1. সফল কাহিনী

নাজিৰাত দেশৰ ভিতৰতে বৃহত্তম গাহৰি মাংস সংসাধন প্রকল্প মুকলি হব নৱেম্বৰ মাহত

KJ Staff
KJ Staff
Pork food processing (photo Credit: Google)
Pork food processing (photo Credit: Google)

ৰাজ্যৰ পশুপালকসকলক এবছৰৰ বাবে পশুখাদ্যৰ ৰাজসাহায্য প্রদানৰ আহ্বান জনাই চৰকাৰলৈ পত্র প্রেৰণ কৰিছে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমে। তদুপৰি উত্তৰ-পূবৰ ভিতৰতে এটা বৃহৎ পশুখাদ্যৰ কল সােণাপুৰত স্থাপনৰ বাবেও পত্ৰ প্ৰেৰণ কৰিছে নিগমে। নিগমৰ অধ্যক্ষ মনােজ শইকীয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। 

লগতে শইকীয়াই ব্যক্ত কৰে যে অসমলৈ পশুখাদ্য বহিঃৰাজ্যৰ পৰা আহে। একে সময়তে এনে পশুখাদ্যৰ দামাে সঘনে বাঢ়ি থাকে। সেয়ে পশুপালক আৰু হাঁহ-কুকুৰা পালকসকল বিপদত পৰে। সেইবাবেই উক্ত দুটা আহ্বান নিগমে জনাইছে বুলি কয় শইকীয়াই। 

আনহাতে, নাজিৰাত দেশৰ ভিতৰতে বৃহত্তম গাহৰি মাংস সংসাধন প্রকল্পটো অহা নৱেম্বৰ মাহত মুকলি কৰা হ'ব বুলি জানিব দিয়ে অধ্যক্ষ গৰাকীয়ে। শইকীয়াই কয় প্রকল্পটোৰ বাবে দৈনিক ৪০০টা গাহৰিৰ প্রয়ােজন হ’ব। প্রকল্পটোৰ সংসাধিত মাংস ভূটান, ম্যানমাৰ, চীন আদি দেশলৈ ৰপ্তানি কৰা হ'ব। নাজিৰাৰ নিকটৱর্তী ৫-৬খন জিলাৰ পালকক সচেতন কৰাৰ বাবে কার্যসূচী লােৱা হৈছে যাতে তেওঁলােকে সময়ত প্ৰকল্পটোৰ বাবে গাহৰি যােগান ধৰিব পাৰে। শইকীয়াৰ মতে, প্রকল্পটোৰ ১৫-২০ শতাংশ কাম বাকী আছে।

অন্যহাতেদি নিগমে ৰাজ্যত কণীৰ উৎপাদন বঢ়াবলৈও পদক্ষেপ লৈছে। অধ্যক্ষজনে কয়, “অসমত দৈনিক ৪-৫ লাখ কণী উৎপাদন হয়। কিন্তু দৈনিক অসমক ৩৫ লাখ কণী লাগে। সেয়ে তিনিচুকীয়া, যােৰহাট, মৰিগাঁও, বঙাইগাঁও আদিত কণী পৰা কুকুৰাৰ পাম গঢ়ি উঠাত আমি সহায় কৰিছোঁ। অন্য ৪-৫খন ঠাইৰ পৰাও অসমীয়া উদ্যোগী ওলাই আহিছে। তেওঁলোকক আমি সহায় কৰিম।"

 শইকীয়াই লগতে কয় যে পশুধন নিগমৰ অধীনত বর্তমান ১৩টা বিক্রী কেন্দ্র আছে। অন্য ১৭টা বিক্রী কেন্দ্রও অচিৰেই আৰম্ভ কৰা হ'ব। এতিয়া গুৱাহাটী আৰু যােৰহাটত বিজ্ঞানসন্মত কচাইখানা আছে বুলি ব্যক্ত কৰি অধ্যক্ষ শইকীয়া কয়— নগাঁও, তেজপুৰ, লখিমপুৰ, গােলাঘাট আৰু নলবাৰীত অতি সােনকালে বিজ্ঞানসন্মত কচাইখানা মুকলি কৰা হ'ব।

English Summary: indian largest pork processing project will launch in Nazira before November

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.