1. এগ্ৰিপেডিয়া

ক’লাধানে মচিব কৃষকৰ চকুলো

KJ Staff
KJ Staff
Black Rice
Black Rice

অসমৰ গোৱালপাৰা জিলাৰ প্ৰগতিশীল কৃষক উপেন ৰাভাই আৰম্ভ কৰা ক’লা ধানৰ খেতিয়ে সম্প্ৰতি অসমৰ কৃষি জগতলৈ নতুন নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। ইতিমধ্যে ৰাভাই ‘উপেন্দ্ৰ ৰাইচ’ৰ নামত প্ৰেটেন্ট পোৱা এইবিধ চাউলৰ ধান খেতিয়ে অসমৰ নামনিৰ পৰা উজনিলৈ ক্ষিপ্ৰ গতিৰে সম্প্ৰসাৰণ লাভ কৰিছে। যোৱাটো বছৰত এই কাকতৰ পৃষ্ঠাত এইবিধ ধান সম্পৰ্কে বিতং প্ৰকাশ পোৱাৰ পাছত উজনি অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, মাজুলী, লখিমপুৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত ক’লাধানৰ খেতিয়ে কৃষকৰ পথাৰত ভুমুকি মাৰিবলৈ সক্ষম হয়।

যদিওবা ইয়াৰ পূৰ্বে গোলাঘাট আৰু শিৱসাগৰৰ দুই-এঠাইত ক’লাধানৰ খেতি কৰা বুলি জানিব পৰা গৈছে, তথাপি হৈ যোৱা কৃষি বৰ্ষটোৰ পৰাহে উজনিত জনপ্ৰিয়তা লাভ কৰিছে। উল্লেখ্য যে উপেন্দ্ৰ ৰাভাৰ পৰা সংগ্ৰহ কৰা বীজেৰে মাজুলীত দুগৰাকী প্ৰগতিশীল কৃষকে ক’লাধানৰ খেতি আৰম্ভ কৰে। তাৰে এগৰাকী কৃষক কমাৰগাঁওৰ দ্বীপেন শইকীয়া(কনভাই)ৰ ক’লা ধানৰ ৰোৱা সজাল ধৰোতেই মথাউৰি ছিগা বানে পথাৰ বুৰাই পেলায়। কেইবাদিনো পানীৰ তলত থকা ৰোৱা গেলি নষ্ট হয়। বিবুদ্ধিৰ পৰা কৃষকগৰাকীয়ে উদং পথাৰডৰাত বিকল্প ৰোৱাৰ অসুবিধাত তেনেদৰেই পেলাই ৰাখিলে।

পানী ওলাই যোৱাৰ কিছুদিনৰ পাছত গেলি যোৱা ৰোৱাৰ গুৰিৰ পৰা আকৌ গজালি মেলিলে আৰু চাওঁতে চাওঁতে ৰোৱাই পুনৰ সজাল ধৰিলে য’ৰ পৰা তেওঁ যথেষ্ট উৎপাদন লাভ কৰা বুলি দাবী কৰিছে। কৃষকগৰাকীৰ ক’লাধানৰ পথাৰখনে অসমৰ কৃষিপথাৰলৈ এক শুভবাৰ্তাই কঢ়িয়াই আনিলে। বান আৰু জল ডুবা পথাৰত পানীয়ে ধুই নিয়াৰ ভয়ত কৃষি কৰিবলৈ শংকা কৰা কৃষকৰ বাবে হয়তো ক’লাধানৰ খেতিয়ে এক বিকল্প উপায়ৰ ইংগিত বহন কৰিলে। একেদৰে আনগৰাকী কৃষক দেওদিয়াটীৰ পৰেশ শইকীয়াৰ পথাৰত হোৱা গেজেপ মৰা ক’লাধানডৰা অন্য ধানতকৈ বেছি আগতীয়া হোৱাত পতনুৱা হোৱা বুলি তেওঁ জানিবলৈ দিছে।

