1. News

আগন্তুক উৎসৱসমূহত ভোকেল ফৰ লোকেলত গুৰুত্ব দিবলৈ আহ্বান মোডীৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
vocal for local : Modi
vocal for local : Modi

২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্ম বার্ষিকী উপলক্ষে আৰু আহি থকা ঋতুকালীন উত্সৱসমূহত ‘ ভোকেল ফৰ লোকেল ’ অভিযান প্ৰবল কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন কি বাতত জনসাধাৰণক আহ্বান জনায় ।  তেওঁ কয় যে জনসাধাৰণে খাদী , স্থানীয় হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীৰ লগতে স্থানীয় সামগ্রীসমূহো কিনা উচিত । মোদীয়ে কয় যে উৎসৱৰ উদ্যমে দেশখন আৱৰি ধৰিছে ।

ভাৰতীয় উৎসৱসমূহত শৃংখলা আৰু সংযমৰ মাজেৰে সিদ্ধি লাভৰ এটা গভীৰ বাৰ্তা লুকাই আছে । তেওঁ কয় যে দশেৰাৰ পাছত পালন কৰা হ'ব ধনছে আৰু দীপাৱলী । মোদীয়ে কয় যে এই উৎসৱসমূহৰ সৈতে ‘ ভোকেল ফৰ লোকেল’ৰ সংকল্প জড়িত হৈ আছে ।

লগতে পঢ়ক- দিখৌমুখত মীনপালকৰ পুখুৰীত বিহ দিলে দুৰ্বৃত্তই

উৎসৱৰ সময়ছোৱাত পেকিং আৰু পেকেজিঙৰ বাবে পলিথিনৰ বেগ ব্যৱহাৰ কৰা কথাটোত প্রধানমন্ত্ৰীয়ে অসন্তুষ্টি প্রকাশ কৰে আৰু কয় উৎসৱবোৰত পলিথিনৰ আৱৰ্জনা ভাৰতীয় উৎসৱবোৰৰ পৰিপন্থী ।

তেওঁ জনসাধাৰণক কেৱল স্থানীয়ভাৱে উৎপাদিত নন প্লাষ্টিক বেগ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে মৰাপাট , কপাহ , কলগছৰ আঁহৰ আৰু তেনেকুৱা বহু পৰম্পৰাগত বেগৰ ব্যৱহাৰ পুনৰ বৃদ্ধি পাইছে ।

লগতে পঢ়ক- হেমকোষৰ ব্ৰেইলী সংস্কৰণ : দৃষ্টিহীনলোকে পঢ়িব পৰাকৈ প্ৰস্তুত কৰা হৈছে হেমকোষ

English Summary: vocal for local : Modi

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.