1. এগ্ৰিপেডিয়া

বিভিন্ন ধৰণৰ হাঁহৰ বেমাৰ আৰু ইয়াৰ প্রতিকাৰৰ উপায়

KJ Staff
KJ Staff

   এইবিধ বেমাৰ সকলো বয়সৰ হাঁহৰেই হয় । এইবিধ ভাইৰাছজনিত বেমাৰ । এই ৰোগ হ’লে হাঁহবিলাকৰ প্ৰাথমিক লক্ষণ হৈছে, হাঁহবিলাকৰ হঠাৎ মৰিবলৈ আৰম্ভ কৰা । পানীত সাঁতুৰি থাকোতেও সিহঁত মৰি ওপঙি থাকিব পাৰে । যিবিলাক হাঁহ ৰোগাক্ৰান্ত হ’লেও জীয়াই থাকে, সিহঁতে পাখি দুখন বাহিৰলৈ মেলি দি মূৰ তললৈ কৰি পৰি থাকে । এনে আক্ৰান্ত হাঁহক যদি বলেৰে উঠাবলৈ চেষ্টা কৰা যায়, সিহঁতৰ মূৰ, ডিঙি আৰু গা কঁপিবলৈ ধৰে । সিহঁতে পোহৰলৈ ভয় কৰা হয় আৰু চকু দুটা আধা মুদা হৈ শেষত চকুৰ পতা এঠা লগা দি চকুত লাগি একেবাৰেই চকু দুটা মেলিব নোৱাৰা হয় । ৰোগাক্ৰান্ত হাঁহবোৰে সেউজীয়া ৰঙৰ পনীয়া শৌচ কৰে । ফলত মলদ্বাৰৰ কাষৰ পাখিবিলাক তিতি থাকে । প্ৰায়েই ডাঙৰ মতা হাঁহবিলাক এনে ৰোগত আক্ৰান্ত হৈ মৰিলে মৃত্যুৰ পাছত সিহঁতৰ পুংজনন্দ্ৰিয়টো বাহিৰলৈ ওলমি থকা দেখা যায় ।

নিবাৰণ আৰু নিয়ন্ত্ৰণ -

এই ৰোগত পৰা হাঁহৰ কোনো বিশেষ চিকিৎসা নাই । অৱশ্যে ছিটা আগতে দি ৰাখিলে, হাঁহক প্লেগ বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰি ।

ছিটা তৈয়াৰ কৰা কোম্পানীৰ নিয়ম অনুসৰি হাঁহবিলাক ছিটাকৰণ কৰোৱা হয় । যেনে- ইনষ্টিটিউট অব ভেটেৰিনাৰী বায়োলজিকেলছ, খানাপাৰা, গুৱাহাটীত তৈয়াৰ কৰা এফ ডি ডাক প্লেগ ভেকচিন ৬ সপ্তাহ বয়সৰ ওপৰৰ হাঁহবিলাক ০.৫ মি: লি: দৰবৰ মাত্ৰাত ছালৰ তলেদি বেজীৰ দ্বাৰা দিয়া হয় । এই বেজী বছৰে বছৰে দিবৰ বাবে অনুমোদন কৰা হয় 

আৰু পঢ়ক- গুটিকালাম কেনেদৰে কৰিব লাগে? ইয়াৰ লাভালাভবোৰ কি কি (Effective Way to grafting fruits Trees)

হাঁহৰ কলেৰা -

সাধাৰণতে ৪ সপ্তাহৰ ওপৰৰ বয়সৰ হাঁহৰহে এই বেমাৰ হোৱা দেখা যায় । অস্বাস্থ্যকৰ, সেমেকা, জেকা আৰু ৰ’দ নপৰা পৰিৱেশত অপুষ্টিকৰ খাদ্য দিলেই এই বেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে । আক্ৰান্ত হাঁহৰ লক্ষণ হ’ল- দানা-পানী খোৱাৰ অৰুচি, সঘনাই পাতল বগা আৰু হালধীয়া ধৰণৰ পায়খানা হোৱা, নাকৰ পৰা এঠাজাতীয় বীজলুৱা পদাৰ্থ বাহিৰ হোৱা ইত্যাদি । এই বেমাৰত ঠেঙৰ জোৰা আক্ৰান্ত হয়, ফুলিবলৈ ধৰে আৰু ফলত খোজকাঢ়িব নোৱাৰা হয় । বেমাৰ হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত হাঁহবোৰে উপযুক্ত চিকিৎসা নাপালে মৃত্যুমুখত পৰে ।

নিবাৰণ আৰু চিকিৎসা -

যিকোনো খাব পৰা ছালফাজাতীয় দৰব বা বহলভাৱে সক্ৰিয় এণ্টিবায়’টিক দৰব খুৱালে হাঁহবোৰ আৰোগ্য হয় ।

প্ৰতিষেধক হিচাপে ডাক কলেৰা ভেকচিন ১ মি: লি: ছালৰ তলেদি বেজীৰ দ্বাৰা দিব লাগে । এই ভেকচিন মাত্ৰ ২ মাহৰ বাবে ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ দিব পাৰে । Institute of Vety. Biological, Khanapara ত এই ভেকচিন পোৱা যায় ।