লখিমপুৰৰ লেচাই গাঁৱৰ জান আৰু তেওঁৰ লগৰ এগৰাকী কৃষক ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ ৰঞ্জন চাংমাই আৰু জকাইৰ গিৰীন্দ্ৰ চাংমায়ে এই ধানৰ খেতি কৰি ভাল উৎপাদন পাবলৈ সক্ষম হোৱা বুলিবলৈ দিছে। উল্লেখ্য যে এইবিধ ধানৰ জচাউলৰ মলত অন্যান্য চাউলতকৈ বেছি পৰিমাণৰ ভিটামিন ই থাকে, যি ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ লগতে মানৱ দেহৰ কোষসমূহৰ অৱক্ষয় ৰক্ষা কৰে। তদুপৰি এই চাউলবিধত বেছি পৰিমাণৰ এন্টি অক্সিডেন্ট থাকে। এই চাউলৰ এসাঁজৰ পৰাই আমাৰ দেহৰ প্ৰয়োজনীয় লৌহ পদাৰ্থ চাৰি শতাংশ পোৱা যায়। ৰক্তহীনতাত ভোগা লোকৰ বাবে ক’লা চাউল অতি উৎকৃষ্ট। ক’লা চাউলে ধমনীক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে ডি এন এক প্ৰতিৰক্ষা প্ৰদান কৰে। তাৰ ফলত নানা ধৰণৰ কেন্সাৰ, মাৰাত্মক ৰোগ প্ৰতিহত হয়। মধুমেহ ৰোগীৰ বাবেও ই উৎকৃষ্ট খাদ্য।

এনে বিষয়ত হোৱা বিভিন্ন কৃষি গৱেষণামূলক প্ৰতিবেদনে এই কথা দাবী কৰিছে। অতি উল্লেখ্য যে গোৱালপাৰাৰ পথাৰত হোৱা ক’লাধানৰ চাউলবিধ অতি টান, যিকোনো খাদ্য প্ৰস্তুত কৰিবলৈ আগদিনাই তিয়াই থ’ব লাগে। কিন্তু উজনি অসমত কৰা ক’লাধানৰ চাউল তাৰ বিপৰীতে অতি কোমল। এই চাউল ভাতৰ পৰা আদি কৰি যিকোনো জা-জলপান, পিঠা-পনা আদি তৈয়াৰ কৰি খাব পাৰি।

সাধাৰণতে ক’লা চাউলৰ পায়স অতি উৎকৃষ্ট। এই চাউলৰ পৰা অভিজাত খাদ্য তালিকাত প’ৰিজ, দেজাৰ্ট, ব্ৰেড, নুডলছ আৰু ক্ৰেকাৰ ছিপছ আদিৰ স্থান পাইছে। সম্প্ৰতি উজনি অসমৰ ক’লা চাউলেৰে উজনি অসমৰ বৰা চাউলৰ স্থান লাভ কৰিছে। বৰা চাউলৰ পৰা তৈয়াৰ কৰিব পৰা সকলো তৰহৰ খাদ্য ইতিমধ্যে এই চাউলেৰে প্ৰস্তুত কৰিছে। ক’লা চাউলেৰে উজনি অসমৰ বৰা চাউলৰ স্থান লাভ কৰিছে। বৰা চাউলৰ পৰা তৈয়াৰ কৰিব পৰা সকলো তৰহৰ খাদ্য ইতিমধ্যে এই চাউলেৰে প্ৰস্তুত কৰিছে। ক’লাধানৰ চাউলৰ প্ৰকাশিত উপকাৰিতা আৰু বাহিৰৰ বজাৰত ক’লা চাউলৰ চাহিদা থকাত অসমৰ কৃষক ক’লা ধানৰ খেতিকৰাত আগ্ৰহী হৈ পৰিছে।

ইতিমধ্যে প্ৰগতিশীল কৃষক উপেন্দ্ৰ ৰাভাই নিজা অঞ্চলত যিদৰে ব্লেক ৰাইচ প্ৰডাকচন কমিটী গঠন কৰি সমবায় ভিত্তিত এই কৃষি কৰি আৰু বিদেশৰ এখন বজাৰ সৃষ্টি কৰি লাভৱান হৈছে সেয়াও অসমৰ কৃষি খণ্ডৰ বাবে শুভ বতৰা।

এই প্ৰগতিশীল কৃষকগৰাকীয়ে অসমৰ আগ্ৰহী কৃষকসকলৰ লগত সমন্বয় ৰক্ষা কৰি যদিহে ক’লাধানৰ খেতিক আগুৱাই নিয়ে, তেন্তে হয়তো ক’লাধানে এক বিপ্লৱৰ সূচনা কৰিব পাৰিব। অসমৰ কৃষি বিভাগে এনে সময়ত কৃষকসকলক উৎসাহী কৰাৰ লগতে পৰিগাঁথনিৰ সৃষ্টি কৰাত গুৰুত্ব দিলে কৃষি উদ্যোগ সবল হৈ উঠিব।

লেখক: কমল দত্ত(অসম বাণী)

English Summary: Black rice- most profitable cultivation for farmers.

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.