1. এগ্ৰিপেডিয়া

Hybrid variety of battle gourd : জুলাই আগষ্টতে কৰি আগতীয়াকৈ বজাৰত উলিয়াওঁক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

বৰ্তমান অসমৰ কৃষকসকল ধান খেতিত ব্যস্ত। ধান খেতিৰ সমান্তৰালভাৱে ধান খেতি ভাল নোহোৱা বাম এবিঘাত জাতিলাও খেতিৰ প্ৰস্তুতি চলাব পাৰে আমাৰ কৃষকসকলে। জুলাই-আগষ্টৰ সময়খিনিতে যদি কৃষকসকলে জাতিলাও খেতি কৰে কাতি মাহত কৃষকসকলে জাতিলাও গছৰ পৰা চিঙিব পাৰিব। এই সময়ত জাতিলাও চিঙিব পাৰিলে লাভান্বিত হ’ব। কাৰণ এই সময়ত শাক-পাচলিৰ অভাৱ হয় বজাৰত। দামতো বিক্ৰি কৰিব পাৰিব।

অসমৰ জলবায়ু উপযোগী কেইটামান জাতিলাওৰ উন্নত জাত-

পুছা ছামাৰ প্ৰলিফিক (Pusa Summer Prolific) : অসমত জনপ্ৰিয় আৰু বহুলভাৱে খেতি কৰা এটা জাতিলাওৰ জাত হ'ল "পুছা ছামাৰ প্ৰলিফিক"। এই জাতটো উচ্চ উৎপাদন সম্ভাৱনা, ভাল সোৱাদ, আৰু অসমৰ জলবায়ুৰ লগত উপযোগীতাৰ বাবে জনাজাত। এই জাতিলাওৰ জাতটো সৰু। দিঘল। গ্ৰাহকে কিনিবলৈ ভাল পায়। অসমত বৰ বেছিকৈ অৱশ্যে এই জাতটোৰ জাতলাওৰ খেতি বেছিকৈ নকৰে।

হাইব্ৰীড ভুষণ এফ-১ (Hybrid F1 Bhushan Bottle Gourd)

হাইব্ৰীড ভুষণ এফ-১ হৈছে উচ্চ উৎপাদন সম্ভাৱনা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে জনাজাত এটা উন্নত জাতিলাওৰ জাত । এই জাতটো অসমৰ লগতে অন্যান্য অঞ্চলৰ কৃষকসকলেও কৰি লাভান্বিত হ’ব পাৰে। এই জাতটোৰো জাতিলাও আকাৰটো পুছা ছামাৰ প্ৰলিফিক জাতটোৰ দৰেই। বটলটোৰ দৰে। খাবলৈ ই সুস্বাদু। এজোপা গছতে বহুত লাগে।

সীতা (Garlic Lasts)

জাতিলাওৰ অন্যতম এটা জাত হ’ল সীতা (Garlic Lasts) জাত । এই সীতা জাতিলাউবিধ বহুবৰ্ষজীৱী । এবাৰ ৰোপণ কৰিলে একেটা লতাৰ পৰা প্ৰায় ১৫ বছৰলৈ ১২ মাহে লাগি থাকে লাও। ২০১০ চনত বড়ি সীতা লাউ জাতৰ অনুমোদন হৈছিল। ৰোৱাৰ ৫-৬ মাহৰ পিছত ফুল আহে। ৩০ দিনৰ পাছত জাতিলাওবোৰ খাব পৰা হয়। এই জাতিলাওৰ খেতিযো কৰিব পাৰে আমাৰ কৃষকসকলে।

VibeX Bottle Gourd

VibeX Bottle Gourd জাতিলাও বিধ আমাৰ থলুৱা ঘটি জাতিলাওৰ দৰে একেই। ই হাইব্ৰীড হলেও কম যত্নতে হয়। সৰু সৰু এই জাতিলাওবোৰ কিনিবলৈ ভাল পায় গ্ৰাহকে। উতপাদনো ভাল হয়। কম দিনতে হয়। পৰিৱেশ সুস্থ কৰি ৰখাত এইবিধ জাতিলাওৱে বিশেষ ভূমিকা লয়।

এই হাইব্ৰীড জাতবোৰৰ ওপৰি আমাৰ কৃষকসকলে থলুৱা জাতৰ জাতিলাও খেতি কৰিব পাৰে! থলুৱা ঘটি জাতিলাও বিধৰো অসমৰ বজাৰত চাহিদা আছে। থলুৱা জাতবোৰৰ সোৱাদ অনন্য। কম খৰচত, কম যত্নত হয়। কিন্তু বেছি নালাগে। আমাৰ কৃষকসকলক জনাও যে কৃষক এজনৰ সফলতাৰ মূলতে প্ৰায় ৫০-৬০ শতাংশ নিৰ্ভৰ কৰে শস্যবিধৰ জাতটোৱে। গতিকে জাত নিৰ্বাচনৰ সময়ত ভাৱি-চিন্তা লব। দোকানতে যি বীজকে পায় তাকে খেতি নকৰিব।

লগতে পঢ়ক- 

এইবিধ জাতিলাউত ৬ মাহৰ পাছতে ১৫ বছৰলৈ লাগি থাকিব লাও

English Summary: Best hybrid variety of battle gourd

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.