 
            আমা্ৰ কৃষকসকলে হয়তো টিভি বা মবাইল ওপৰৰ ফটোত দেখা পাচলিবিধ দেখিছে। হয়তো বহু কৃষকে নেদেখিবও পাৰে! এই পাচলিবিধক কোৱা হয় চাইনীজ বন্ধা কবি (Chinese Cabbage)। ভাৰতবৰ্ষত দুই এজন কৃষকে এই কবি বিধৰ খেতি কৰিছে। চাইনীজ বন্ধা কবি নামেৰে জনাজাত এই পাচলিবিধ জাপানতো খুব জনপ্ৰিয়। ই দেখাত প্ৰায় আমাৰ বন্ধা কবিৰ দৰেই। যদিয়ো ই অকণমান দীঘলীয়া। পাতৰ দৰে। মানে লাইশাকৰ দৰে। কিন্তু লাই আৰু বন্ধাকবি- এই দুয়োটাৰ পৰাই ই পৃথক। খাবলৈ সুস্বাদু। স্বাস্থ্যসন্মত। আৰু ইয়াৰ দাম অধিক। অনলাইনত ১ কেজি এনে চাইনীজ কবিৰ দাম ১০০ টকাৰ পৰা ৮০ টকা।
আটাইতকৈ ডাঙৰৱ কথাটো হ’ল- এই কবি বিধৰ খেতি অসমৰ জলবায়ুৰ লগতো মিলি যায়। গতিকে যিসকল কৃষকে নতুন শস্যৰ খেতিৰ প্ৰতি আগ্ৰহী তেওঁলোকে বন্ধাকবি, লাই শাক, বা অন্যান্য পাতজাতীয় পাচলিৰ খেতিৰ সলনি চাইনীজ বন্ধাকবিৰ খেতি কৰিব পাৰে। এই পাচলিৰ খেতি বিজ্ঞানসন্মতভাৱে কৰিলে আমাৰ কৃষকসকল লাভান্বিত হব। প্ৰথম কথা আমাৰ থলুৱা বন্ধাকবিতকৈ ইয়াৰ দাম বেছি। কিন্তু এই খেতি কৰিবলৈ খৰচ বন্ধা কবিৰ দৰেই। দ্বিতীয়তে, বন্ধাকবি খেতি বহু কৃষকে কৰে। কিন্তু চাইনীজ কবিৰ খেতি যদি আপোনাৰ অঞ্চলত আপুনিয়েই কৰে তেতিয়া বজাৰৰ কোনো প্ৰতিযোগিতা নাথাকে। আৰু নতুন পাচলিৰ সোৱাদ লবলৈ বহু খাদ্যৰসিক আগ্ৰহী।
এতিয়া কথা হ’ল- অসমৰ কৃষকৰ বাবে এই নতুন পাচলিবিধ একেবাৰে নতুন। গতিকে চাইনীজ বন্ধকবিবিধৰ কৃষি পদ্ধতি সন্দৰ্ভত আমি দুটামান কথা আলোচনা কৰো। এই বন্ধাকবি বিধৰ খেতি শীতকালত কৰা হয়। আমাৰ কৃষকসকলে পলিহাউচ বা গ্ৰীন হাউচৰ ভিতৰত যিকোনো সময়তে কৰিব পাৰে। ইয়াৰ কৃষিপদ্ধতি বন্ধকবি খেতিৰ দৰেই। চাব লাগে যিডোখৰ ঠাইত দিনটোৰ ভিতৰত ৪-৫ ঘন্টা সূৰ্যৰ পোহৰ পৰে; তেনে এই কবিবিধৰ খেতি কৰিব পাৰে। বীজ অংকুৰিত কৰি মূল কৃষিভূমিত ৰোপন কৰাৰ দুই মাহৰ ভিতৰতে এই কবি বিধ চিঙিব পৰা হয়। এই পাচলিবিধৰ বীজ আপোনালোকে পাবলৈ এমাজন বা ফিলিপকাৰ্টত অৰ্ডাৰ কৰিব পাৰে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments