1. অন্যান্য

আটা আৰু কঁঠালৰ কেক (Jackfruit Cake Recipes)

KJ Staff
KJ Staff
Jackfruit Cake
Jackfruit Cake

ঘৰত যদি পকা কঁঠাল আছে, এনেদৰে অতি সহজতে আৰু কম সময়তে কুকাৰতে বনাওঁক সোৱাদযুক্ত, কোমল আৰু স্বাস্থ্যকৰ আটা কেক। 

উপকৰণঃ

আটা, 

পকা কঁঠাল,

চেনী,

ৰিফাইন তেল,

কণী,

বেকিং পাউডাৰ,

ইলাছী,

ঘি, 

মৌ ।

প্ৰণালী -

প্ৰথমে চেনী অলপমান মিস্কত পিচি ল'ব আৰু তাৰ পিছত কঁঠাল কেইফুটামানো মিস্কত পিচি ল'ব । ঘৰত মিস্কি নাথাকিলে কঁঠাল খিনি এখন চাকনিত চেকী লব পাৰে। তাৰ পিছত এটা বাতিত আটা একাপ বা ডেৰ কাপ, গুৰি কৰি লোৱা চেনী ডেৰ কাপ, বেকিং পাউডাৰ আধা চামুচ আৰু অলপমান ইলাচীৰ গুৰি দি ভালদৰে মিহলাই ল'ব । কেকটো ভাল গোন্ধাবৰ বাবে ইলাচী গুৰি দিব পাৰে নাইবা আপুনি ইলাছী গুৰিৰ সলনি ভেনিলা অলপমানো দিব পাৰিব। চেনী আৰু আটা খিনি ভালদৰে মিহলাই লৈ কণী দুটা আৰু পিচি লোৱা কঁঠাল খিনি দি ভালদৰে ফেটি লব। কিছুসময় ফেটাৰ পিছত ৰিফাইন তেল আধা কাপ দি দিব আৰু আকৌ তেল খিনি ভালদৰে মিহলি নোহোৱা পৰ্যন্ত ফেটি থাকিব। তাৰপিছত এটা এলুমিনিয়ামৰ পাত্ৰত অলপমান ঘি নাইবা ৰিফাইন তেল সানি এখন বগা কাগজ পাত্ৰটোত দি মিশ্ৰণ খিনি দি দিব আৰু কুকাৰত ভৰাই ৪০-৫০ মিনিট মান সময় কম জুইত সিজিবলৈ দিব। যেতিয়া কেকটো সিজিবলৈ আৰম্ভ কৰিব তেতিয়া কেকটো ফাটি নাযাবৰ বাবে কেকটোৰ ওপৰত মৌ নাইবা চেনী পানী অলপ মান দি কিছুসময় থৈ জুইৰ পৰা নামাই দিব। 

ভাৰতী পাতৰ বৰগোঁহাই

English Summary: Jackfruit Cake Recipes

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.