1. News

কৃষকসকলৰ বাবে এটা ঐতিহাসিক দিন হ’বলৈ গৈ আছে- ৬, ৭ আৰু ৮ ডিচেম্বৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Upcoming Millionaire Farmer of India Awards 2023
Upcoming Millionaire Farmer of India Awards 2023

৬, ৭ আৰু ৮ ডিচেম্বৰ- এই তিনিটা দিন দেশৰ কৃষকসকলৰ বাবে এটা ঐতিহাসিক দিন হ’বলৈ গৈ আছে। এই তিনিটা দিনতে দেশৰ প্ৰগতিশীল কৃষকসকলে লাভ কৰিব এক মঞ্চ। এই মঞ্চৰ পৰা দেশৰ কৃষক, যুৱ-প্ৰজন্মলৈ এক বাৰ্তা যাব। এক সম্ভাৱনাৰ। কাৰণ এই তিনিটা দিনতেই দেশৰ কৃষি খণ্ডৰ বিভিন্নক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা মিলিয়নাৰ কৃষকসকলক পৰিচয় কৰাই দিব দেশৰ অগণন কৃষকক।

কৃষিৰে জড়িত হৈয়ো এজন ব্যক্তি মিলিয়নাৰ যে হব পাৰে সেই কথা প্ৰমাণ। ইয়ে দেশৰ কৃষকসকলক নিজৰ কৰ্মক্ষেত্ৰত স্থিতি নেহেৰোৱাবলৈ, একগ্ৰতাৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। সাধাৰণতে আমাৰ দেশৰ কৃষকসকলৰ অৱস্থা একেবাৰে বেয়া। কৃষকসকলৰ এই অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি বহুলোকে কৃষিৰে জড়িত কাম-কাজৰ পৰা অলপ দূৰত্ব বজাই ৰাখে। আৰু কৃষক মানেই বহুতে ভাৱে দুখিয়া আৰু দৰিদ্ৰ- কিন্তু এই পৰম্পৰাগত ধাৰণাটো সলনি কৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে লৈ আহিছে - MFOI - Millionaire Farmer of India Awards 2023।

লগতে পঢ়ক- 

MFOI Award 2023: ১৫ টা শিতানত কৃষকসকলক পুৰস্কৃত কৰিব কৃষি জাগৰণে

কৃষিখণ্ডৰে সকলোবোৰ দিশক সাঙুৰি কৃষক আৰু কৃষিখণ্ডৰে ব্যক্তিসকলক সন্মান জনাব। কৃষিখণ্ডৰ বিভিন্ন শিতানত কৃষকসকলক Millionaire Farmer of India Awards 2023 অত জনাব সন্মান। কৃষিৰ লগতে গো-পালক, মীনপালক, কুকুৰা পালক, সমবায় সমিতি, কৃষক উতপাদক কোম্পানীসমূহক।

কৃষকসকল, আপোনালোকেও MFOI - Millionaire Farmer of India Awards 2023 অংশ হ’বলৈ পাৰিব। আৰু যদি আপুনিও কৃষিৰ লগতে কৃষিৰ আনুষাংগিক দিশসমূহৰ লগত জড়িত হৈ পাৰদৰ্শিতা দেখুৱাবলৈ সন্মুখীন হৈছে। তেন্তে দেৰি নকৰি আজিয়েই আপোনাৰ নাম পঞ্জীয়ন কৰক। নাম পঞ্জীয়নৰ বাবে https://millionairefarmer.in/as/ ভিজিট কৰক। পৰৱৰ্তী সময়ত আমাৰ আয়োজক সমিতিয়েই যোগাযোগ কৰি সবিশেষ জনাব।

লগতে পঢ়ক- 

১৭ বছৰে ভেঞ্চাৰ স্কুলত বিনা বেতনে শিক্ষাদানৰ লগতে কৰি আহিছে খেতি

English Summary: Upcoming Millionaire Farmer of India Awards 2023

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.