ছালমনেল’ছিছ -

এবিধ ছালম’নেলা নামৰ বেক্টেৰিয়াৰ দ্বাৰা এই বেমাৰ হয় । এই বেমাৰ হ’লে সৰু হাঁহৰ পোৱালিবোৰ পাখি ওলমি পৰে, নোখোৱা হয় । পানী বেছিকৈ খায় আৰু ডা্য়েৰিয়া হয় । মলদ্বাৰৰ চাৰিওফালে বগা ৰঙৰ পদাৰ্থ জমা হৈ থাকে । বেমাৰী হাঁহে পৰা কণীৰ যোগেদিও এই বেমাৰ সংক্ৰমিত হয় ।

নিবাৰণ :-

*উৎপাদন হোৱা কণীবোৰ ফৰমেলিন মিহলি পানীৰ দ্বাৰা পৰিষ্কাৰ কৰি বীজাণু নাশ কৰিব লাগে ।

*চিকিৎসা হিচাপে ফুৰাজলিডন নামৰ ঐষধ ব্যৱহাৰ কৰিব লাগে ।

আৰু পঢ়ক- ধান খেতিত কেনেকৈ অধিক লাভ অৰ্জন কৰিব পাৰি? (Increase production of Rice Farming )

আফ্লাটক্সিক’ছিছ -

আহাৰত আফ্লাটক্সিন নামৰ এবিধ বিষৰ সংস্পৰ্শ হ’লেই হাঁহৰ এই বেমাৰ হয় । এবিধ ভেঁকুৰৰ পৰা এই বিষ উৎপন্ন হয় । বাদামৰ খলিহৈ, পচা মাকৈ আদিত এইবিধ ভেঁকুৰে বাহ লয় আৰু বিষ উৎপন্ন কৰে । এই বিষৰ দ্বাৰা পোৱালিবোৰ আক্ৰান্ত হ’লে হঠাতেই মৰিবলৈ ধৰা দেখা যায় । ৰোগ পুৰণি হ’লে আক্ৰান্ত ডাঙৰ হাঁহবোৰো দুৰ্বল হৈ জপকা মাৰি ছটফটাবলৈ ধৰে । হাঁহবিলাকৰ পাতল পায়খানা হয় আৰু দেহ বৃদ্ধি নহয় ।

প্ৰতিকাৰ হিচাপে ভেঁকুৰযুক্ত পচা দানা বা খলিহৈ খুৱাব নালাগে । লিভল অথবা লাইফাৰ নামৰ এবিধ ঔষধ মাজে-সময়ে হাঁহজাকক দিব লাগে ।

শ্লিপটেনডন বা পেৰছিছ -

শৰীৰত মেংগানিজ নামৰ খনিজ পদাৰ্থ আৱশ্যকীয় পৰিমাণতকৈ কমি গ’লে এই বেমাৰ হয় । সৰুৰ পৰা মজলীয়া হাঁহ এই বেমাৰত বেছিকৈ আক্ৰান্ত হয় । এই বেমাৰৰ লক্ষণবোৰ বেমাৰী হাঁহৰ আঁঠুৰ অংশ ফুলি উঠে আৰু চুই চালে উষ্ণতা বৃদ্ধি পোৱা / গৰম হোৱা অনুভৱ কৰিব পৰা যায় । পিছলৈ ভৰিবোৰ ক্ৰমান্বয়ে ধেনুভিৰীয়া হৈ পৰে আৰু হাঁহবোৰে খোজকাঢ়িব নোৱাৰা হয় ।

চিকিৎসা :- মেংগানিজ ছালফেট ১০ গ্ৰাম প্ৰতি ১০০ কেজি দানাৰ লগত মিহলাই দিব লাগে ।

বটুলিজিম -

পুৰণি খাদ্যত ভেঁকুৰ আদি গজিলে আৰু তেনে খাদ্য হাঁহ খালে এই বেমাৰ হয় । গেলা-পচা জীৱ-জন্তু বা তেনে মৰা বস্তুত উৎপন্ন হোৱা মাখিৰ পলু খায়ো হাঁহ মৃত্যুমুখত পৰে । প্ৰথমে বেমাৰী হাঁহৰ ভৰিখন আৰু পিছলৈ গোটেই দেহটো জঠৰ হৈ পৰে আৰু শেষত মৃত্যুমুখত পৰে । হাঁহক গেলা- পচা বস্তু খাব দিয়াৰ পৰা বিৰত ৰাখিব পাৰিলেই এই বেমাৰৰ পৰা হাঁহজাকক আক্ৰান্ত নোহোৱাকৈ ৰাখিব পাৰি ।

পেলুজনিত বেমাৰ -

পেলুৰ বিৰুদ্ধে হাঁহৰ প্ৰতিৰোধক ক্ষমতা আছে যদিও আবদ্ধ পদ্ধতিত ৰাখিলে হাঁহবোৰ পেলুৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে । এনে হ’লে এলব’মাৰ বা লিভামিছল নামৰ ঔষধ চিকিৎসকৰ দিহা মতে দিব লাগে ।

উৎস :- অসমীয়া খবৰ

আৰু পঢ়ক- কীট নিয়ন্ত্রণ: আপুনি প্রাকৃতিকভাৱে এনেদৰে ঘৰতে নীমস্ত্র বনাই খেতিপথাৰৰ পোক নিয়ন্ত্রণ কৰিব পাৰে
English Summary: Duck disease and it's vaccine like plague disease

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.