
Kumar Sangakkara
ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ (আই পি এল) ফ্রেন্সাইজী ৰাজস্থান ৰয়েলছে দেওবাৰে শ্ৰীলংকাৰ প্রাক্তন অধিনায়ক তথা উইকেটকীপাৰ কুমাৰ ছাংগাক্কাৰাক পৰৱর্তী সংস্কৰণৰ(2021)ৰ বাবে দলৰ ক্রিকেট ডিৰেক্টৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘােষণা কৰিছে। বর্তমান এম চি চিৰ অধ্যক্ষ ছাংগাক্কাৰাই ৰাজস্থানৰ সম্পূর্ণ আন্তঃগাঁথনিৰ ওপৰত নিৰীক্ষণ কৰিব। তাৰ উপৰি তেওঁৰ ওপৰত থাকিব নাগপুৰত থকা ৰাজস্থান ৰয়েলছৰ ক্রিকেট একাডেমি উন্নয়নৰ দায়িত্ব। মন কৰিবলগীয়া যে ১৬ বছৰীয়া আন্তর্জাতিক ক্রিকেট কেৰিয়াৰত ছাংগাক্কাৰাই ২৮ হাজাৰৰাে অধিক ৰান কৰিছে।