1. এগ্ৰিপেডিয়া

After flood farming : বানে মাৰি যোৱা এবিঘা ধাননী পথাৰত কৰক এই খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
After flood farming
After flood farming

শেহতীয়া বানে বহু কৃষকৰ ধাননী পথাৰৰ লগতে কিছুমান উদ্যান শস্যৰ খেতিৰ বিস্তৰ ক্ষতিসাধন কৰি গ’ল। এক কথাত বহু কৃষকৰে কঁকাল ভাঙি গ’ল। কিন্তু কি কৰিব! সমস্যাৰ সৈতে যুঁজ দি জীয়াই থকাতোৱেই মানুহৰ ধৰ্ম। আৰু বানপানীয়ে আমাৰ কৃষকক প্ৰতিবছৰে জ্বলা-কলা খোৱাই গৈছে যদিও যদিও আমি কোনোদিন শিক্ষা লোৱা নাই। বাৰিষা আমাৰ মানুহে দ পথাৰ হলেওঁ ধান খেতি কৰিবই। বাৰিষা বানপানীয়ে আহি ৰুৱা ধানখিনি মাৰিব বুলি জানিয়ো আমাৰ বহু কৃষকে সেই পথাৰত ধান খেতি  কৰে। কিন্তু সেই মাটিখিনিত খৰালি কালত মাহ-সৰিয়হ, বড়োধান, বা ৰবিশস্যৰ খেতি কৰিব পাৰে। কিন্তু তাকে নকৰি বাৰিষা কালত ধান কৰিব লাগে কাৰণেই কৰি থকাৰ দৰে কৰি থাকে আমাৰ কৃষকসকলে।

সেয়া যিকিনহওঁক। এতিয়াতো বাৰিষাৰ বানে বহু কৃষকৰ কৃষি পথাৰৰ শস্য মাৰিয়েই গ’ল।  সেইসকল কৃষকে বানপানীৰ পাছত, মাটিসমূহ শকাই যোৱাৰ পাছত কৃষি পথাৰত কৰি লাভ পৰা এবিধ খেতিৰ বিষয়ে জনাম। বানে পলস পেলাই যোৱা পথাৰতসমূহত যিকোনো খেতি ভাল হোৱাৰ দৰে ভেণ্ডি খেতিয়ো ভাল হয়। গতিকে এবিঘা মান মাটিত ভেণ্ডি খেতি কৰাৰ আৰম্ভ কৰক। ভেণ্ডি খেতি কম দিনতে ভাল উপাৰ্জন কৰিব পৰা এটা খেতি। কৃষকসকলে পুলি ৰোপন কৰাৰ ৪০-৫০ দিনৰ ভিতৰতে গছত ফল লগাই বিক্ৰি কৰিব পাৰিব।

লগতে পঢ়ক- 

Litchi farming : আহি আছে লিচু খেতিৰো বতৰ, জুন-জুলাইতে ৰোপন কৰক

ভেণ্ডি খেতিৰ বাবে কৃষকসকলে মাটিখিনি চহাই এবিঘা মাটিত ২-৩ টেক্টৰ মাটি গোৱৰ পেলাই এটা শাৰীৰ পৰা এটা শাৰীৰ দূৰত্বত ৩ ফুট দি এটা পুলিৰ পৰা এটা পুলি এবেগেতকৈ দি ইয়াৰ খেতি কৰিব পাৰে আমাৰ কৃষকসকলে। পুলিবোৰ এফুটমান ওখ হোৱাৰ পূৰ্বে মাটিৰে গুৰিবোৰ চপাই দিব লাগে আৰু বতৰ অনুসৰি পানী যোগান ধৰিব লাগে। কাম সিমানেই। এইখিনি কৰাৰ পাছতেই এজন কৃষকে এবিঘা মাটিৰ পৰা ৪০-৫০ দিনত ২৫-৩০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। আগতীয়াকৈ যদি আমাৰ কৃষকসকলে ভেণ্ডি কৰি বজাৰত উলিযাব পাৰে নিশ্চিতভাৱে ৩০-৪০ টকা পাইকাৰী দৰত বিক্ৰি কৰিব পাৰিব।

বানপানীৰ পাছতে আমাৰ কৃষকসকলে কৰিব পৰা ভেণ্ডিৰ কেইটামান উন্নত জাত হ’ল- পুছা ছাৱানী, আৰ্কা অনামিকা, পাৰভানি ক্ৰান্তি , পঞ্চশিৰা আদি অসমৰ জলবাযু উপযোগী জাত। এই জাত কেইটাৰ উপৰি শেহতীয়াকৈ বজাৰলৈ আহিছে আন এটা ভেণ্ডিৰ সঁচ। সেইটো হ’ল- ৰঙা ভেণ্ডি বা Red ladyfinger বা কুমকুম ভেণ্ডি। ৰঙা ভেণ্ডিৰ খেতিৰে কৃষকসকলে বৰ্তমান সময়ত অধিক উপাৰ্জন কৰাৰ স্থল আছে। কাৰণ এই ভেণ্ডি সাধাৰণ ভেণ্ডিতকৈ স্বাস্থ্যসন্মত যাৰবাবে বজাৰত দাম অধিক। 

লগতে পঢ়ক- 

Jun-July best farming time : জুন-জুলাইত ৰোপন কৰক এই উদ্যানশস্যসমূহৰ পুলি

English Summary: After flood farming in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.