1. এগ্ৰিপেডিয়া

জেঠ-আহাৰত কৰিব পৰা শালিৰ খেতিঃ

KJ Staff
KJ Staff
Rice Cultivation
Rice Cultivation

শালি ধানঃ

জেঠৰ মাজভাগৰ পৰা আহাৰৰ শেষভাগৰ ভিতৰত কঠীয়াতলীয় বীজ সিঁচাৰ উপযুক্ত সময়। আহাৰৰ মাজভাগৰ পৰা শাওণৰ ভিতৰত কঠীয়াবোৰ মূল পথাৰত ৰুব পাৰে।

প্ৰতি বিঘাত সাৰৰ পৰিমাণঃ

পথাৰ প্ৰস্তুতিৰ সময়ত ১৩ কুইণ্টল পচন সাৰ প্ৰয়োগ কৰিব পাৰে। চাপৰ জাতৰ শালি ধানৰ বাবে ইউৰিয়া ১৮ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ১৭ কিলোগ্ৰাম, এমঅ’পি ৯ কিলোগ্ৰাম ব্যৱহাৰ কৰিব পাৰে। ওখ জাতৰ বাবে ৬ কিলোগ্ৰাম ইউৰিয়া, ৮ কিলোগ্ৰাম একক ছুপাৰ ফছফেট, ২ কিলোগ্ৰাম এমঅ’পি ব্যৱহাৰ কৰিব পাৰে।

মধ্যমীয়া চাপৰ জাতৰ শালি ধান

অনুমোদিত জাত

কৃষি কাল (দিন)

আই আৰ-৩৬

১১০-১২৫

পংকজ

১৪৫-১৫০

বাহাদুৰ

১৫০-১৫৫

কুশল

১৫০-১৫৫

ৰঞ্জিত

১৫০-১৫৫

জয়া

১২৫-১৩০

লখিমী

১৪০-১৪৫

পিয়লি

১৫০-১৫৫

মণিৰাম

১৫০-১৫৫

অভিষেক

১১৫-১২০

নবীন

১২০-১২৫

বৰা ধান

ৰাঙলী

১৬০-১৬৫

ভোগালী

১৫৫-১৬০

আঘোণী

১৬০-১৬৫

বহু তৰপীয়া কৃষিৰ বাবে উপযোগী জাত

সত্য

১৩০-১৩৫

বসুন্ধৰা

১৩০-১৩৩

কেতেকী জহা

১৫৫-১৬৫

মনোহৰ শালি

১৫৫-১৬০

মাছুৰী

১৪০-১৪৫

স্বৰ্ণপ্ৰভা

১১৫-১২০

বানপানীৰ পিছত পলমকৈ কৰিব পৰা কেইবিধমান শালি ধানৰ জাতঃ

মনোহৰ শালি, বিৰাজ, শলপোনা, প্ৰসাদভোগ আদি।

দ’ অঞ্চলত কৰিব পৰা কেইবিধমান শালি ধানঃ

প্ৰফুল্ল (১৫০-১৫০), গীতেশ (১৫০-১৬০) আদি।

শালি ধানৰ বৰ্ণসংকৰ জাতঃ

অনুমোদিত জাত

কৃষি কাল (দিন)

এন কে ৫২৫২

১৩০-১৩৫

ডি আৰ আৰ এইচ-২

১৩০-১৩৫

চি আৰ এইচ আৰ-৫

১৩০-১৩৫

পি এ চি-৮৩৫/৮৩২

১৩০-১৩৫

পি এ-৬৪৪৪ গ’ল্ড

১৩০-১৩৫

চাহিদ্ৰী

১২৫-১৩৫

জে কে-৪০১

১২৫-১৩০

কৃষিৰ দিহাঃ

দ’ অঞ্চলৰ বাবে ৰঞ্জিত, বাহাদুৰ, পিয়লি, মণিৰাম, পংকজ, কুশল আদিৰ দৰে জাতৰ খেতি কৰিব পাৰে।

মধ্যম চানেকীয়া পথাৰৰ বাবে সত্য, বসুন্ধৰা, স্বৰ্ণপ্ৰভা আদিৰ দৰে মধ্যমীয়া কৃষিকালৰ বীজ ব্যৱহাৰ কৰিব লাগে। খেতি চপোৱাৰ পাছত সেই অঞ্চলসমূহত শাক-পাচলি, সৰিয়হৰ খেতি কৰিব পাৰে। প্ৰয়োজন সাপেক্ষে শস্য ৰক্ষাৰ ব্যৱস্থা লোৱা উচিত।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

English Summary: Cultivation of rice

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.