1. এগ্ৰিপেডিয়া

জীৱাণুসাৰ

KJ Staff
KJ Staff
Bacterial Fertilizers
Bacterial Fertilizers

আমাৰ পূৰ্বপুৰূষসকলে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ মাহজাতীয় শস্যৰ খেতি কৰিছিল। এই টেমুনাযুক্ত মাহ জাতীয় শস্যৰ খেতি কৰাৰ ধাৰণাৰ পৰাই কৃষি বিজ্ঞানীসকলে ‘জীৱাণুসাৰ’ প্ৰ্স্তুতকৰণৰ চিন্তা-চৰ্চা কৰিবলৈ লৈছিল। ইয়াৰ ফলস্বৰুপে নতুন নতুন উপকাৰী অণুজীৱৰ আৱিষ্কাৰ হৈছে আৰু এইবোৰৰ প্ৰয়োগৰ দ্বাৰা মাটিত নাইট্ৰজেন সাৰ স্ংৰক্ষণ, ফ’ছফৰাছৰ সহজলভ্যতা, পটাছিয়াম আৰু অণুসাৰৰ ধৰাটো সম্ভৱপৰ হৈছে।

জীৱাণুসাৰ হৈছে মাটিত থকা উদ্ভিদৰ উপকাৰী অণুজীৱৰ জীৱিতকোষ আৰু বাহক পদাৰ্থৰ সমষ্টি। অণুজীৱৰ জীৱিত কোষক কিছুমান বাহক পদাৰ্থ, যেনেঃ কয়লাগুৰি, চেলুলজ পাউদাৰ, লিগনাইট, পিট, ছাই আদিৰ লগত মিহলাই জীৱাণুসাৰ প্ৰ্স্তুত কৰা হয়। এই অণুজীৱবিলাক মাটিত শিপাশোধন, বীজশোধন আদি পদ্ধতিৰ দ্বাৰা প্ৰয়োগ কৰা হয়। গছৰ শিপাই প্ৰয়োজনীয় খাদ্যমৌল আহৰণ কৰাত এই অণুজীৱবিলাকে সহায় কৰে।

মাটিৰ উৎপাদিকা শক্তি বৃদ্ধিত জীৱাণুসাৰৰ ভূমিকাঃ

  • মাটি তথা পৰিবেশৰ ওপৰত কোনো ধৰণৰ প্ৰদূষণ সৃষ্টি নকৰা জীৱাণুসাৰে মাটিৰ উৎপাদিকা শক্তি বৃদ্ধি কৰাৰ লগতে উৎপাদন বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
  • জীৱাণুসাৰৰ প্ৰয়োগে ৰাসায়নিক সাৰৰ প্ৰয়োগ ২৫% ৰ পৰা ৩০% পৰ্য্যন্ত হ্ৰাস কৰি মাটিৰ বহনক্ষম ক্ষমতা অটুট ৰখাত সহায় কৰে।
  • জীৱাণুসাৰ প্ৰয়োগে নাইট্ৰ্জেন আৰু ফছ’ফৰাছ গছৰ বাবে সুলভ কৰি তোলে।
  • জীৱাণুসাৰ যোগানৰ ফলত শস্যৰ উৎপাদন শতকৰা ১৫ৰ পৰা ২৫ ভাগ পৰ্য্যন্ত বৃদ্ধি পায়।
  • গছৰ বাবে প্ৰয়োজনীয় খাদ্য মৌলবোৰৰ শোষণ তথা পানী ধাৰণ ক্ষমতা বৃদ্ধি পায় আৰু শিপাৰ বৃদ্ধিও বেছি হয়।

কেতবোৰ জীৱাণুসাৰৰ প্ৰয়োগে গছৰ ৰোগ নিয়ন্ত্ৰণত জৈৱনিয়ন্ত্ৰক হিচাপে সহায় কৰাৰ লগতে মাটিৰ অপকাৰী অণুজীৱৰ বৃদ্ধি ৰোধ কৰে। ফলত গছৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

উৎসঃ উদ্যান শস্য আৰু সংসাধন সঞ্চালকালয়, অসম

English Summary: Bacterial Fertilizers

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.