1. অন্যান্য

শ্রীলংকা তীব্র অর্থনৈতিক সংকটত ভুগিছে; এক কিলো চাউলৰ দাম ৫০০ টকা আৰু চেনিৰ দাম ২৯০ টকা হৈছেগৈ

KJ Staff
KJ Staff
Economic Crisis in Sri Lanka
Economic Crisis in Sri Lanka

শ্রীলংকা তীব্র অর্থনৈতিক সংকটৰ সন্মুখীন হৈছে। ইয়াৰ আগতে দেশখন এনেকুৱা সংকটৰ সন্মুখীন হােৱাৰ কথা নজিৰ বিহীন। তীব্র অর্থনৈতিক সংকটৰ মাজতে দেশখনত খাদ্য, ঔষধ, পাউদাৰ গাখীৰ, ৰন্ধন গেছ আৰু ইন্ধনৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনি হৈছে।

  শক্তি উৎপাদন প্রকল্পবােৰ চলাবলৈ ইন্ধনৰ নাটনি হােৱাৰ কাৰণে বাসিন্দাসকল দৈনিক দীঘলীয়া সময় বিদ্যুৎ কর্তনৰ সন্মুখীন হৈছে। খৰাং বতৰৰ বাবে জলবিদ্যুৎ উৎপাদন কমি গৈছে। দ্বীপ ৰাষ্ট্ৰখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰিছে। মুদ্রাস্ফীতি বঢ়াৰ কাৰণে খাদ্য, পানীয় সকলােৰে দাম ঊর্ধ্বমুখী হৈছে। এক কিল’গ্রাম চাউলৰ দাম শ্রীলংকাৰ মুদ্ৰাৰ হিচাপত ৫০০ টকা, ৪০০ গ্রাম পাউদাৰ গাখীৰৰ দাম ৭৯০ টকা, ১ কিল’গ্রাম চেনিৰ দাম ২৯০ টকা হৈছেগৈ। পাউদাৰ গাখীৰৰ দাম তিনি দিনত ২৫০ টকা বৃদ্ধি হ’ল।

অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি ইমান বেছি হৈছে যে সর্বসাধাৰণ মানুহে সেইবােৰ কিনিবলৈ দোকানবােৰৰ সন্মুখত বহু সময় দীঘলীয়া শাৰী পাতি বলগীয়া হৈছে। অর্থনৈতিক সংকটৰ লগে লগে অভাৱনীয় হাৰত বাঢ়িছে নিবনুৱা সমস্যা। ফলত শ্রীলংকাৰ লােক ভাৰতলৈ পলাই গৈছে। মঙলবাৰলৈকে শ্রীলংকাৰ প্রায় ১৬জন নাগৰিকে শৰণার্থী হিচাপে ভাৰতত প্ৰৱেশ কৰে। তেওঁলােকৰ ভিতৰত ছজনীয়া দল এটাক ৰামেশ্বৰমৰ উপকূলৰ পৰা নিলগত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰে। আন ১০জন লােকৰ দ্বিতীয়টো দল মঙলবাৰে নিশা ভাৰতীয় উপকূল পায়গৈ। শ্রীলংকাৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ প্রায় শেষ হৈছে।

  বাহিৰৰ পৰা অত্যাৱশ্যকীয় সামগ্রী কিনিবলৈ দেশখনৰ হাতত বিদেশী মুদ্রা নাই। এইবছৰ দেশখনে কিস্তি হিচাপত ৬ বিলিয়ন মার্কিন ডলাৰৰ ঋণ পৰিশােধ কৰিব লাগিব। কিন্তু দেশখনৰ হাতত মাত্র প্রায় ২ বিলিয়ন মার্কিন ডলাৰহে আছে। দেশখনক সহায় কৰিব নােৱাৰিব বুলি চীনে হাত দাঙি দিছে। আনহাতে, ভাৰতে ১ বিলিয়ন মার্কিন ডলাৰৰ ঋণ দিবলৈ সিদ্ধান্ত লৈছে। কলম্বােত কাম কৰা এজন চালকে কয় যে বস্তুৰ দাম আকৌ বাঢ়িছে। সেয়ে তেওঁ কমকৈ কিনিবলগীয়া হৈছে। ৪০ বছৰ বয়সীয়া চালকজনে কয়, আমি আগতে যিমান খাইছিলোঁ এতিয়া তাৰ আধা খাব লাগিব।

English Summary: Sever economic crisis in Sri Lanka One kilo of rice costs Rs 500 and sugar price has gone up to Rs 290

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.