1. News

এইবাৰো ১০ লাখ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য অসম চৰকাৰৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
এইবাৰো ১০ লাখ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য অসম চৰকাৰৰ
এইবাৰো ১০ লাখ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য অসম চৰকাৰৰ

এইবাৰো ১০ লাখ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য অসম চৰকাৰৰ। ২০২২-২৩ কৃষি বৰ্ষৰ বাবে মুঠ ছটা প্ৰতিষ্ঠানক ধান ক্ৰয়ৰ দায়িত্ব ৷ ইয়াৰে চাৰিটা কেন্দ্ৰীয় আৰু দুটা ৰাজ্য চৰকাৰৰ অধীন। ২০২১-২২ বৰ্ষত ধান ক্ৰয় কৰাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ'ল যদিও পুনৰ ২০২২-২৩ বৰ্ষত কৃষকৰ পৰা শালিধান ক্ৰয়ৰ বাবে চৰকাৰে প্ৰতিষ্ঠানসমূহক লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পূৰ্বতে ১৯৪০ টকা আছিল ধানৰ নন্যূতম সমৰ্থন মূল্য আছিল ইয়াৰ বিপৰীতে ২০২২-২৩ বৰ্ষত ২০৪০ টকা নিৰ্ধাৰণ কৰি দিছে।

মনকৰিবলগীয়া যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই কৃষকসকলে ধানৰ প্ৰাপ্য মূল্য লাভ কৰা দিশটোৰ প্ৰতি লক্ষ্য কৰি নন্যূতম সমৰ্থিত মূল্যত ১০ লাখ মেট্ৰিক টন লাভ ক্ৰয় কৰাৰ নিৰ্দেশ দিছিল বিভাগীয় কৰ্তৃপক্ষক।

লগতে পঢ়ক-

বিশ্বখ্যাত লয়ড কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত যোৰহাটৰ এজন অসমীয়া যুৱক

উদ্দেশ্য ভাল আছিল যদিও কৃষকসকলে চৰকাৰী প্ৰতিষ্ঠানসমূহত ধান বিক্ৰি কৰি পানী খাবলগীয়া অৱস্থাৰ সৃষ্ট হৈছিল। ধান ক্ৰয় কৰাৰ পাছতো ৬ পৰা ৭ মাহলৈ লাভ কৰা ধান বিক্ৰি কৰাৰ ধন। তিনিচুকীয়াৰ প্ৰায় ৮০ জনমান কৃষকে ধান বিক্ৰি কৰি পইচা নাপাই আদালতৰ কাষ চাপিবলগীয়া হৈছিল।

উল্লেখযোগ্য যে যোৱা কৃষি বৰ্ষটোত কুইণ্টলে প্রতি ন্যূনতম সমর্থিত মূল্য ১৯৪০ টকাত অসমৰ কৃষকৰ পৰা শালি আৰু বৰোধান মুঠ ১০ লাখ মেট্রিক টন ক্ৰয় কৰাৰ নিৰ্দেশ দিছিল। কিন্তু প্রতিষ্ঠানসমূহে নিৰ্ধাৰিত লক্ষ্যৰ পৰা মাত্র ৫২ শতাংশ ধানহে কৃষকৰ পৰা ক্ৰয় কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক- 

পকাধানৰ মাজে মাজে অসম চৰকাৰৰ ধান কটা মেচিন

English Summary: The government targeting to procure 1 million metric tonnes paddy

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.