1. এগ্ৰিপেডিয়া

Winter crops : শীতকালীন শস্য ৰোপণৰ আগতে এইবোৰ কথা বিবেচনা কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আহি আছে শীতকালীন শস্যৰ খেতি সময়। দুই এজন কৃষকে অৱশ্যে আগতীয়াকৈ কবি, মূলা, ধনিয়া আদিৰ খেতি কৰিবলৈ আৰম্ভ কৰিছেই। অলপ আগতীয়াকৈ কৰিলে কৃষকসকলৰ অকণমান কষ্ট হয়, খৰচো বেছি হয় কিন্তু বজাৰত উতপাদিত শাক-পাচলিসমূহৰ চাহিদা থাকে আৰু দামো বেছি পায়। গতিকে কৃষকসকলে পৰাপক্ষত অলপ আগতীয়াকৈ শস্যসমূহৰ খেতি কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যিমান পাৰে কিছুমান নতুন শস্যৰো খেতি কথা ভাবিব লাগে। আমাৰ অধিকাংশ কৃষকে শস্যৰ খেতি কৰে তাকে নকৰি কিছুমান ব্যতিক্ৰম ধৰণৰ খেতি কৰিবলৈ চাব লাগে। শীতকালত কবি মূলা, লাই, বিলাহী, আদিৰ খেতি সকলোৱে কৰে। গতিকে ঘৰত খাব পৰাকৈ এই পাচলিসমূহৰ খেতি কৰি গাজৰ, ধনিয়া, ব্ৰকলি, জুকিনি, ৰঙা আলু, আমাৰ থলুৱা আলু আদিৰ খেতি ব্যৱসায়িকভাৱে অধিক পৰিমানে কৰিবলৈ লওঁক। কাৰণ এই পাচলিসমূহৰ বেছি কৃষকে নকৰে আৰু বজাৰত অন্য পাচলিতকৈ দামো অধিক পৰিমানে পাব আৰু সকলো সময়তে বজাৰত চাহিদা থাকে।

লগতে পঢ়ক-

৭০ দিনতে এক-ডেৰ লাখ টকা, অক্টোবৰ-নৱেম্বৰতে কৰক এই কাম

কৃষকসকলক জনাও যে ব্যৱসায়িকভাৱে খেতি কৰিবলৈ লৈ অকণমান মাটিত কৰি লাভ নাই। যিহেতু খেতিত আপুনি ব্যস্ত থাকিবই লাগিবই। গতিকে কম পৰিমাণে কৰি খেতিত ব্যস্ত থকাতকৈ অধিক পৰিমাণে কৰি ব্যস্ত থাকক। কিন্তু বেচিকৈ কৰি চম্ভালিবলৈ নোৱৰাকৈ নকৰিব। খেতি কৰোঁতে আমাৰ কৃষকে শস্যৰ ভাল বীজ, উন্নত জাতৰ ওপৰত গুৰুত্ব দিব। কিয়নো শস্যৰ জাত ভাল নহলে এজন কৃষকে যিমান কষ্ট কৰি খেতি কৰিলেও লাভ নহ’ব।  কোনো এবিধ শস্যৰ খেতি ৬০ শতাংশৰ সফলতা নিৰ্ভৰ কৰে উন্নত জাতৰ ওপৰত। লগতে আৰু এটা কথা জনাও- কৃষিক্ষেত্ৰখনত সফলতা লাভ কৰিবলৈ যি শস্যৰ খেতি কৰিবলৈ লৈছে সেই শস্যৰ খেতিৰ পদ্ধতিটোৰ বিষয়ে জনাটো অতি জৰুৰী। আনে কৰা দেখি কৰিলে বহু সময়ত আমাৰ কৃষকসকলে ভৱা ধৰণে ফল লাভ কৰিবলৈ সক্ষম নহয়। গতিকে যি শস্যৰ খেতি কৰিবলৈ লৈছে সেই শস্যৰ কৃষি পদ্ধতিৰ বিষয়ে অভিজ্ঞ ব্যক্তি বা কৃষি বিষয়াৰ পৰা সম্যক জ্ঞান লৈ লোৱাটো অত্যন্ত জৰুৰী।

শীতকালীন শস্যৰ খেতিৰ বাবে পানী অত্যন্ত প্ৰয়োজনীয়। গতিকে কৃষকসকলে খেতি-পথাৰত প্ৰয়োজনীয় পানীৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমাৰ অধিকাংশ কৃষকে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰে। বেছিভাগ কৃষকৰে কৃষি পথাৰত পানীৰ ব্যৱস্থা নাথাকে যাৰবাবে বহু সময়ত পানী সমস্যাটোৰ বাবে লোকচানৰ সন্মুখীন হয়। আজি কালি ৰাজ্যৰ কৃষি বিভাগেও কৃষকৰ পানীৰ সমস্যাটো সমাধানৰ বাবে কাম কৰি আছে। বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিসমূহৰ সুবিধা কৃষক ৰাইজে জিলা কৃষিকাৰ্যালয়ৰ লগত যোগাযোগ কৰি গ্ৰহণ কৰিব পাৰে। নাইবা আজিকালি প্ৰত্যেক ঘৰতে বিজুলিৰ সংযোগ আছে। বিজুলিৰ দ্বাৰাও কিছুমান পানীৰ মেচিন চলাই কৃষি কাৰ্যত প্ৰয়োজনীয় পানী পথাৰত যোগান ধৰিব পাৰিব।

লগতে পঢ়ক- 

বহি:ৰাজ্যত চৰকাৰী চাকৰি এৰিও চাকৰিয়ালে কৰিছে জুকিনিৰ খেতি

English Summary: Consider these points before planting winter crops

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.