1. অন্যান্য

মৃত্যুৰ দুৱাৰডলিত অসম ৰাজ্যিক সমবায় কৃষি গ্রাম্য বিকাশ বেংক

KJ Staff
KJ Staff
Ascard Bank of Assam
Ascard Bank of Assam

     অসম চৰকাৰৰ চৰম অৱহেলাৰ বাবে সম্প্রতি মৃত্যুৰ দুৱাৰডলিত উপনীত হৈছে এছ কার্ডবেংক। ৰাজ্যৰ কৃষক আৰু ক্ষুদ্র উদ্যোগীৰ উন্নয়নৰ স্বাৰ্থত ১৯৫৫ চনতে ৰাজ্যৰ সমবায় খণ্ডত প্রতিষ্ঠা কৰা অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্রাম্য বিকাশ বেংক চমুকৈ এছকার্ড বেংকৰ .কর্মচাৰীসকলে সম্প্রতি মৃত্যুৰ ক্ষণ গণিবলগীয়া পৰিস্থিতিত পৰিছে। আজি এই গুৰুতৰ অভিযােগ উত্থাপন কৰিলে বেংকটোৰ কর্মচাৰীসকলে।

   এক সংবাদমেল পাতি  যোৱা কালি কৰ্মচাৰী সন্থাই তীব্র ক্ষোভ প্রকাশ কৰি কয় যে বেংকটোৰ ২৮টা শাখাৰ কর্মচাৰীয়ে ১৯৯৬ চনৰ পৰাই প্রাপ্য দৰমহাৰ পৰা বঞ্চিত হৈআছে। ইয়াৰ ফলত এইবেংকৰ কোনাে কর্মচাৰীয়ে যদি ৰাজপথত পাণদোকান দি পৰিয়াল পােহপাল দিবলগীয়া হৈছে আন কোনাে কর্মচাৰীয়ে অন্য লােকৰ ঘৰত হাজিৰা কৰিবলৈ বাধ্য হৈছে কর্মচাৰীসকলে বিভিন্ন হেঁচা প্রয়ােগ কৰিও বেংকটো পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক বাধ্য কৰিব পৰা নাই বুলি আক্ষেপ কৰি ইয়াৰ ফলতে বেংকটো সম্প্রতি মৃত্যু মুখত পৰিবলৈ আগবাঢ়িছেবুলি অভিযােগ কৰে। বেংকটো মৃত্যুমুখলৈ গতি কৰাৰ বাবে কেৱল বেংক কর্মচাৰীসকলৰে ক্ষতি হােৱা নাই। ইয়াৰ ফলত ৰাজ্যৰ কৃষক সমাজেও উচিত সেৱা লাভৰ পৰা বঞ্চিত হােৱা বুলি কৰ্মচাৰী সন্থাই প্রকাশ কৰে। বেংকৰ বহু গুৰুত্বপূর্ণ নথিপত্র আৰু আচবাব জহি-খহিনষ্ট হৈপৰা বুলিও তেওঁলােকে অভিযােগ কৰে। আনহাতে, বেংকটোৰ পৰিচালনাৰ বাবে চৰকাৰে ২০১৮ চনত সমবায় বিভাগৰ যুটীয়া সঞ্চালক ঘন পেগুক দায়িত্বভাৰ অৰ্পণ কৰিছিল।

    কিন্তু যােৱা দুটা বছৰে তেওঁ কার্যালয়ত ভৰি দিবলৈ নােযােৱা বুলি কৰ্মচাৰী সন্থাই গুৰুতৰ অভিযােগ উত্থাপন কৰে। আনহাতে, ৰাজ্যৰ সমবায় বিভাগৰ দায়িত্বত থকা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যয়াে আজিকোপতি বেংকটোৰ কাৰ্যালয়ত ভৰি দিবলৈ নগ’ল বুলিও সন্থাই তীব্র ক্ষোভ প্রকাশ কৰে।

English Summary: Ascard bak of assam going to closed due to state govt ignorence

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.