1. এগ্ৰিপেডিয়া

আগষ্ট মাহত কৰি আগতীয়াকৈ বজাৰত উলিয়াব পৰা খেতি

KJ Staff
KJ Staff
আগষ্ট-ছেপ্তম্বৰ মাহত কৰিব পৰা খেতি
আগষ্ট-ছেপ্তম্বৰ মাহত কৰিব পৰা খেতি

বৰষুণৰ বতৰ কৃষকসকলৰ বাবে অতি উপকাৰী৷ এই ঋতুত শস্যবোৰে পৰ্যাপ্ত পৰিমাণৰ পানী পায়৷ বহুতো শস্যৰ বাবে অধিক পানী ক্ষতিকাৰক আনহাতে কিছুমান শস্যৰ বাবে বৰষুণৰ পানী উপকাৰী৷ কেতবোৰ শস্যৰ বাবে পানীৰ বেছি প্ৰয়োজন নাথাকে। বৰষুণৰ পৰিমাণ কমি অহাৰ লগে লগে কৰিব পৰা কিছুমান খেতিৰ বিষয়ে কৃষকসকলৰ সহায়ৰ বাবে আগবঢ়ালো।

গাজৰ খেতি

আগষ্ট-ছেপ্তেম্বৰৰ সময়খিনিত কৰিব পৰা এবিধ খেতি হ’ল গাজৰ। ই লাভদায়ক খেতি। আগতীয়াকৈ গাজৰ খেতি কৰি বজাৰত উলিয়াব পাৰিলে কৃষক বেছি লাভাৱান্বিত হ’ব। গাজৰ খেতি কৰিবলৈ বৰ বেছি শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন নাই। মাটিডৰা ভালদৰে চহাই অলপ শুকাবলৈ দি গুটি সিঁচিলৈ হৈ যায়। প্ৰয়োজন অনুসৰি সাৰ-পানী আৰু যত্নৰ প্ৰয়োজন হয়।

গাজৰ
গাজৰ

শালগম খেতি

শালগামৰ খেতিও আগষ্ট-ছেপ্তম্বৰ মাহত কৰিব পাৰে। অসমৰ গ্ৰাম্য কৃষকসকলে সাধাৰণতে মূলা-লাইৰ খেতি বেছি কৰে এই সময়ছোৱাত। মূলা-লাইৰ সলনি শালগামৰ খেতিৰ পৰা অধিক লাভৱান হব পাৰিব কৃষকসকল। কাৰণ শালগামৰ দাম আৰু চাহিদা বৰ্তমানসময়ত অধিক। এই খেতিৰ বাবে মাটিডৰা ভালদৰে চহাই অলপ শুকাবলৈ দি শাৰীকৈ ৰোপন কৰিলে প্ৰয়োজন অনুসৰি সাৰপানী যোগান ধৰিবলৈ সুবিধা হয়।

শালগাম
শালগাম

ফুলকবি খেতি

ফুলকবি অসমৰ এবিধ অতি জনপ্ৰিয় খাদ্য। এই ফুলকবিৰ খেতিও আগষ্ট-ছেপ্তেম্বৰত ৰোপন কৰিলে শীতকালত ছিঙিব পৰা হয়। এইখেতিৰ বাবে কৃষকসকলে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণৰ লগতে মাটিৰ গুণাগুণ পৰীক্ষা কৰাতো অত্যন্ত প্ৰয়োজনীয়। কাৰণ এই খেতি অলপ খৰচী। গতিকে লোকচান হ’ব লাগিলে আপোনাৰ মন ভাঙি যাব।

ফুলকবি
ফুলকবি

পালেং শাক খেতি

পালেং শাকক পাচলি আৰু ৰস হিচাপে ব্যৱহাৰ কৰা হয়৷ এই পালেং শাকো কৃষকসকলে আগষ্ট-ছেপ্টেম্বৰৰ সময়খিনিত কৰিব পাৰে। এইখিনি সময়ত কৰি বজাৰত আগতীয়াকৈ উলিয়াব পাৰিলে যথেষ্ট দাম পাব।

পালেং
পালেং

ধনিয়াৰ খেতি

আগষ্ট-ছেপ্টেম্বৰতে কৰিব পৰা আন এবিধ শস্যৰ খেতি হ’ল ধনিয়া। ধনিয়াৰ পাতৰ বাহিৰেও গুটিবোৰ মচলা হিচাপেও ব্যৱহাৰ কৰা হয়। বজাৰত ধনিয়া যথেষ্ট চাহিদা আছে। কেতিয়াবা বজাৰত এজোপা সৰু ধনিয়াতে ৫ টকা পৰ্যন্ত হয়।

ধনিয়া
ধনিয়া

এইবোৰ খেতিৰ উপৰি আগষ্ট-ছেপ্টেম্বৰৰ সময়ছোৱাত আমি লাই, মূলা, ওলকবি, বন্ধাকবি কেৰেলা, বেঙেনা, বিলাহি আদিৰ আগতিয়াকৈ বজাৰলৈ উলিয়াই দি দুগুণ লাভ উঠাব পাৰো।

লগতে পঢ়ক- আগষ্ট-ছেপ্তম্বৰৰ ভিতৰত কৰিব পৰা খেতি

English Summary: Early market able cultivation in August

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.