1. সফল কাহিনী

‘‘সপোনত উপনীত হ’বলৈ টকাতকৈ সু-পৰিকল্পনাৰ বেছি প্ৰয়োজন’’- ধনীৰাম চেতিয়া

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ধনীৰাম চেতিয়া
ধনীৰাম চেতিয়া

মাত্ৰ ছবছৰ বয়সতে দেউতাকক হেৰুৱাই দুখুনী মাতৃৰ সৈতে জীয়াই থকাৰ সংগ্ৰাম আৰম্ভ কৰিছিল তিনিচুকীয়া পেঙেৰীৰ সফল খেতিয়ক ধনীৰাম চেতিয়াই। পেটৰ ভোকে আৰু দৰিদ্ৰতাই মাগি খাবলৈ বাধ্য কৰাইছিল ধনীৰামক। কিন্তু জীৱনৰ সকলো প্ৰত্যাহ্বানক পিছপেলাই আজি এজন চহকী কৃষক। আঁহক জানো দৰিদ্ৰতাৰ পৰিধি ভাঙি কেনেদৰে সফল হ’ল ধনীৰাম চেতিয়াই।

ধনীৰাম চেতিয়া
ধনীৰাম চেতিয়া

জীৱনৰ অৰ্থ বুজি পোৱাৰ আগতে ধনীৰাম চেতিয়াই অভাৱ আৰু দৰিদ্ৰতাক অনুভৱ কৰিছিল। কৈশোৰত ভৰি দিয়েই ঘৰ চলাবৰ বাবে গাঁৱত আনৰ ঘৰত পাণ পাৰি দিয়া, বাৰীৰ গছৰ পৰা ৰঘূমলা আতঁৰাই দিয়াৰ কাম কৰি দিনটোৰ চাউল গোটাইছিল৷ ইয়াৰ মাজতে পঢ়া-শুনাও বৰ্তাই ৰাখিছিল তেওঁ৷ হায়াৰ চেকেণ্ডাৰী পাছ কৰাৰ পাছতে জীৱিকাৰ তাড়নাত এখন চাহবাগানত চকিদাৰ কামত সোমায় তেওঁ ।

লগতে পঢ়ক- 

Gir Gay : এজনী গিৰ গাইৰ দাম কিমান, দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে!

ধনীৰাম চেতিয়াৰ আমৰ খেতি
ধনীৰাম চেতিয়াৰ আমৰ খেতি

পৰৱৰ্তী সময়তে  ইউটিউবত ভিডিঅ’ চাই আৰু ওচৰৰ দুই এজনৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি ভোটজলকীয়াৰ খেতিৰ কৰাৰ পৰিকল্পনা কৰে৷ এজন লোকৰ পৰা নদীৰ বালি পলসে পুতি পেলোৱা পৰিত্যক্ত চাৰিবিঘা মাটি লিজত লৈ ভোট জলকীয়াৰ খেতি কৰে৷ সেইবছৰে তেওঁ ভোটজলকীয়াৰ পৰা প্ৰায় আঢ়ৈ লাখ টকা উপাৰ্জন কৰে ৷ সেই টকাৰেই চাৰিবিঘা মাটি কিনি লোৱাৰ লগতে বাৰীত অলপ উন্নত জাতৰ নাৰিকল পুলিও ৰূপন কৰে৷ পৰৱৰ্তী সময়ত ৰবিশস্যৰ পৰা পোৱা ধনেৰে ২৫ বিঘা মাটি ক্ৰয় কৰে ৷ সেই মাটিত দীৰ্ঘকালিন পৰিকল্পনাৰে উদ্যান শস্যত লাগি য়ায় ৷ নাৰিকলৰ পাছতে উন্নতজাতৰ আম, অমিতা, তামোল, থাইলেণ্ড বগৰী আদি খেতি আৰম্ভ কৰে৷ ইয়াৰোপৰি এটি পুখৰী খন্দাৰ লগতে মাকৈ খেতিতো গুৰুত্ব দিয়ে ৷

ধনীৰাম চেতিয়াৰ অমিতা খেতি
ধনীৰাম চেতিয়াৰ অমিতা খেতি

পৰৱৰ্তী সময়তে তেওঁ পুনৰ ছজনী ছাগলীৰে এখন ফাৰ্ম আৰম্ভ কৰে ৷ লগতে এখন কুকুৰা ফাৰ্ম ৷ আনৰ ঘৰত কাম কৰা ধনীৰাম চেতিয়াই আজি নিজেই দিছে কেইবাজনো লোকক সংস্থাপন।বৰ্তমান তেওঁ তিনিচুকীয়া পেঙেৰীৰ অঞ্চলৰ এজন নামজ্বলা খেতিয়ক। তেওঁ কয় মানুহে এটা লক্ষ্য আগত লৈ একাগ্ৰতাৰে আগবাঢ়িলে সফল হ’বই ৷সপোনত উপনীত হ’বলৈ টকাতকৈ সু -পৰিকল্পনা বেছি প্ৰয়োজন ৷ ভুল কৰিবলৈ ভয় কৰিলে নহ’ব৷ ভূলৰ পৰা শিক্ষা লৈ নিখুঁতকৈ কাম কৰিব পাৰি ৷  এইখিনিতে কৃষকসকলক জনাও যে ধনীৰাম চেতিয়াৰ  Dhoniram chetia নামৰ এটা ফেচবুক আছে। পেজটোত তেওঁ কৃষকৰ সমস্যা, শাক-পাচলিৰ বেমাৰ আজাৰ বিষয়ে জনায় আৰু সেই পেজটোৰ মাজতেই আপোনালোকে প্ৰকৃত ধনীৰাম চেতিয়াজনক লগ পাব।

লগতে পঢ়ক- 

১০০ বিঘা মাটিত সমন্বিত খেতি কৰা সৰ্বেশ্বৰ বসুমতাৰীলৈ অসম গৌৰৱ সন্মান

English Summary: A journey from beggar to successful farmer

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.