1. অন্যান্য

প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ কেন্দ্রীয় চৰকাৰে মৰণােত্তৰভাৱে পদ্মভূষণ বঁটা আগবঢ়াইছে (Former Chief Minister of Assam Tarun Gogoi given Padma Bhushan Award posthously)

KJ Staff
KJ Staff
Former Chief Minister of Assam Tarun Gogoi given Padma Bhushan Award posthously
Former Chief Minister of Assam Tarun Gogoi given Padma Bhushan Award posthously

যোৱা কালি কেন্দ্রীয় চৰকাৰে ঘােষণা কৰা পদ্ম বঁটা অসমৰ মুঠ ৯জন ব্যক্তিয়ে লাভ কৰে। ইয়াৰে তৰুণ গগৈলৈ পদ্মভূষণৰ লগতে অন্য ৮জন ব্যক্তিক পদ্মশ্রীৰে সন্মানিত কৰা হৈছে। পদ্মশ্রী লাভ কৰিছে ক্রমে সমাজকর্মী লখিমী বৰুৱা, বীৰুবালা ৰাভা, কলা সাধক গােপীৰাম বৰগায়ন বুঢ়াভকত, দুলাল মাকি, ৰাজনীতিক বিজয়া চক্রবর্তী, শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত ইমৰান শ্বাহ, মংগল সিং হাজোৱাৰী, শিক্ষা-সাহিত্য আৰু সাংবাদিকতা ক্ষেত্ৰত ৰমেন শৰ্মাই। পদ্ম বিভূষণেৰে সন্মানিত কৰাসকলৰ ভিতৰত জাপানৰ প্রাক্তন প্রধানমন্ত্রী শ্বিনজো আবে সংগীতকাৰ এছ পি বালসুব্রমণিয়াম (মৰণােত্তৰভাৱে), কর্ণাটকৰ চিকিৎসক বেলে মনাপ্পা হেগড়েও আছে। এইবছৰ ৭জন ব্যক্তিলৈ পদ্মবিভূষণ আগবঢ়োৱা হয়। ইফালে লােকসভাৰ প্রাক্তন অধ্যক্ষা সুমিত্রা মহাজন, প্রধানমন্ত্রী প্রাক্তন প্রধান সচিব নৃপেন মিশ্র, প্রাক্তন কেন্দ্রীয় মন্ত্রী প্রয়াত ৰামবিলাস পাছােৱান (মৰণােত্তৰভাৱে) আৰু গুজৰাটৰ প্রাক্তন মুখ্যমন্ত্রী কেছুই পেটেলকে (মৰণােত্তৰভাৱে)ধৰি ১০জনলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে।

  এইবাৰ পদ্মশ্রী সন্মান লাভ কৰিছে ১০২জনে। পদ্ম বঁটা লাভ কৰাসকলৰ ভিতৰত ২৯গৰাকী মহিলা আৰু ১০জন প্রবাসী ভাৰতীয় আৰু বিদেশৰ ব্যক্তি। তদুপৰি ১৬জন ব্যক্তিলৈ মৰণােত্তৰভাৱে আৰু এজন তৃতীয় লিংগৰ ব্যক্তিলৈ সন্মানীয় পদ্ম বঁটা আগবঢ়োৱা হৈছে।

   যদি আপোলোকৰ এই লেখনিটো ভাল লাগিলে পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷ আপোনাকৰ সহায়ে আমাক আগুৱাই যাবলৈ অনুপ্রেৰণা যোগাব ৷

 

 

 

English Summary: Former Chief Minister of Assam Tarun Gogoi given Padma Bhushan Award posthously

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.