1. News

মধ্যভোগীৰ মাধমাৰ নোখোৱাকৈ তেঁতেলিয়াৰ ১৫০০ গৰাকী কৃষকে কৰিছে নিজৰ উৎপাদিত শস্যৰ ব্যৱসায়

PANKAJ KHANIKAR
PANKAJ KHANIKAR

গুৱাহাটীৰ ডিমৰীয়া অঞ্চলৰ কেইজনমান যুৱক এতিয়া বহুজনৰ আদৰ্শ হৈ পৰিছে। অঞ্চলটোৰ ১৫০০ গৰাকী কৃষকে পৰিকল্পিতভাৱে খেতি আৰু উৎপাদিত শস্যৰ ব্যৱসায়েৰে নজিৰ সৃষ্টি কৰিছে। খেতিত ব্যয় হোৱা ধনতকৈ তেঁতেলীয়াৰ এই কৃষকসকলে দুগুণ উপাৰ্জন কৰিছে বুলি জানিবলৈ দিছে সংবাদমাধ্যমক।

কাৰণ কৃষককেইগৰাকীয়ে 'তেঁতেলীয়া এগ্র অৰ্গেনিক প্রডিউচাৰ কোম্পানী লিমিটেড'নামৰ এটা কোম্পানী স্থাপন কৰিছে। কৃষকসকলে নিজৰ পথাৰত উৎপাদিত শস্যসমূহ বিক্ৰিৰ বাবে তেঁতেলীয়া এগ্র অৰ্গেনিক প্রডিউচাৰ কোম্পানী লিমিটেড' স্থাপন কৰিছে। ইয়াৰ ফলত কৃষকসকলে বজাৰখন নিজৰ হাতৰ মুঠিত ৰাখিছে আৰু মধ্যভোগীৰ নিজক বচাই ৰাখিব নোৱাৰে।

বহু সময়ত এনে মধ্যভোগীৰ জালত পৰি বহু কৃষকে ব্যয়তকৈ কম দৰত অৰ্থাত ১০ টকা যদি ১ কেজি তিয়ঁহ উতপাদন খৰচ হৈছে আৰু মধ্যভোগীক বিক্ৰি কৰিব লগীয়া হৈছে ৭ টকা দৰত। ইফালে মধ্যভোগী বেপাৰীয়ে ১০ টকাত কিনা তিয়ঁহখিনি ৫০ টকা দৰত বিক্ৰি কৰিব। কিন্তু মধ্যভোগীৰ এই মাধমাৰ খোৱা নাই তেঁতেলীয়াৰ এই কৃষকসকলে। তেওঁলোক নিজেই বজাৰ সৃষ্টি কৰি উৎপাদিত সামগ্ৰীসমূহ বিক্ৰি কৰি উচিত দাম লাভ কৰিছে।

লগতে পঢ়ক- 

কৃষকসকে কিষাণ কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব ডেৰ লাখ টকাৰ লোণ

ৰাজ্যৰ ভিন্নপ্ৰান্তৰ কৃষকসকলে মধ্যভোগী তেঁতেলীয়া অঞ্চলৰ কৃষকসকলৰ আদৰ্শ গ্ৰহণ কৰি মধ্যভোগীৰ মাধমাৰ পৰা ৰক্ষা পাব পাৰে। যেতিয়ালৈকে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীসমূহৰ মূল্য নিৰ্ধাৰণ নিজে কৰিব নোৱাৰিব তেতিয়ালৈকে অসমৰ কৃষকসকলে মধ্যভোগীৰ মাধমাৰ খাই থাকিব। কৃষকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ নিজেই মূল্য নিৰ্ধাৰণ কৰিবলৈ হ’লে বজাৰখন হাতৰ মুঠিত ৰাখিব লাগিব। এইক্ষেত্ৰত ভোটজলকীয়া খেতিয়ক ভৱেন শালৈ, ধনীৰাম চেতিয়াৰ আৰ্হি অসমৰ কৃষকসকলে ল’ব পাৰে। তেওঁলোকে শস্যসমূহৰ উতপাদনৰ লগতে বজাৰখন নিজৰ হাতৰ মুঠিত ৰাখিছে আৰু লাভান্বিত হৈছে। থিক তেঁতেলীয়াৰ উল্লিখিত কৃষকসকলৰ দৰেই।

লগতে পঢ়ক- 

কৃষক ৰাইজৰ জ্ঞাতার্থে… গাঁওসমূহত কৃষি বিভাগে স্থাপন কৰিব কৃষি যন্ত্রপাতিৰ বেংক

English Summary: NO middleman No loss

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.