1. অন্যান্য

এতিয়া আপুনি ঘৰতে পাব লার্ণার্চ লাইচেন্স, কিন্তু কেনেকৈ; জানক সকলো ইয়াত

KJ Staff
KJ Staff
Assam CM Himanta Biswa Sarma launched contactless online learner's licence facility on 2nd September
Assam CM Himanta Biswa Sarma launched contactless online learner's licence facility on 2nd September

এতিয়াৰ পৰা লার্ণার্চ লাইচেন্সৰ বাবে জিলা পৰিবহণ বিষয়াৰ কার্যালয়লৈ যােৱাৰ প্ৰয়ােজন নহ'ব। আধাৰ নম্বৰ থকা আবেদনকাৰীয়ে এতিয়া ঘৰৰ পৰাই লার্ণার্চ লাইচেন্স পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা 2 ছেপ্টেম্বৰত এটা বিশেষ app মুকলি কৰিছে, যি app ৰ সহায়ত এতিয়া ঘৰতে বহি আপুনি Learner's Driving লাইচেন্স পাবলৈ সক্ষম হ'ব। অৱশ্যে এপটো দুমাহমান পিছতহে গুগল প্লেষ্টোৰত উপলব্ধ হব। তদুপৰি আপুনি https://parivahan.gov.in/parivahan পোর্টেলৰ জৰিয়তেও লাভ কৰিব পাৰে।

পর্যায়ক্রমে ঘৰৰ পৰাই লার্ণার্চ লাইচেন্স প্রাপ্তিৰ বিতং প্রক্রিয়া-

পর্যায় ১ প্রথমে https://parivahan.gov.in/parivahan/ লৈ যাব ৷

পর্যায় ২ 'Online Service' ত ক্লিক কৰি 'Driving License Related Services' নির্বাচন কৰক। এইবাৰ ৰাজ্য হিচাপে। 'Assam' নির্বাচন কৰক। তাৰ পিছত দেখা পাব 'Contactless License Services'৷ এইবাৰ নির্বাচন কৰক 'Issue of Learner's License'.

পর্যায় ৩ 'Instructions for Application Submission' পঢ়ক আৰু 'Continue' ক্লিক কৰক।

পর্যায় ৪ বাহনৰ শ্ৰেণী নির্বাচিত কৰক আৰু Submit ত ক্লিক কৰক।

পর্যায় ৫ e-KYCৰ প্রমাণীকৰণ কৰি Submit via Aadhaar Authentication নির্বাচন কৰক আৰু Submit button

ক্লিক কৰক।

পর্যায় ৬ আপােনাৰ আধাৰ নম্বৰ অন্তর্ভুক্ত কৰক আৰু Generate OTP buttonত ক্লিক কৰক। আপােনাৰ আধাৰ পঞ্জীভুক্ত ম’বাইল নম্বৰলৈ OTP প্রেৰণ কৰা হ'ব। OTP অন্তর্ভুক্ত কৰি এই পৃষ্ঠাৰ ঘােষণা পুনৰীক্ষণ কৰক আৰু Authenticateত ক্লিক কৰক।

পর্যায় ৭ প্রমাণীকৰণৰ পিছত চহী আপলােড কৰক আৰু অনলাইন যাৱতীয় মাচুল পৰিশােধ কৰক।

পর্যায় ৮ ONLINE TEST:মাচুল পৰিশােধৰ পিছত আপুনি আপােনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰলৈ প্ৰেৰিত আবেদন নম্বৰ আৰু পাছৱৰ্ডৰ সৈতে লগ ইন কৰিব পাৰে। এটা বাধ্যতামূলক শিক্ষণ ভিডিঅ’ (tutorial video)ওলাব আৰু আবেদনকাৰীয়ে সেই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব (যতি নপৰাকৈ)। তাৰ পিছতহে আবেদনকাৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। আবেদনকাৰীয়ে যিকোনাে স্থানৰ পৰা যিকোনাে সময়তে পৰীক্ষা দিব পাৰিব।

পর্যায় ৯ পৰীক্ষাৰ ফলাফল আৰু অনুজ্ঞাপত্র ডাউনলােড

(ক) যদিহে পৰীক্ষাত উত্তীর্ণ হয়, লার্ণার্চ লাইচেন্সৰ লিংক পঞ্জীভুক্ত ম'বাইল নম্বৰলৈ প্ৰেৰণ কৰা হ'ব। সেই লিংকৰ পৰাই লার্ণার্চ লাইচেন্স ডাউনলােড কৰিব পাৰিব। বিকল্পভাৱে, সেই লাইচেন্স https://parivahan.gov.in/parivahan/ পৰাও ডাউনলােড কৰিব পাৰিব।

(খ) পৰীক্ষাত উত্তীর্ণ নহ'লে, নিয়ম অনুসৰি পুনৰবাৰ লার্ণার্চ লাইচেন্স পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।

 ইয়াৰ পিছত আপুনি স্থায়ী ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিব পাৰিব।

   ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব।এইখিনি কামৰ পাছত আপোনাৰ তথ্যবোৰৰ সত্যা- সত্য পৰীক্ষা নিৰীক্ষা কৰা হ'ব। সকলো ঠিকেই থাকিলে আপুনি ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। অৰ্থাৎ আপুনি টেষ্ট ড্ৰাইভিং ত যাব লাগিব। তাৰ বাবে আপুনি আপোনাৰ বাহনখন জিলা ট্ৰেন্সপৰ্ট অফিছলৈ লৈ যাব লাগিব।তাতে MVI য়ে আপোনাৰ ড্ৰাইভিং স্কিল, ট্ৰেফিক নীতি- নিয়মৰ জ্ঞান, নিজৰ বাহনখনত থকা চিনাকি ইত্যাদি চাব। যিজনে এই সকলো খিনি সুকলমে আৰু শুদ্ধ ভাবে পাৰ কৰিব, তেওঁৱেই লাভ কৰিব এখন স্থায়ী ড্ৰাইভিং লাইচেন্স।

English Summary: Now you can get vehicles learner's licence from home details inside

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.