বিল বা জলাশয় সদৃশ কৃষিভূমিত নাইবা বাঢ়নী পানীৰ বাবে শালিধানৰ খেতি কৰিব নোৱৰা অঞ্চলত কৰিব পৰা এবিধ ধানৰ খেতি হ’ল বাওধান। উজনী অসমৰ বানপীড়িত কেইবাখনো জিলাৰ কৃষকে পৰম্পৰাগতভাৱে বাওধানৰ খেতি কৰি আহিছে। বাওধানবোৰ বানপানী সহনশীল বা পানীৰ লগত সহৱস্থান কৰি জীয়াই থাকে। পানী বাঢ়ি গ’লে যাদ্দৃশ্যিকভাৱ ধানবোৰো বাঢ়ি যায়। গতিকে যিবোৰ পথাৰ বাৰিষা পানীত ডুব যায় তেনে ঠাইত কৃষকসকলে বাওধানৰ খেতি কৰে। আমি দেখিবলৈ পাওঁ অসমৰ ভিন্নপ্ৰান্তত বিল বা জলাশয় সদৃশ নাইবা বাঢ়নী পানীৰ বাবে শালিধানৰ খেতি কৰিব নোৱৰা অঞ্চল আছে। তেনে অঞ্চলবোৰত আমাৰ কৃষকসকলে বাওধানৰ খেতি কৰিব পাৰে। বাওধানৰ চাউলৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চাহিদা আছে। পৰিকল্পিতভাৱে ইয়াৰ খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ’ব।
অসমৰ থলুৱা কিছুমান বাওধানৰ এনেধৰণৰ- মাগুৰি, পানী কেঁকোৱা, হেৰোপি বাও, দোৱাত-কলম আদি। শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ে বাওধানৰ থলুৱা জাতসমূহৰ লগত বৰ্ণসংকৰ কৰি কিছুমান নতুন জাতৰ বাওধানৰ কিছুমান উদ্ভাৱন কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে বৰ্ণসংকৰ কৰি উদ্ভাৱন কৰা বাওধানৰ জাতসমূহ এনেধৰণৰ- পদ্মনাথ, পানীন্দ্ৰ, বাসুদেৱ, পদুমণি, বগীনদী, ঢল, পঞ্চানন, আদি। থলুৱা জাতসমূহৰ লগতে এই নতুন জাতসমূহৰ খেতিয়ো আমাৰ কৃষকসকলে কৰিব পাৰে। এই ধানসমূহৰ বীজৰ বাবে আমাৰ কৃষকসকলে নিজ জিলাৰ কৃষিবিজ্ঞান কেন্দ্ৰ বা আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰসমূহৰ লগত যোগাযোগ কৰিব।
চ’ত-বহাগ বাওধানৰ বীজ সিঁচা বা ৰোৱাৰ উপযুক্ত সময়। বাৰিষা পানীৰে ভৰি থকা পথাৰবোৰ এই সময়ছোৱাত শুকাই যায়। গতিকে এই সময়ছোৱাতে এনে পথাৰবোৰ চহাবলৈ সুবিধা হয় আৰু বহাগ-চতৰ ভিতৰতে বাওধানবোৰ ৰোৱা হয়। বিগত বৰ্ষত ধেমাজিৰ কৃষক বিজয় পামে নামৰ কৃষকজনে প্ৰায় ১৭-১৮ বিঘামান মাটিত বাওধানৰ খেতি কৰিছিল। আপোনালোকক জনাও যে তেওঁ বাওধানৰ খেতি আৰু ইয়াৰ বীজ সংৰক্ষণ কৰি অহাৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা কৃষি পুৰস্কাৰ পাবলৈয়ো সক্ষম হৈছিল। বৰ্তমান তেওঁ বাওধানৰ চাউল পেকেজিং কৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশলৈয়ো পঠোৱাৰ ব্যৱস্থা কৰিছে।
লগতে আমাৰ দৰ্শকসকলক জনাও যে বিল বা জলাশয় সদৃশ কৃষিভূমিত নাইবা বাঢ়নী পানীৰ বাবে শালিধানৰ খেতি কৰিব নোৱৰা অঞ্চলত কৃষকসকলে মৰাপাটৰ খেতিয়ো কৰিব। পৰকল্পিত খেতি কৰিলে মৰাপাটৰ পৰাও ভাল উপাৰ্জন কৰিব পাৰিব। নামনি অসমৰ বহু কৃষকে এনে পথাৰসমূহত মৰাপাটৰ খেতি কৰে। আনহাতে বাংলাদেশৰ কৃষকসকলে আকৌ এনে দ পথাৰসমূহত ভাসমান পদ্ধতিৰে খেতি কৰে।
বিপন্ন বাওধানৰ বীজ সংৰক্ষণ কৰি ৰাষ্ট্ৰপতিৰ পৰা কৃষি পুৰস্কাৰ লাভ বিজয় পামেৰ।
Share your comments