্য যে উল্লিখিত ধানসমূহৰ বীজ ৪০ টকা দৰত কৃষকসকলে কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাটৰ লগত যোগাযোগ কৰি কৃষকসকলে ক্ৰয় কৰিব পাৰিব।

এই সন্দৰ্ভত অধিক জানিবৰ বাবে ড° ভবেশ চন্দ্ৰ ডেকা (১৪৩৫৩৪০৩৮৭, কৃষ্ণাক্ষী বৰা (৮৬৩৮০৮৩১১৭), ৰাতুল চন্দ্ৰ নেওগ (৬০০৩৬৪২১৭৩)ৰ লগত আগ্ৰহী কৃষকসকলে যোগাযোগ কৰিব পাৰে।
লগতে পঢ়ক-
Share your comments