1. এগ্ৰিপেডিয়া

আনাৰসৰ উপকাৰিতা কি জানো আহক :-

KJ Staff
KJ Staff
Pineapple
Pineapple

        আনাৰস খুবেই স্বাদযুক্ত এবিধ ফল । মূলত বর্ষাকালত আনাৰস বেছি পোৱা যায়। ইয়াৰ বহু গুণ আছে। আমাৰ পৰিচিত সচৰাচৰ খাই থকা সুস্বাদু ফল আনাৰস প্ৰায় সকলোৰে ঘৰতে আছে। এই সু-স্বাদু ফলবিধৰ যে ঔষধি গুণ আছে তাক জানি থওঁক। আনাৰস মানুহে বহু যত্ন কৰি ৰোৱে। আনকি ব্যৱসায়িক ভিত্তিতো ইয়াক বাগান পাতি ৰোৱা হয়। আনাৰস সাধাৰণতে দুবিধ। এবিধ দেশী আৰু আনবিধ বিলাতী। দেশী আনাৰস আকাৰত সৰু হয় আৰু মিঠা কম হয়। বিলাতী আনাৰস আকাৰত ডাঙৰ আৰু খাবলৈ বেছি সু-স্বাদু। উভয় প্ৰকাৰ আনাৰসেই উপকাৰী। দৰৱৰ কাৰণে দেশী আনাৰস বেছি ভাল। আনাৰস খুবেই স্বাদযুক্ত এবিধ ফল । সাধাৰণতে বর্ষাকালত আনাৰস বেছি পোৱা যায়। ইয়াৰ বহু গুণ আছে। 

আনাৰস খোৱাৰ গুণাগুণ সম্পৰ্কে জানো আহক :

 ১. ১০০ গ্রাম সতেজ আনাৰসৰ ৰস শিশুক নিয়মিত খুৱালে পেটৰ কৃমি (ক্ষুদ্র কৃমি) মৰি যায়। কিন্তু খালি পেটত আনাৰসৰ ৰস দিয়ায়া উচিত নহয়।

  ২. আনাৰসৰ ৰস বা চৰবত খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নোহোৱা হয়।

 ৩. আনাৰসত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়।

 ৪. আনাৰসৰ ৰস দুশ গ্রাম খালে স্থূলত্ব কমায়, কাৰণ আনাৰসৰ ৰসে ফেট কমায়।

 ৫. আনাৰসৰ ৰস ডিঙি আৰু মুখৰ বেকটেৰিয়াজনিত ৰোগত উপকাৰী।

 ৬. আনাৰস গ্রহণৰ কাৰণে প্রস্রাবত বাধা সৃষ্টি নহয়।

 আনাৰস, জায়ফল, তেঁতেলি, ক’লা নিমখ আৰু জিৰা সম পৰিমাণে লৈ গুড়ি কৰি লওক। পুৱা আৰু গধূলি তিনি গ্রাম গুড়ি পানীত মিহলাই খালে ডাযয়েবেটিছৰ সমস্যাত খুব উপকাৰী।

 ৭. জ্বৰতো আনাৰসৰ ৰ ৰস খোৱাটো খুব উপকাৰী।

 ৮. বদহজমৰ ৰোগীক আনাৰসৰ ওপৰত জালুকৰ গুড়ি ছটিয়াই, অলপ নিমখযুক্ত কৰি খোৱা উচিত। তেতিয়াহ’লে উপকাৰ পোৱা যায়।

৯. ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ খাদ্যৰ অভাৱত যদি স্কার্ভি হয় তেতিয়া আনাৰস খোৱা আৰু ৰস খোৱা খুব উপকাৰী।

 ১০. আনাৰসে দেহৰ হাড়ক শক্তিশালী কৰিবলৈ আৰু দেহত শক্তি সৰবৰহ কৰিবলৈ কাম কৰে।

 ১১. আনাৰসৰ ৰস দেহত ৰক্তৰ অভাবৰ বাবে খুব উপকাৰী।

 ১২. ঋতুকালীন ৰক্তপাতৰ ক্ষেত্রত, প্রতিদিনে আনাৰসৰ ৰস পান কৰিলে মাহিলী চক্র সঠিক থাকে।

 ১৩. যদি হার্ট নার্ভাছ হৈ যায় আৰু গ্রীষ্মত অধিক অস্বস্তি হয় তেতিয়া আনাৰসৰ ৰস বা চিৰাপ খোৱাটো খুব উপকাৰী।

 ১৪. ডিঙিত আৰু টনচিলৰ ক্ষেত্রত যদি প্রদাহ হয় তেতিয়া আনাৰস খোৱাটো খুব উপকাৰী।

 ১৫. আনাৰসে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।

English Summary: Benefits of pineapple in assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.