1. অন্যান্য

ভাল খৱৰ, ত্ৰৈমাসিকত GDP বাঢ়িল ২০.১ শতাংশ, ৰাহুল গান্ধীয়ে GDP মানে Gas, Diesel আৰু Petrol ৰ দাম বৃদ্ধি হোৱা বুলিহে কতাক্ষ কৰে

KJ Staff
KJ Staff
GDP has increased 20.1 by April-june quarterly 2021-22 fiscal year
GDP has increased 20.1 by April-june quarterly 2021-22 fiscal year

২০২১-২২ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুন তিনিমাহত ভাৰতৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন (GDP) ২০.১ শতাংশ বৃদ্ধি পাইছে, যি যোৱা বছৰৰ ত্ৰৈমাসিক তুলনাত এক অভিলেখ সংখ্যাত বৃদ্ধি পাইছে, এই তথ্য যোৱা ৩১ আগষ্টত ৰাষ্ট্রীয় পৰিসংখ্যা কার্য্যালয়ে প্ৰকাশ কৰিছে।

২০২১ বিত্তীয় বৰ্ষত এপ্ৰিল-জুন তিনিমাহত জিডিপি ২৪.৪ শতাংশ হ্ৰাস পাইছিল যিহেতু সমগ্র ভাৰতত কৰোনা ভাইৰাছৰ বিস্তাৰ ৰোধ কৰিবলৈ লকডাউন জাৰী কৰিছিল। এইটো স্বাধীন ভাৰতৰ ইতিহাসত অৰ্থনীতিৰ আটাইতকৈ তীব্ৰ ত্ৰৈমাসিক সংকোচন আছিল।

অনুমান অনুসৰ ত্ৰৈমাসিকত ২০.১ শতাংশ জিডিপি বৃদ্ধি পাব। সংবাদ সংস্থা ৰয়টাৰৰ ৪১ জন অৰ্থনীতিবিদৰ জৰীপ অনুসৰি, ২০২১ চনৰ এপ্ৰিল-জুনত ভাৰতৰ জিডিপি ২০ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

এইফালে কগ্রেছৰ ৰাষ্ট্রীয় যুৱনেতা ৰাহুল গান্ধীয়ে GDP মানে Gas, Diesel আৰু Petrol ৰ দাম বৃদ্ধি হোৱা বুলিহে বিজেপি চৰকাৰক কতাক্ষ কৰে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে কোৱার্টাৰ-১ ত প্ৰকৃত জিডিপি ২১.৪ শতাংশ বৃদ্ধি হ'ব বুলি অনুমান কৰিছিল। আনহাতে মুঠ জিডিপি ৩১.৭ শতাংশত সম্প্ৰসাৰিত হব বুলি আশা কৰা হৈছে।

প্ৰাক্তন মুখ্য পৰিসংখ্যাবিদ আৰু ভাৰতৰ পৰিসাংখ্যিক তথ্য সংগ্ৰহৰ আমূল পৰিৱৰ্তনৰ দায়িত্ব দিয়া স্থায়ী সমিতিৰ মুৰব্বী প্ৰনাব সেনে কয়, "এই পৰিসংখ্যাবোৰ আমি আশা কৰাতকৈ বহুত ভাল ।

৩১ আগষ্টত ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ে প্ৰকাশ কৰা তথ্যই দেখুৱাইছিল যে কোৱার্টাৰ-১ ৰ বাবে যোগ কৰা প্ৰকৃত মুঠ মূল্য ১৮.৮ শতাংশ বৃদ্ধি পাইছে। বছৰত আটাইতকৈ অধিক বৃদ্ধি হৈছে নিৰ্মাণ খণ্ডত 68.3 শতাংশ। এই খণ্ডটোৱে যোৱা বছৰৰ একে সময়তে আটাইতকৈ বেছি হ্ৰাস পাইছিল ৪৯.৫ শতাংশত, যিহেতু সেই সময়ত সমগ্ৰ দেশতে নিৰ্মাণ কাৰ্যকলাপ বন্ধ হৈ গৈছিল।

মুখ্য অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমনিয়ামে কয়, "আমি যোৱা বছৰ কৈছিলো যে ভাৰতীয় অৰ্থনীতিয়ে ভি-আকৃতিত পুনৰুদ্ধাৰ দেখুৱাব। যদিও কোভিডৰ দ্বিতীয় ঢৌয়ে স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল, অৰ্থনৈতিক ক্ষেত্রত বহুত বেছি প্ৰভাৱ পেলাব পৰা নাছিল"।

English Summary: q1 gdp indias economy grew 20.1 percent in april june quarter

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.