1. News

ৰাজ্যত ৯৫ শতাংশ ৰাজ সাহায্যত ১২৮ স্থানত স্থাপন কৰিব কৃষি যন্ত্রপাতি বেংক

KJ Staff
KJ Staff
Village Level Farm Machinaries Bank-2
Village Level Farm Machinaries Bank-2

কৃষকসকলৰ সুবিধাৰ বাবে অঞ্চলে অঞ্চলে কৃষি যন্ত্রপাতি বেংক স্থাপনৰ সুবিধা আগবঢ়াবলৈ সাজু হৈছে কৃষি বিভাগ। ৯৫ শতাংশ ৰাজসাহায্যত ৰাজ্যখনৰ ১২৮টা অঞ্চলত কৃষি যন্ত্রপাতি বেংক স্থাপনৰ বাবে কৃষি বিভাগে ইতিমধ্যে কাৰ্যব্যৱস্থা হাতত লৈছে। জানিব পৰা মতে কৃষক উৎপাদক কোম্পানী, কৃষক উৎপাদক গোট, আত্মসহায়ক গোট, পথাৰ পৰিচালনা সমিতি আদিলৈ চৰকাৰে এই সুবিধা আগবঢ়াব। যিসমূহ কৃষক উৎপাদক গোট বা কোম্পানী, আত্মসহায়ক গোট আদিয়ে কৃষি যন্ত্রপাতি বেংক  স্থাপন কৰিবলৈ আগ্রহী হয়, তেনে গোট বা কোম্পানীক যন্ত্রপাতি ক্ৰয় কৰাত ৫ শতাংশ ৰাজসাহায্য আগবঢ়াব।

অথবা মুঠ বায়ৰ ওপৰত সর্বোচ্চ ৯.৫০ লাখ টকা ৰাজসাহায্য হিচাপে আগবঢ়াব। জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰৰ কৃষি যান্ত্ৰিকীকৰণ উপ-আঁচনিৰ অধীনত ২০২২-২৩ বৰ্ষত মুঠ ১২৮টা গাঁও পৰ্যায়ৰ কৃষি যন্ত্রপাতি বেংক স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বেংকসমূহৰ বাবে কৃষক উৎপাদক কোম্পানীসমূহে ৰাজসাহায্যত ট্ৰেক্টৰ, বোটাভেটৰ, পাৱাৰ টিলাৰ, প্ৰেচাৰ, ৰিপাৰ আদি ক্ৰয় কৰিব পাৰিব। বেংকত মজুত কৰা এই কৃষি যন্ত্রপাতিসমূহ স্থানীয় কৃষকে ভাৰালৈ লৈ ব্যৱহাৰ কৰাৰ সুযোগ পাব।

লগতে পঢ়ক- 

কৃষকৰ পক্ষত সদায় ভাৰতীয় কৃষি সাংবাদিক সন্থা

উল্লেখযোগ্য যে কৃষি কৰ্মৰ বাবে মানৱ সম্পদৰ অভাৱ হৈ অহাত যন্ত্রপাতি ব্যৱহাৰৰ গুৰুত্ব বৃদ্ধি পাইছে। আনহাতে, কম সময়ৰ ভিতৰত অধিক খেতি কৰিবৰ বাবেও যন্ত্ৰপাতিৰ ব্যৱহাৰ অতি জৰুৰী। ইতিমধ্যে পঞ্জাব, হাৰিয়ানা, তেলেংগানা আদিত যন্ত্রপাতিৰ ব্যৱহাৰৰ জৰিয়তে সেই ৰাজ্যসমূহ কৃষি কৰ্মৰ জৰিয়তে আগুৱাই যাবলৈ সক্ষম হৈছে। উন্নত মানৰ কৃষি সা-সঁজুলি ব্যৱহাৰ কৰি কৃষি কৰ্মত নিয়োজিত হোৱা বাবে পঞ্জাব, হাৰিয়ানাই আজি দেশৰ আন ৰাজ্যৰ লগতে বিদেশলৈ চাউল, আটা আদি ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।

গতিকে, কেন্দ্ৰীয় চৰকাৰৰ কৃষি যান্ত্ৰিকীকৰণৰ উপ-আঁচনিৰ অধীনত কৃষি যন্ত্রপাতি বেংক স্থাপনৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপ স্বাভাৱিকতে আদৰণীয়। কিন্তু ইয়াক কাৰ্যত সফল কৰি তুলিবলৈ হ'লে আঁচনিখনৰ সন্দৰ্ভত কৃষক তথা কৃষক উৎপাদক কোম্পানীসমূহ অৱগত হ'ব লাগিব। এই ক্ষেত্ৰত জিলা কৃষি বিষয়াসকলে কৃষকসকলক এই আঁচনিখনৰ সন্দৰ্ভত বিতং অৱগত কৰাব লাগিব। অন্যথা ৯৫ শতাংশ ৰাজসাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰাৰ পাছতো আঁচনিখন অসমত সফল হোৱাত ব্যঘাত জন্মিল।

 

লগতে পঢ়ক-

নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল

English Summary: Village Level Farm Machinaries Bank-2

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.