1. News

Insecticide Act : খানাপাৰত কীটনাশক দ্ৰব্যৰ অপপ্ৰয়োগ ৰোধ সন্দৰ্ভত কৰ্মশালা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
খানাপাৰত কীটনাশক দ্ৰব্যৰ অপপ্ৰয়োগ  ৰোধ সন্দৰ্ভত কৰ্মশালা
খানাপাৰত কীটনাশক দ্ৰব্যৰ অপপ্ৰয়োগ ৰোধ সন্দৰ্ভত কৰ্মশালা

অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'Prescriptive use of Pesticide and enforcement of Insecticide Act 1968' সন্দৰ্ভত এদিনীয়া কৰ্মশালা৷ ৰাজ্যৰ বিভিন্ন জিলাত কৰ্মৰত কৃষি বিষয়াসকলে এই কৰ্মশালাখনিত অংশগ্ৰহণ কৰে৷

মানৱ স্বাস্থ্য তথা জীৱ-জন্তুৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কীটনাশকৰ প্ৰস্তুতকৰণ, বিক্ৰী, পৰিবহণ, বিতৰণ আৰু ব্যৱহাৰ নিয়ন্ত্ৰণৰ উদ্দেশ্য গ্ৰহণ কৰা 'Insecticide Act 1968' আইনখনৰ বিষয়ে কৰ্মশালাত অংশগ্ৰহণকাৰী সমল ব্যক্তিসকলে বিশদভাৱে ব্যাখ্যা আগবঢ়ায়৷
লগতে পঢ়ক-

Hydroponic কৃষি পদ্ধতি কি? কম ঠাইতে কেনেকৈ কৰিব এই পদ্ধতিত খেতি!

সম্প্ৰতি মাটিৰ গুণাগুণ অটুট ৰাখি মাটি, পানী, বায়ু তথা মানৱ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ বাবে খেতিপথাৰত ৰাসায়নিক সাৰ তথা কীটনাশক দ্ৰব্যৰ অপপ্ৰয়োগ ৰোধত গুৰুত্ব আৰোপ কৰি কৃষি বিভাগৰ তৰফৰপৰা কেন্দ্ৰীয় তথা জিলা পৰ্যায়ত কাৰ্যদল গঠন কৰি কৃষক ৰাইজ তথা কীটনাশকৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত সজাগতা তথা নিৰীক্ষণ অভিযান চলাই থকা হৈছে৷ পৰৱৰ্তী পৰ্যায়ত কৰ্মশালাত অংশগ্ৰহণকাৰী কৃষি বিষয়াসকলৰ তত্ত্বাৱধানত এই সজাগতা তথা নিৰীক্ষণ অভিযানক অধিক প্ৰসাৰতা প্ৰদান কৰাই এই কৰ্মশালাৰ উদ্দেশ্য৷

কৰ্মশালাত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ (ASOCA) সঞ্চালক মৌচম হাজৰিকা, কৃষি বিভাগৰ যুটীয়া সঞ্চালকদ্বয় মধুৰাম পাটিৰী আৰু ড° নৃপেন মেধি, অসম কৃষি বিশ্ববিদ্যালয়ৰ Entomology বিভাগৰ মুখ্য বিজ্ঞানী ড° চাহিদুৰ ৰহমান, চিলঙনী আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড° ৰুদ্ৰ নাৰায়ণ বৰকাকতি, কৃষি সঞ্চালকালয়ৰ Pest Surveillance বিষয়া আজিম আহমেদ প্ৰমুখ্যে অন্যান্য বিষয়াববীয়াসকল উপস্থিত থাকে৷

লগতে পঢ়ক- 

৫০০ থলুৱা ধানৰ বীজ আৰু বিপন্ন শস্যৰ বীজ সংৰক্ষণ

English Summary: Workshop on prevention of pesticide abuse in Khanapar

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.