জালুক এবিধ প্ৰসিদ্ধ মচলা । পৃথিৱীৰ প্ৰায় সকলো দেশতে জালুকৰ বহুল ব্যৱহাৰ হয় । জালুকৰ পৰা তেল আৰু ওলিওৰেচিন নিষ্কাশন কৰি উলিওৱা হয় । এইবোৰ বিভিন্ন ঔষধ প্ৰস্তুত প্ৰতিষ্ঠানত ব্যৱহৃত হয় বাবে ইয়াৰ চাহিদা বজাৰত বেছি । প্ৰায় ১২০ খন দেশলৈ ভাৰতৰ পৰা জালুক ৰপ্তানি হয় । ভাৰতৰ ভিতৰত কেৰালাত ইয়াৰ উৎপাদন বেছি । অসমৰ জলবায়ু আৰু মাটি জালুকৰ খেতিৰ বাবে উত্তম । তথাপি ইয়াৰ উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়াৰ লগতে ইয়াৰ পৰিচৰ্যা প্ৰণালী সম্বন্ধে জ্ঞানৰ অভাৱতো ইয়াৰ খেতি সু- প্ৰতিষ্ঠিত হোৱা নাই । জালুকৰ খেতিৰ বাবে পানী আৱদ্ধ নোহোৱা, অম্লতাযুক্ত পলসুৱা মাটিৰ আৱশ্যক । জালুকৰ ১০০ ৰো অধিক জাত পোৱা যায় । পাতৰ আকাৰ প্ৰকাৰ, ফুল আৰু ফলৰ চৰিত্ৰৰ পৰা জাতবোৰ বেলেগ হয় । কৰিমুণ্ডা, কোট্টানদন, নীলামুণ্ড, বালানকোট্টা, কল্লভেলী, পেনিয়ুৰ-১, পেনিয়ুৰ-২ (কৃষ্ণা), পেনিয়ুৰ-৪ (চিমলা), শ্ৰীকাৰা, পঞ্চমী পূৰ্ণমী ইত্যাদি জাতবোৰ অধিক উৎপাদনক্ষম ।
কলম লোৱা পদ্ধতি: সাধাৰণতে উৎপাদনক্ষম আৰু নিৰোগী জালুক গছৰ ঘাই লতাডালৰ পৰা কলম লোৱা হয় । ফেব্ৰুৱাৰী-মাৰ্চ মাহত ২-৩ টা গাঁঠি থকা কলমবোৰ ঘাই লতাডালৰ পৰা সংগ্ৰহ কৰি পুলিবাৰীত নাইবা পলিথিন বেগত ৰুব লাগে । দুইৰ পৰা তিনিমাহৰ ভিতৰত নতুনকৈ শিপা আৰু গা-গছ ওলাবলৈ ধৰে আৰু মে-জুন মাহলৈ স্থায়ী পুলি ৰুবৰ বাবে সাজু হয়। পুলি ৰোৱাৰ প্ৰণালী: তিনি মি:x৩ মি: ব্যৱধানত ৫০ চে:মি:x৫০ চে: মি: x ৫০ চে:মি: গাঁত খান্দিব লাগে আৰু ২-৩ টা শিপাযুক্ত কলম ৰুব লাগে । লতাবোৰ বগাবৰ বাবে বাঁহ বা কাঠৰ হেলনীয়াকৈ খুঁটা বনাই দিব লাগে । যদিহে তামোল, নাৰিকল, আম, কঁঠাল আদি গছত বগাব পৰাকৈ জালুকৰ পুলি ৰোৱা হয়, তেন্তে পুলিবোৰ এনেদৰে ৰোৱাৰ ব্যৱস্থা কৰিব লাগে যাতে আশ্ৰয়কাৰী গছৰ গুৰি আৰু পুলিৰ মাজৰ দূৰত্ব কমেও ৩০ চে:মি: থাকে ।
পৰিচৰ্যা: কোমল লতাবোৰ সূৰ্যৰ প্ৰখৰ ৰ’দৰ পৰা বচাই ৰাখিব লাগে । গছৰ তলভাগ ভালদৰে চাফা কৰি ৰাখিব লাগে আৰু কোনো ডাল ৰাখিব নালাগে । গছবোৰ চাৰি মিটাৰতকৈ বেছি ওখ হ’বলৈ দিব নালাগে ।
