1. সফল কাহিনী

ডিব্রুগড় বিশ্ববিঃ সঞ্জীৱ শর্মাৰ সেউজ বিপ্লৱ, ৭ বিঘা ভূমিত ২ বনৌষধী তথা বিলুপ্ত উদ্ভিদৰ খেতি

KJ Staff
KJ Staff
Cabbage Farming
Cabbage Farming

অসাধাৰণ মানুহ কোনাে নাথাকে। কেৱল কৰ্মইহে এজন সাধাৰণ মানুহক অসাধাৰণ কৰি তােলে। এজন সাধাৰণ মানুহ, যদিও তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহকাৰী পঞ্জীয়ক। সৰুৰে পৰা তেনেই সহজ-সৰল জীৱন যাপন কৰা মানুহজনে কর্মজীৱনৰ পৰা অৱসৰ ল'লে যদিও হাত সাবটি বহি নাথাকি নিজৰ ল’ৰালিৰ সপােন বাস্তৱত পৰিণত কৰাৰ বাবে দিনে-নিশাইব্যস্ত হৈ পৰিল অন্য এক কর্মক্ষেত্ৰত।

একালৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক সঞ্জীৱ শৰ্মাই নিজ কষ্টোপার্জিত ধনেৰে আৰম্ভ কৰিছে সেউজ বিপ্লৱ। আন দহজন নিবনুৱাৰ দৰে ঘৰতে শুই বহি নাথাকি অৱসৰৰ পাছতাে দিনে ৰাতিয়ে ব্যস্ত হৈছে কৃষি কর্মত। ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ জামিৰা মটক গাঁৱৰ নিজ ভূমিৰ প্রায় ৭ বিঘা মাটিত গঢ়ি তুলিছে শর্মা এক্স ফার্ম। কেৱল সিমানেই নহয়, এই কর্মত আন পাঁচটা পৰিয়ালক এক প্রকাৰ দুবেলা দুমুঠিও যােগাৰ কৰি সংস্থাপনৰ বাট মুকলি কৰিছে। কর্মসূত্রে বিশ্ববিদ্যালয়ৰ সমীপতে নিজাকৈ বাসগৃহ সাজিছিল যদিও নিজ ওপজা গাঁৱৰ পৈতৃক সূত্রে লাভ কৰা বিশাল ভূমিৰ ৭ বিঘা মাটিত কেৱল জৈৱিক সাৰ প্ৰয়ােগ কৰি লাই, লফা, মূলা, জাতিলাও, ৰঙালাও, বন্ধাকবি, ওলকবি, বেঙেনা, বিলাহী, ৰহৰ দাইলৰ লগতে ষ্ট্রবেৰীৰ খেতি কৰি থলুৱা বজাৰ বা বেপাৰীক বিক্রী কৰিছে।

  সিমানেই নহয় আমাৰ মাজৰ পৰা বর্তমানে হেৰাই যাবলৈ ধৰা পনিয়ল,বগা জামু, পৰা আমলখি, হেলচ, লেতেকু, জালুক, তামােল-পাণকে আদি কৰি বিভিন্ন প্রজাতিৰ নেমুটেঙাৰ গছ সংৰক্ষণ কৰিছে সঞ্জীৱ শৰ্মাই। প্রকৃতিক হৃদয়েৰে ভালপােৱা শৰ্মাই ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষাৰ বাবে এক সেউজীয়া ধৰণী নির্মাণ কৰাৰ পৰিকল্পনা কৰিছে। বহু মূল্যৱান গছ-গছনি, বনৌষধি গছ, ফল-মূলৰ গছ এতিয়া বিলুপ্তিৰ পথত। সেয়ে সঞ্জীৱ শৰ্মাইবিলুপ্ত হ'বলৈ ধৰা গছসমূহ নিজৰ কৃষিভূমিত সংৰক্ষণ কৰাৰ প্ৰয়াস কৰিছে।

আজিৰ প্রজন্মই বহু উদ্ভিদ, ফল-মূলৰ গছচিনি নাপায়, বহু ফল-মূল খাবলৈ পােৱা নাই। সেয়ে সেইবােৰ সংৰক্ষণ কৰি তেওঁলােকৰ সহায়ক হােৱাকৈ এই উদ্যানত ৰাখি থােৱাৰ প্ৰয়াস কৰা বুলি শর্মাই কয়। তেওঁ পুনৰ কয় যে পৈতৃক সূত্রে পােৱা বিশাল কৃষিভূমিত নিজে দৈনিক শাৰীৰিক পৰিশ্ৰম কৰাৰ লগতে আন পাঁচজন লােকে পৰিশ্ৰম কৰি এই অৱস্থা পাইছে। কোনাে ধৰণৰ চৰকাৰী সা-সুবিধা নােলােৱাকৈ কেৱল নিজ গাঁঠিৰ ধন ভাঙি এই সেউজ বিপ্লৱ আৰম্ভ কৰা বুলি সদৰী কৰে শৰ্মাই। আনহাতে স্থানীয় ৰাইজৰ দীর্ঘদিনীয়া অসুবিধা আৰু নিজেও ধর্ম-কর্মৰ প্ৰতি থকা প্রবল আসক্তিৰ বাবে নিজ কৃষিভূমিৰ একঠা মাটি এটা শিৱ মন্দিৰৰ বাবে দান কৰি শৰ্মাই মহানুভৱতাৰ পৰিচয় দিবলৈকো সক্ষম হৈছে।

English Summary: Green revolution of former register officer of Dibrugarh University sanjiv sarma he farming medicinal plants in 7 bigha

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.