
পাঠকসকলক আজি পলিহাউচৰ ভিতৰত অসম গৌৰৱ বঁটাপ্ৰাপ্ত কৃষক ৰাহুল গুপ্তাই কৰা কেপচিকামৰ খেতি বিষয়ে জনাম।প্ৰথমেই কৃষকগৰাকীয়ে পলিহাউচৰ ভিতৰত কৰা কেপচিকামৰ খেতি ডৰাৰ কেইখনমান ফটো আপোনালোকক দেখুৱাই ল’ব বিচাৰিছো। আপোনালোকে দেখি থকা এই কেপচিকামখিনি একেবাৰে শেষৰ পৰ্যায়ৰ। আৰু দুই এটা দিনৰ ভিতৰতে এই জলকীয়াখিনি উঠাই তাত অন্য খেতি কৰিব।


একেবাৰে শেষৰ পৰ্যায়ত হ’লেও আমাৰ আপোনালোকে দেখিছে কেনেকৈ এতিয়াও ৰঙা-হালধীয়া কেপচিকামবোৰ খুব সুন্দৰকৈ লাগি আছে। কৃষকগৰাকীয়ে কয়- পলিহাউচৰ ভিতৰত এনেকৈ খেতি কৰিলে শস্যৰ বেমাৰ- আজাৰ কম হয় আৰু উৎপাদন ভাল হয়। আৰু উৎপাদন হোৱা শাক-পাচলিৰো মানো ভাল হয়। মই এনেকৈ পলি হাউচৰ ভিতৰত বিলাহী, চীনা লাই, কেপচিকামৰ খেতি কৰি আছো। আপুনি দেখি থকা এই কেপচিকামবোৰ মই ২৪০ টকা দৰত বিক্ৰি কৰি আছো।
আপোনালোকক জনাও যে এনেকৈ পলিহাউচৰ ভিতৰত খেতি কৰিলে বতাহ-বৰষুণ, ৰ’দৰ কোনো প্ৰভাৱ নপৰে শস্যৰ ওপৰত। পলিহাউচৰ ভিতৰত কৃষকসকলে অবতৰত কিছুমান শস্যৰ খেতি কৰি লাভ উঠাব পাৰে। অবতৰৰ কিছুমান শস্যৰ খেতি কৰি বতৰত কৰাতকৈ দুগুণ দামত আমাৰ কৃষকসকলে বিক্ৰি কৰিব পাৰে।

পলিহাউচ বুলিলেই আমাৰ কৃষকসকলৰ মনলৈ এটা ডাঙৰ বাজেটৰ কথা আহে। হয়, আপোনালোকে ৰাহুল গুপ্তাৰ দৰে এটা পলিহাউচ বনাবলৈ এজন কৃষকক যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন হয়। কিন্তু আমাৰ কৃষকসকলে কম খৰচত বাঁহেৰে পলিহাউচ বনায়ো কৃষক ৰাহুল গুপ্তাই কৰাৰ দৰে শস্যসমূহৰ খেতি কৰিব পাৰে। আৰু বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰে। বাঁহেৰে এটা পলিহাউচ আমাৰ কৃষকসকলে ৩০-৪০ হাজৰ ভিতৰত বনাই ল’ব পাৰে। আৰু সেইটোৰ পৰাই বছৰি এটা ভাল উপাৰ্জন কৰি থাকিব পাৰিব। ভালকৈ বনাই ল’লে বাঁহেৰে বনোৱা পলিহাউচ এটাও ৫-৬ বছৰ যায়।
পঢ়ক-
UV plastic : পলিহাউচত ব্যৱহাৰ কৰা UV প্লাষ্টিকখনৰ দাম কিমান! ই কেনেকৈ কাম কৰে!
লগতে আমাৰ কৃষকসকলক জনাওঁ যে পলিহাউচত খেতি কৰিবৰ বিশেষ কিছুমান প্ৰজাতিৰ শস্যৰ প্ৰয়োজন। এই প্ৰজাতিবোৰ বিশেষকৈ পলিহাউচক লক্ষ্য কৰিয়েই কৃষি বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে। গতিকে কৃষকসকলে পলিহাউচত খেতি কৰাৰ পূৰ্বে কোনবোৰ জাত পলিহাউচ খেতিৰ বাবে ভাল সেই কথা অভিজ্ঞ ব্যক্তি বা কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লৈ আগবাঢ়িব লাগিব। অন্যথা লোকচানৰ সন্মুখীন হ’ব আমাৰ কৃষকসকল।
লগতে পঢ়ক-
৮৫ শতাংশ ৰাজসাহাৰ্যত প্ৰতিখন জিলাৰ কৃষি কাৰ্যালয়ত ড্ৰীপ ইৰিগ্যেশ্বন
Share your comments