সাৰ প্ৰয়োগ : এপ্ৰিল-মে’ মাহত ১০ কে : জি: পৰিমাণৰ পচনসাৰ প্ৰতিজোপা গছৰ বাবে প্ৰয়োগ কৰিব লাগে । চাৰিবছৰীয়া এজোপা গছৰ বাবে ২২৫ গ্ৰাম ইউৰিয়া ১ কে: জি: একক ছুপাৰ ফছফেট, ১০০ গ্ৰাম মিউৰেট অব পটাছ আৰু এক কি: গ্ৰা: চূণ প্ৰয়োগ কৰিব লাগে । প্ৰথম আৰু দ্বিতীয় বছৰ অনুমোদিত সাৰৰ আধাভাগ আৰু তৃতীয় বছৰ অনুমোদিত সাৰৰ ৩/৪ ভাগ প্ৰয়োগ কৰিব লাগে ।
শস্যৰক্ষা:- খোলা কৰা পোক: এইবিধ পোকে পলু অৱস্থাত গুটিবোৰ বিন্ধা কৰি যায় আৰু গুটিবোৰ ক’লা পৰি যায় । জুলাই আৰু অক্টোবৰ মাহত এন্দোছালফন ৩৫ ই চি নাইবা কুইনেলফচ ২৫ ই চি নাইবা ডাইমিথয়েট ৩০ ই চি এক মি: মি: প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে । থ্ৰিপজাতীয় পোকে গছজোপাৰ পাতবোৰ আক্ৰমণ কৰে । নিবাৰণৰ বাবে মালথিয়ন ৫০ ই চি এক মি: লি: প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে । নতুনকৈ ওলাবলৈ ধৰা লতাবোৰত মজাখোৱা পোকৰ পলুবোৰে আক্ৰমণ কৰিলে এন্দোছালফন ৩৫ ই চি এক মি: লি: প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে ।
লেৰেলি যোৱা বেমাৰ:- গছৰ পাতবোৰ হালধীয়া হৈ ১০-১২ দিনৰ ভিতৰত গছজোপা লেৰেলি মৰি যায় । গছৰ গুৰিত পানী জমা হ’বলৈ দিব নালাগে । বাৰিষাৰ আগত বৰড’ মিশ্ৰণ (১%) মাটিৰ পৰা একমিটাৰমান ওপৰলৈ প্ৰয়োগ কৰিব লাগে । শস্য কৃমিৰ আক্ৰমণ হ’লে গছজোপা লাহে লাহে লেৰেলি গৈ থাকে আৰু গছজোপাৰ উৎপাদন কমি যায় । নিবাৰণৰ বাবে কাৰ্ব ফুৰান ৩ জি ১০০ গ্ৰাম প্ৰতিজোপা গছৰ বছৰত দুবাৰকৈ প্ৰয়োগ কৰিব লাগে ।
চপোৱাৰ সময় আৰু উৎপাদন :- সাধাৰণতে গছজোপা দুই মিটাৰমান ওখ হ’লে তিনি বছৰৰ পৰা (মে’-জুন মাহৰ পৰা) ফুল ফুলিবলৈ আৰম্ভ কৰে । নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ গুটিবোৰ ছিঙিব পৰা হয় । এটা বা দুটা গুটি ৰঙচুৱা হ’লে থোকটো ছিঙিব লাগে । সাত-আঠ বছৰীয়া এডৰা (এবিঘা) জালুকৰ খেতিৰ পৰা ১২৫-১৩৫ কে:জি: উৎপাদন পোৱা যায়। আমাৰ খেতিয়কসকলে ইয়াৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়িক ভিত্তিত খেতি কৰিলে কম খৰচতে অধিক উৎপাদনৰ বাট বুকলি হোৱাৰ সম্ভাৱনা আছে ।
লেখিকা: ড° গীতাঞ্জলি দেৱী
উৎস:- দৈনিক জনমভূমি
Share your comments