1. News

অসমৰ কৃষি অৰ্থনীতি সলনি কৰিব 'নুমলী’য়ে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
'Numali' will change the agricultural economy of Assam
'Numali' will change the agricultural economy of Assam

অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ক'লাধানৰ  চাউলৰ ভাত খাই অসমৰ জনসাধাৰণে অধিক  পৰিপুষ্টি অৰ্জন কৰাই নহয় এই ধানৰ খেতি কৰি অসমত কৃষকসকল অধিক উপকৃত হোৱাৰ দিশে আগবাঢ়িছে । অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভৱ কৰা এই কলাধানে বিঘাই প্ৰতি ১০-১২ মোনকৈ লাভ কৰিবলৈ সক্ষম হৈছে কৃষকসকল।

ৰাজ্যৰ কৃষকসকলে ইতিমধ্যে কলাধানৰ খেতি চপাবলৈ আৰম্ভ কৰিছে। অসমৰ ক'লা ধানৰ পথ প্ৰদৰ্শক তথা ক'লা ধানৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা কৃষক উপেন্দ্ৰ ৰাভাৰ ক'লা ধান চপোৱাৰ প্ৰস্তুতি চলাইছে। শেহতীয়াকৈ তেওঁৰ ধান চপোৱা কাৰ্যৰ শুভ উদ্বোধন কৰে গোৱালপাৰাৰ উপায়ুক্ত খনিন্দ্ৰ চৌধুৰীয়ে।

লগতে পঢ়ক-

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

 

ইফালে শনিবাৰে গোলাঘাটৰ মেৰাপানীৰ গমাৰিগুৰি গাঁৱত পৰীক্ষামূলকভাৱে কৰা ক'লাধানে এক সম্ভাৱনা কঢ়িয়াই আনিছে ৰাজ্যৰ কৃষিখণ্ডলৈ। এই ধান খেতি পৰিদৰ্শন কৰিয়েই অসম কৃষি  বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই  কয়- "আমাৰ পথাৰ আমাৰ বজাৰ তেতিয়াহে সফল হ'ব যেতিয়া আমি পথাৰখনক বজাৰলৈ ৰূপান্তৰ কৰিব পাৰিম। কৃষকে কেৱল উৎপাদনৰ  লগতে বজাৰৰ দিশৰ ওপৰতো গুৰুত্ব দিব লাগিব। কেৱল  কৰিব লাগে কাৰণে খেতি কৰাৰ সলনি হিচাপ-নিকাচ ভালকৈ কৰিব লাগিব। ধান কাটি ওজন লোৱালৈকে সকলো চাই কৃষিক প্ৰকৃতপক্ষে বাণিজ্যলৈ  ৰূপান্তৰ কৰিব লাগিব।"

অসমৰ ক'লা ধানৰ পথ প্ৰদৰ্শক উপেন্দ্ৰ ৰাভাৰ ক'লা ধানৰ খেতিপথাৰত ধান চপোৱা কাৰ্যসূচী শুভাৰম্ভ গোৱালপাৰৰ উপায়ুক্তৰ
অসমৰ ক'লা ধানৰ পথ প্ৰদৰ্শক উপেন্দ্ৰ ৰাভাৰ ক'লা ধানৰ খেতিপথাৰত ধান চপোৱা কাৰ্যসূচী শুভাৰম্ভ গোৱালপাৰৰ উপায়ুক্তৰ

ইফালে মেৰাপানীৰ চাউদাং পথাৰ  গাঁৱত অসম কৃষি বিশ্ববিদ্যালয়ে পৰীক্ষামূলকভাৱে কৰা 'নুমলী'  ধানৰ ধান কটা কাৰ্ষ শুভাৰম্ভ কৰি  ড° অশোক ভট্টাচাৰ্যই  কয় যে অহা বৰ্ষত নুমলী ধানেও অসমৰ কৃষিখণ্ডলৈ এটা বিৰাট পৰিৱৰ্তন আনিব। অহাবৰ্ষত অসম কৃষি বিশ্ববিদ্যালয়ে 'নুমলী' নামৰ এই কম সময়তে হোৱা ধানবিধৰ জাতো  অসমৰ কৃষকৰ মাজত মুকলি কৰি দিব।

লগতে পঢ়ক- 

এবিঘা মাটিত খেতি কৰি ২-৩ মাহতে ৬০ হাজাৰ টকা কেনেকৈ ইনকাম কৰিব!

English Summary: 'Numali' will change the agricultural economy of Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.