1. অন্যান্য

Ghosts of Assam: আপুনি ভূত দেখিছেনে? নাই দেখা যদি চাই লওক এই ছবি

KJ Staff
KJ Staff
যখিনী
যখিনী

আপুনি ভূত বিশ্বাস কৰেনে? বিশ্বাস কৰক বা নকৰক মুখে মুখে চলি অহা কোনো এটা ভূতৰ কাহিনী হয়তো আজিও আপোনাৰ মনত আছে। অসমীয়া জনজীৱনতো ভূতৰ এক বিশেষ স্থান আছে। বিভিন্ন ঠাইত বিভিন্ন নামেৰে এই ভূতবোৰৰ কাহিনী চলি আহিছে। এইসমূহৰ ভিতৰত বুঢ়া ডাঙৰীয়া, বাঁক, যখিনী আদি অন্যতম। জনশ্ৰুতিত চলি অহা এই কাহিনীৰ ভূতবোৰ কোনো কোনোৱে ক’ৰবাত দেখা বুলি কয়। কিন্তু এই ভূতবোৰৰ অবয়ব কেনেকুৱা?

অসমীয়া সমাজত জনশ্ৰুতিৰপৰা বিভিন্ন ভূতৰ বিষয়ে যি এক ধাৰণাৰ সৃষ্টি হৈছে, সেই ধাৰণাসমূহৰ ভিত্তিতে ভূতবোৰত একপ্ৰকাৰৰ প্ৰাণ সঞ্চাৰ কৰিছে চিন্ময় বাৰ্মা নামৰ যুৱকজনে। AI অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত চিন্ময়ে অসমীয়া পৰম্পৰাগত ভূতবোৰৰ এনে কিছুমান ছবি প্ৰস্তুত কৰিছে যাক দেখি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। এই ছবিবোৰ দেখাৰ পাছত হয়তো আজি নিশা আপোনাৰ টোপনি নাহিবও পাৰে।

কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত চিন্ময়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পিশাচ, যখিনী, কণভূত, বুঢ়া ডাঙৰীয়া আদিৰ ছবি ডাঙি ধৰিছে। যাৰ বাবে সম্প্ৰতি যথেষ্ট চৰ্চাত আছে চিন্ময় বাৰ্মাৰ নাম। মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীধাৰী চিন্ময়ৰ আছিল চিত্ৰকলা তথা চিনেমাৰ প্ৰতিও গভীৰ আকৰ্ষণ। সম্প্ৰতি চিনেমা নিৰ্মাণত বিশেষভাৱে মনোনিৱেশ কৰা চিন্ময়ে অসমীয়া পৰম্পৰাগত ভূতবোৰ ছবি আকাৰে এইদৰে মানুহৰ মাজলৈ উলিয়াই দিছে।  

পোৱালি ভূত
পোৱালি ভূত
যখিনী
যখিনী
বৰদৈচিলা
বৰদৈচিলা
বিৰা
বিৰা
বুঢ়া ডাঙৰীয়া
বুঢ়া ডাঙৰীয়া

লগতে পঢ়কঃ অসমৰ এই থলুৱা ফলবিধৰ নাম জানেনে? ৯০% লোকেই দিব পৰা নাই শুদ্ধ উত্তৰ

English Summary: Ghosts of assamese folklore comes alive in AI art by Chinmoy Burma

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.